ETV Bharat / state

APDCL Tariff Exemption : বণিক গোষ্ঠীক ২১ কোটি টকা বিজুলী বিল ৰেহাই দিয়াৰ অভিযোগ APDCLৰ বিৰুদ্ধে - Barak Ispat PVT LTD

বিদ্যুৎ চুৰি কৰা উদ্যোগক 21 কোটি টকাৰ মাচুল ৰেহাই দিলে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ৷ এই অভিযোগ তথ্যসহ উত্থাপন কৰিছে আম আদমি পাৰ্টীয়ে ৷ বৰাক ইস্পাত প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোক ২৫.৪৩ কোটি টকাৰ বিলৰ ঠাইত মাত্ৰ ৪.৩৩ কোটি টকা মাচুল আদায় দিয়াৰ নিৰ্দেশ দিয়া বুলি অভিযোগ উত্থাপিত হৈছে (APDCL Tariff Exemption)।

APDCL Tariff Exemption
বণিক গোষ্ঠীক ২১ কোটি টকা বিজুলী বিল ৰেহাই দিয়াৰ অভিযোগ APDCLৰ বিৰুদ্ধে
author img

By

Published : Nov 28, 2022, 10:15 PM IST

গুৱাহাটী, 28 নৱেম্বৰ : সঘন বিদ্যুৎ মাচুল বৃদ্ধিৰে ৰাজ্যবাসীক মাধমাৰ শোধাই অহা এ পি ডিচি এলে বিদ্যুৎ চুৰ কৰা পুঁজিপতিৰ উদ্যোগক কোটি টকাৰ মাচুল ৰেহাই দিয়া বুলি অভিযোগ কৰিছে আপ অসমে (AAP Assam)৷ এই সম্পৰ্কত সোমবাৰে আপ অসমৰ গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা হয় এখন সংবাদমেল ৷

সংবাদমেলত আপ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই অভিযোগ কৰি কয় যে লোকচানৰ দোহাই দি সঘনাই বিদ্যুৎ মাচুল বৃদ্ধি কৰা এ পি ডি চি এলে পুঁজিপতি গোষ্ঠীৰ উদ্যোগ এটাক ২১ কোটি টকা বিদ্যুৎ মাচুল ৰেহাই দিছে (APDCL Tariff Exemption)। বিদ্যুৎ চুৰি কৰাৰ বাবে এই উদ্যোগটোক ২৫.৪৩ কোটি টকাৰ বিল দিছিল এ পি ডি চি এলে । কিন্তু ৰহস্যজনকভাৱে APDCL Empowered committee এ উক্ত উদ্যোগটোক ২১ কোটি টকা ৰেহাই দি মাত্ৰ ৪.৩৩ কোটি টকা মাচুল আদায় দিয়াৰ নিৰ্দেশ দিছিল ।

যোৱা জুলাইত এ পি ডি চি এলে এই বৃহৎ কেলেংকাৰি সংঘটিত কৰিছে বুলি তেওঁ অভিযোগ কৰে । বৰাক ইস্পাত প্ৰাইভেট লিমিটেড(Barak Ispat PVT LTD) নামৰ উদ্যোগটোক ৰেহাই দিছে ২১ কোটি টকা । যি সময়ত সাধাৰণ গ্ৰাহকে ৫০০/৬০০ টকা বিল নিদিলেই বিদ্যুৎ কর্তন কৰে, সেই সময়ত এ পি ডি চি এলে বৰাক ইস্পাত প্ৰাইভেট লিমিটেডক এক-দুই কোটি নহয়, ২১ কোটি টকাৰ মাচুল ৰেহাই দিয়াৰ আঁৰত বৃহৎ কেলেংকাৰি আছে বুলি আপৰ নেতাগৰাকীয়ে উল্লেখ কৰে ।

বণিক গোষ্ঠীক ২১ কোটি টকা বিজুলী বিল ৰেহাই দিয়াৰ অভিযোগ APDCLৰ বিৰুদ্ধে

জিতুল ডেকাই কয় যে পুঁজিপতি উদ্যোগ গোষ্ঠীক মাছুল ৰেহাই দি এ পি ডি চি এলে সাধাৰণ লোকৰ ওপৰত বৰ্ধিত মাচুল আৰোপ কৰাৰ কোনো অধিকাৰ নাই । এপি ডি চি এলৰ empowered committee ৰ নিৰ্দেশ অনুসৰি বৰাক ইস্পাতৰ আবেদন বিবেচনা কৰি প্ৰতিষ্ঠান টোক ২৫.৪৩ কোটি টকাৰ পৰিবৰ্তে মাত্ৰ ৪.৩৩ কোটি টকা আদায় দিবলৈ কৈছিল । লগতে ভৱিষ্যতে বিদ্যুৎ চুৰি নকৰিবলৈ সকিয়াই দিছে৷

কিন্তু এয়া কিদৰে সম্ভৱ হ’ল ? সততে লোকচানত চলি থকাৰ অজুহাত দেখুৱাই সঘনাই বিদ্যুৎ মাচল বৃদ্ধি কৰা এ পি ডি চি এলে বৰাক ইস্পাতক কিদৰে মাচুল ৰেহাই দিয়াৰ সিদ্ধান্ত দিলে ? এয়া অপৰাধ, দুর্নীতি, ভ্ৰষ্টাচাৰ নহয় জানো বুলি প্ৰশ্ন কৰি আপন নেতাগাকীয়ে কয় যে, ৰাজহ বৃদ্ধিত গুৰুত্ব দিয়া এ পি ডি চি এলে বৰাক ইস্পাতক ২১ কোটি টকাৰ মাচুল ৰেহাই দিয়াৰ কাৰণ ৰাজহুৱা কৰিব লাগিব ।

