ETV Bharat / state

Congress slams BJP : ‘আচ্ছে দিন'ৰ স্বপ্ন দেখুৱাই দেশবাসীক ঠগিলে প্ৰধানমন্ত্ৰী মোডীয়ে: মনজিৎ মহন্ত

দেশজুৰি এছ বি আই আৰু এল আই চিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব কংগ্ৰেছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়েও প্ৰতিখন জিলাতে প্ৰতিবাদ সাব্যস্ত কৰিব (APCC to protest)। সংবাদমেলত পুঁজিপতিৰ স্বাৰ্থত কাম কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা মনজিৎ মহন্তৰ ।

Congress slams BJP
প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা মনজিৎ মহন্তৰ
author img

By

Published : Feb 4, 2023, 3:54 PM IST

প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা মনজিৎ মহন্তৰ

গুৱাহাটী,৪ ফেব্ৰুৱাৰী : বিজেপিৰ ছত্ৰছায়াত পুঁজিপতি আদানিয়ে কৰা সর্ববৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ দেশজোৰা আন্দোলন ঘোষণা (Congress to protest in India)। এল আই চি, এছ বি আইৰ সন্মুখত দেশজুৰি প্ৰতিবাদ ঘোষণা কংগ্ৰেছৰ । "আচ্ছে দিন"ৰ সপোন দেখুৱাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে কোটি কোটি মানুহক সৰ্বস্বান্ত কৰাৰ অভিযোগ অসম প্ৰদেশ‌ কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ মনজিৎ মহন্তৰ (APCC leader Manjit Mahanta slams PM Modi)।

তেওঁৰ অভিযোগ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয় আদানি আৰু আম্বানীৰ স্বাৰ্থত কাম কৰাৰ বাবে দেশৰ সাধাৰণ মানুহৰ আৰ্থিক অৱস্থাৰ কোনো উন্নয়ন হোৱা নাই । গুৱাহাটীৰ ৰাজীৱ ভৱনত শনিবাৰে অনুষ্ঠিত এক সংবাদমেলত অসম প্ৰদেশ‌ কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ মনজিৎ মহন্তই এই অভিযোগ কৰি কয় যে "আচ্ছে দিন"ৰ সপোন দেখুৱাই প্রধানমন্ত্রী মোডীয়ে দেশৰ কোটি কোটি মানুহক সৰ্বস্বান্ত কৰিছে ।

যাৰ বাবে বিজেপিৰ ছত্ৰছায়াত আদানিয়ে কৰা কেলেংকাৰীৰ বিৰুদ্ধে কংগ্ৰেছে দেশত আন্দোলন ঘোষণা কৰিছে (Congress to protest against Adani controversy)। তেওঁ জনোৱা মতে দেশৰ এল আই চি আৰু এছ বি আইৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা হ'ব । তেওঁ লগতে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ বন্ধু আৰু এচাম বছা বছা কোটিপতিক ধনৱান কৰিবলৈ উঠি পৰি লাগিছে বিজেপি চৰকাৰ ।

নৰেন্দ্ৰ মোডীৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা হঠকাৰী নীতিক লৈ সমগ্ৰ দেশবাসী আৰু বিশেষকৈ মধ্যবিত্ত শ্রেণী আজি অতিশয় উদ্বিগ্ন আৰু চিন্তিত হৈ পৰিছে বুলি তেওঁ দাবী কৰে । প্রধানমন্ত্ৰীৰ ঘনিষ্ঠ বন্ধু আদানিৰ ব্যৱসায়িক প্রতিষ্ঠানৰ দ্বাৰা এল আই চি (লাইফ ইঞ্চুৰেঞ্চ কৰ্প'ৰেচন) আৰু এছ বি আই (ষ্টেট বেংক অৱ ইণ্ডিয়া)ৰ দৰে চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানত অত্যন্ত বিপজ্জনক লেনদেন তথা বিনিয়োগ কৰোৱাৰ পৰিণতিত আজি এল আই চিৰ ২৯ কোটি 'পলিচী'ধাৰী আৰু এছ বি আইৰ ৪৫ কোটি 'একাউণ্ট'ধাৰীক ভয়ংকৰ বিপদলৈ ঠেলি দিলে ।

এই ঠগবাজি আৰু লুটপাতৰ বিৰুদ্ধে দেশৰ জনতাৰ স্বাৰ্থত কংগ্ৰেছে সংগ্রামী কাৰ্যসূচী গ্ৰহণ কৰিছে । সাংবাদিকসকলক সম্বোধন কৰি মহন্তই কয় যে প্রধানমন্ত্ৰীগৰাকীৰ নিৰ্দেশত এল আই চিয়ে আদানি গ্রুপত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিবলৈ বাধ্য হৈছিল । যাৰ পৰিণতিত বিগত কেইদিনমানৰ ভিতৰতে এল আই চিৰ ৩৯ কোটি 'পলিচী'ধাৰী আৰু বিনিয়োগকাৰীয়ে প্রায় ৩৩,০৬০ কোটি টকাৰ লোকচানৰ ভাৰ মূৰ পাতি ল'ব লগীয়া হৈছে ।

একেদৰে এছ বি আই আৰু অন্যান্য ৰাজহুৱা খণ্ডৰ বেংকেও মোডী চৰকাৰৰ হুকুমত বৃহৎ পৰিমাণৰ ঋণ দিবলৈ বাধ্য হৈছিল আদানি গ্রুপক । মহন্তই কয় যে আদানিৰ এই ভয়ানক লুণ্ঠনৰ বিৰুদ্ধে সমগ্ৰ ভাৰতজুৰি কংগ্ৰেছে অহা ৬ ফেব্ৰুৱাৰীত জিলাই জিলাই এল আই চি আৰু এছ বি আইৰ কাৰ্যালয়ৰ সন্মুখত প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব (APCC to protest in front of LIC and SBI)।

অসমতো প্রতিখন জিলাত কংগ্ৰেছ নেতাকর্মীসকলে এই অর্থনৈতিক কেলেংকাৰীৰ তদন্ত বিচাৰি সেইদিনা প্রতিবাদ সাব্যস্ত কৰিব । ইতিমধ্যে প্ৰতিখন জিলাত প্রস্তুতি আৰম্ভ কৰিবলৈ অসম প্রদেশ কংগ্ৰেছৰ তৰফৰ পৰা নিৰ্দেশনা দিয়া হৈছে বুলিও মহন্তই কয় ।

লগতে পঢ়ক :Eviction on NHAI land in Nagaon: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ভূমিৰ পৰা ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.