ETV Bharat / state

কোন কোন বিশ্ববিদ্যালয়ে পাতিব কি কি বিভাগৰ নিযুক্তি পৰীক্ষা ? - কোন কোন বিশ্ববিদ্যালয়ে পাতিব কি কি বিভাগৰ নিযুক্তি পৰীক্ষা?

এতিয়াৰে পৰা আৰু কোনো বিভাগৰ নিযুক্তিৰ পৰীক্ষা পাতিবলৈ কোনো ব্যক্তিগত প্ৰতিষ্ঠানক চৰকাৰে দায়িত্ব নিদিয়ে । ইয়াৰ বিপৰীতে বিভিন্ন বিশ্ববিদ্যালয়ক বিভাগসমূহৰ পৰীক্ষা পাতিবলৈ দায়িত্ব দিয়া হ’ব নাইবা সংশ্লিষ্ট বিভাগে নিজাকৈ অনুষ্ঠিত কৰিব লাগিব পৰীক্ষা । বুধবাৰে কেবিনেটে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷

appointment exam conduct by universities Guwahati assam etv bharat news
অসম বিশ্ববিদ্যালয় শিলচৰ
author img

By

Published : Oct 8, 2020, 6:18 PM IST

গুৱাহাটী,8 অক্টোবৰ : বুধবাৰে বিয়লি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । ইয়াৰে এটা অন্যতম সিদ্ধান্ত আছিল ৷ এতিয়াৰে পৰা আৰু কোনো বিভাগৰ নিযুক্তিৰ পৰীক্ষা পাতিবলৈ কোনো ব্যক্তিগত প্ৰতিষ্ঠানক চৰকাৰে দায়িত্ব নিদিয়ে । ইয়াৰ বিপৰীতে বিভিন্ন বিশ্ববিদ্যালয়ক বিভাগসমূহৰ পৰীক্ষা পাতিবলৈ দায়িত্ব দিয়া হ’ব নাইবা সংশ্লিষ্ট বিভাগে নিজাকৈ অনুষ্ঠিত কৰিব লাগিব পৰীক্ষা । শেহতীয়াকৈ আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰীৰ বাবেই চৰকাৰে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷

appointment exam conduct by universities Guwahati assam etv bharat news
জলসিঞ্চন বিভাগৰ পৰীক্ষা পাতিব তেজপুৰ বিশ্ববিদ্যালয়ে

বুধবাৰে কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে ইটিভি ভাৰতৰ হাতত আহি পৰিছে এক আছুতীয়া তথ্য । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক কৰ্তৃত্বশীল সূত্ৰই ইটিভি ভাৰতৰ আগত সদৰী কৰিছে এই খবৰ । কোনখন বিশ্ববিদ্যালয়ক কি কি বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চৰকাৰে দায়িত্ব দিবলৈ সিদ্ধান্ত লৈছে সেই খবৰ আহি পৰিছে ই টিভি ভাৰতৰ হাতত । সেই অনুসৰি শিলচৰৰ অসম বিশ্ববিদ্যালয়ক ন্যস্ত কৰা হ’ব সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগত খালী হৈ থকা পদ পূৰণৰ পৰীক্ষা পতাৰ দায়িত্ব । একেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ক দায়িত্ব দিয়া হ’ব বন আৰু পৰিৱেশ, উদ্যোগ আৰু বাণিজ্য, দক্ষতা বিকাশ, আবকাৰী আৰু পৰিবহণ বিভাগৰ পৰীক্ষাৰ । অনুৰূপভাৱে আৰক্ষী, গৃহৰক্ষী, কাৰাগাৰ, শ্ৰম, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হ’ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ক । জলসিঞ্চন বিভাগত খালী হৈ থকা পদ পূৰণৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ তেজপুৰ বিশ্ববিদ্যালয়ক দায়িত্ব দিবলৈ চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ উপৰিও আৰু কেইবাটাও বিভাগৰ পৰীক্ষা পতাৰ দায়িত্ব ভগাই দিয়া হ’ব বিভিন্ন বিশ্ববিদ্যালয়ক ।

বন আৰু পৰিৱেশ বিভাগৰ পৰীক্ষা পাতিব গুৱাহাটী বিশ্ববিদ্যালয়ে

লগতে চাওকঃ শিৱসাগৰ আৰক্ষীৰ জালত চিলনী চোৰৰ দল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.