যোৱা আগষ্ট মাহত ৰাজ্যৰ সাধাৰণ বিদ্যুৎ গ্ৰাহকৰ পৰা দুগুণ, তিনিগুণতকৈ অধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰি ব্যাপক লুণ্ঠন চলাইছিল এ পি ডি চি এলে । সেই সময়ত ৰাজ্যজুৰি ইয়াৰ প্ৰতিবাদ হৈছিল । ফলত মুখ্যমন্ত্ৰীয়ে এয়া স্মার্ট মিটাৰৰ বিসংগতিৰ বাবে হোৱা বুলি টুইট কৰিছিল (Smart electric meter in Assam)।

ইয়াৰ বিপৰীতে এ পি ডি চি এলে স্মার্ট মিটাৰৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধি নহয় বুলি পৰস্পৰ বিৰোধী মন্তব্য দিছিল । আনহাতে বিভাগীয় মন্ত্ৰী নন্দিতা গার্লচাই এই সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰি তদন্তৰ বাবে সমিতি বনোৱাৰ কথা ঘোষণা কৰিছিল । মন্ত্ৰী পীযুষ হাজৰিকাই আকৌ কৰ্মচাৰীৰ মাহে মাহে দৰমহা বৃদ্ধি হোৱাৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধি হৈছে বুলি অতি তৰল মন্তব্য আগবঢ়াইছিল ।

এ পি ডি চি এলে অতিৰিক্তভাৱে আদায় লোৱা মাচুলল পৰৱৰ্তী সময়ত মিলাই দিয়া হ’ব বুলি মোবাইল নম্বৰ ৰাজহুৱা কৰিছিল৷

কিন্তু ৰাজ্যৰ জনসাধাৰণে ইয়াৰ দ্বাৰা কোনো সমাধান নাপালে৷ অতিৰিক্ত মাচুল কিদৰে মিলাব সেয়া আজিলৈকে ৰাজহুৱা নহ'ল ৷ এই সন্দৰ্ভত জিতুল ডেকাই বিভাগীয় নিৰ্দেশনাৰ তথ্য দাঙি ধৰি কয় যে- যোৱা 1 ছেপ্টেম্বৰত Chief General Maneger ( Com&EE ) এ পত্ৰযোগে এ পি ডি চি এলৰ সমূহ ইলেকট্ৰিকেল চাৰ্কুলাৰত আগষ্ট মাহত বিল সংগ্ৰহ সন্তোষজনক নহয় বুলি কোৱাৰ লগতে ক্ষতিপূৰণৰ বাবে ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে ।

পৰৱৰ্তী সময়ত ৰাজ্যৰ গ্ৰাহকৰ পৰা ছেপ্টেম্বৰ মাহত অত্যাধিকভাবে মাচুল আদায় লোৱা হয়৷ এই সন্দৰ্ভত ৰাজ্যজুৰি প্ৰতিবাদ হয় (APDCL bill hike)। যাৰ ফলত বিদ্যুৎ মাচুল বৃদ্ধিৰ বিষয়টো তদন্ত কৰি ২৬ ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিবেদন দিবলৈ এ পি ডি চি এলৰ পৰিচালন সঞ্চালকে ইং ২০/৯/২০২২ তাৰিখে এখন বিভাগীয় জাননী প্ৰকাশ কৰে । কিন্তু আজিলৈ এই তদন্তত কি ওলাল কোনেও নাজানে ।

আপৰ যুটীয়া সমন্বয়ক জিতুল ডেকাই আন এক তথ্য দাঙি দেখুৱাই কয় যে কি দৰে আগষ্ট মাহত মুঠ ৫৭১৫৭ ইউনিট বিল অহা হোজাই চাৰ্কোলত ছেপ্টেম্বৰ মাহত মুঠ ৮২২১৬১ ইউনিট বিল হৈছিল । অর্থাৎ ছেপ্টেম্বৰ মাহত অত্যাধিকভাৱে হোজাই চাৰ্কোলত ৭৬৫০০৪ ইউনিট বিল বৃদ্ধি হৈছিল ।

তেনেদৰে চামগুৰি, লংকা, কোকৰাঝাৰ, বৰপেটা, মঙলদৈ আদি চাৰ্কোলত ছেপ্টেম্বৰ মাহত অত্যাধিকভাৱে বৃদ্ধি হোৱা ইউনিটৰ তথ্য জিতুল ডেকাই ৰাজহুৱা কৰে । এই অস্বাভাৱিক বিদ্যুৎ মাচুল বৃদ্ধি বৰাক ইস্পাতৰ দৰে উদ্যোগক মাচুল ৰেহাই দিয়াৰ কাৰণ হ'ব পাৰে বুলি আপ অসমে সন্দেহ প্ৰকাশ কৰিছে৷

বৃহৎ উদ্যোগ গোষ্ঠীক কোটি টকাৰ বিদ্যুৎ মাছুল ৰেহাই দি সেই ক্ষতি সাধাৰণ ৰাইজৰ মূৰত জাপি দিছে । জিতুল ডেকাই এই সমগ্ৰ ঘটনাৰ চি বি আই তদন্ত দাবী কৰে৷ সংবাদমেলত আপৰ যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত ডুবে আৰু যুটীয়া সম্পাদক অম্লান হাতী বৰুৱাও উপস্থিত আছিল ।

লগতে পঢ়ক : Primary schools in Assam: ৮ মাহত দুকুৰি দিনো পাঠদান হোৱা নাই প্ৰাথমিক বিদ্যালয়সমূহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.