ETV Bharat / state

ফেচবুকৰ এখন ফটোক লৈ কংগ্ৰছত পুনৰ বিসম্বাদৰ উকমুকনি

author img

By

Published : Sep 9, 2022, 9:35 PM IST

কংগ্ৰেছত অব্যাহত আছে বিসম্বাদ ৷ এইবাৰ সামাজিক মাধ্যমত নিজ দলৰ নেতৃত্বৰ ফটোতে দলৰ বিৰুদ্ধে ক্ষোভ উজাৰি মন্তব্য কৰিলে কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (APCC vice president Rana Goswami) ৷

APCC vice president Rana Goswami
ফেচবুকৰ এখন ফটোক লৈ কংগ্ৰছত পুনৰ বিসম্বাদৰ উকমুকনি

গুৱাহাটী, 9 ছেপ্টেম্বৰ: কংগ্ৰেছত বিসম্বাদে লগ নেৰা হৈছে । বিভিন্ন নিৰ্বাচনত বাৰে বাৰে মুখথেকেচা খোৱাৰ পাছতো কংগ্ৰেছ দলৰ ভিতৰ চ’ৰাত বিসম্বাদ অব্যাহত আছে । শেহতীয়াভাৱে দেশত কংগ্ৰেছৰ ভাৰত জড়ো যাত্ৰা কাৰ্যসূচী চলি থকাৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছৰ বিসম্বাদে পুনৰ মূৰ দাঙি উঠিছে (Dissension in Assam congress)।

এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি বিসম্বাদৰ সূত্ৰপাত আৰম্ভ কৰিছে । অসম প্ৰদেশ কংগ্ৰেছৰ ফেচবুক পেজৰ এখন ফটোত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৰাজহুৱাকৈ ক্ষোভ উজাৰিছে । অসম প্ৰদেশ কংগ্ৰেছৰ ফেচবুক পেজত(Assam congress facebook page) আপলোড দিয়া ফটোখনত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (APCC vice president Rana Goswami) ক্ষোভ উজাৰি দিয়া মন্তব্যই কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত তীব্ৰ খলকনি তুলিছে ।

একাংশ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীয়েও অসম প্ৰদেশ কংগ্ৰেছৰ ফেচবুক পেজত আপলোড দিয়া ফটোখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিসম্মাদৰ সূত্ৰপাত আৰম্ভ কৰা দেখা গৈছে । উল্লেখ্য যে, দিল্লীত ভাৰত জড়ো যাত্ৰা কাৰ্যসূচীত (Bharat Jodo Yatra in Delhi) অংশগ্ৰহণ কৰিবলৈ যোৱা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাসহ(APCC president Bhupen Bora) সাংসদ প্ৰদুৎ বৰদলৈ, গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদে একেলগে থিয় হৈ থকা এখন ফটো অসম প্ৰদেশ কংগ্ৰেছৰ ছচিয়েল মিডিয়া টীমে ফেচবুকত আপলোড কৰিছে ।

উক্ত ফটোখনক লৈ অসম প্ৰদেশ কংগ্ৰেছৰ ফেচবুক পেজত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে তীব্ৰ বিষোদগাৰ কৰিছে(Rana Goswami comments on party leaders photo)। তেওঁ লিখিছে, "এই ফটোখন চাই এতিয়া ৰাজহুৱাকে একো কমেণ্ট নকৰোঁ কাৰণ মই দলৰ এজন সৈনিক৷ কিন্তু হাজাৰ হাজাৰ দলীয় নিস্বাৰ্থ কৰ্মীৰ স্বাৰ্থত মাত মাতিবই লাগিব , কিন্তু দলীয় সভাত মুক্তহস্তে.." ৷ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ এই মন্তব্যক লৈ কংগ্ৰেছৰ ভিতৰচ’ৰাত চলি থকা বিসম্বাদৰ পুনৰ উকমুকনি হোৱা দেখা গৈছে ।

অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ এই মন্তব্যক সমৰ্থন কৰি ফেছবুক পেজটোত একাংশ কংগ্ৰেছ কৰ্মীয়ে বিধায়ক ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে । উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ ভিতৰচ’ৰাতো এক বিসম্বাদৰ উমান পোৱা গৈছে । অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ একাংশ কৰ্মীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তৰ বিৰুদ্ধেও ভিতৰি ভিতৰি অসন্তুষ্টি প্ৰকাশ কৰি আছে ।

এনে পৰিস্থিতিত বিজেপিৰ বিৰুদ্ধে দেশৰ জনগণক একগোট কৰাৰ বাবে কংগ্ৰেছ দলে আৰম্ভ কৰা ভাৰত জড়ো যাত্ৰাৰ সময়তে দলৰ ভিতৰচ’ৰাত আৰম্ভ হোৱা এনেধৰণৰ বিসম্বাদে দলটোৰ ভৱিষ্যত অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।

লগতে পঢ়ক: হায়দৰাবাদত অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থকা সভাত অথন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.