ETV Bharat / state

বিজেপি চৰকাৰৰ দিনত অপৰাধ প্ৰৱণতা বৃদ্ধিৰ অভিযোগ দুৰ্গা দাস বড়োৰ

author img

By

Published : Oct 3, 2020, 6:24 PM IST

গুৱাহাটী মহানগৰীৰ ৰাজীৱ ভৱনত শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৰ সংবাদমেল ৷ সংবাদমেলযোগে সোণোৱাল চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে মুখপাত্ৰ বড়োৱে ৷

APCC spokesperson Durga Das Bodo's press meet
প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৰ সংবাদমেল

গুৱাহাটী,3 অক্টোবৰ : শনিবাৰে গুৱাহাটী মহানগৰীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৰ ৷

সোণোৱাল চৰকাৰৰ বিৰুদ্ধে পোনপটীয়াকৈ অভিযোগ উত্থাপন কৰি মুখপাত্ৰ বড়োৱে কয় যে,‘‘চৰকাৰে অপৰাধ প্ৰৱণতা নিয়ন্ত্ৰণ কৰাৰ পদক্ষেপ গ্ৰহণ নকৰিলে ৷ চৰকাৰ তথা আমোলা বিষয়াসকলৰ এনে অপৰাধ প্ৰৱণতাৰ বাবেই বাহিৰৰ পৰা অহা আই এ এছ আৰু আই পি এছ বিষয়াসকল অসমৰ পৰা গুচি যাৱ লগা অৱস্থা হৈছে ৷ শূন্য সহনশীলৰ কথা কোৱা চৰকাৰখনে দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা নকৰিলে ৷ উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া জোৱেল গাৰ্লোচা ইয়াৰ প্ৰত্যক্ষ উদাহৰণ ৷ একাধিক হত্যাৰ অভিযোগ থকাৰ পাচতো বিজেপি চৰকাৰখনে গাৰ্লোচাক পৰিষদৰ চি ই এম পদত নিযুক্তি দিছে” ৷

লগতে তেওঁ কয় যে,‘‘বিগত বৰ্ষৰ পৰা প্ৰশাসন দল তথা চৰকাৰৰ বিষয়াসকলৰ মাজত অপৰাধৰ প্ৰৱণতা বৃদ্ধি পাইছে ৷ আমি চৰকাৰক যথেষ্ট সময় দিলো ৷ আজিলৈকে চৰকাৰ আৰু বিষয়া কৰ্মচাৰীৰ মাজত চৰকাৰে অপৰাধ নিয়ন্ত্ৰণকৰাৰ চেষ্টা কৰা দেখা নগ’ল ৷ বিধায়ক মৃণাল হাজৰিকা আৰু সাংসদ কুইন ওজাইয়ো মুকলিভাৱে উচতনিমূলক মন্তব্য দিছিল ৷ এজন মানুহ মাৰিলে দহজনক মাৰিবলৈ উচতনি দিছিল ৷ মৃণাল হাজৰিকা আৰু কুইন ওজাৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে’’ ৷

শেহতীয়াকৈ চাকৰি নিযুক্তিৰ ব্যাপক কেলেংকাৰী সন্দৰ্ভতো সোণোৱাল চৰকাৰক কটাক্ষ কৰে মুখপাত্ৰ দুৰ্গা দাস বড়োৱে ৷

লগতে পঢ়ক: শিলত চিত্ৰ অংকনেৰে কৰ’ণাৰ বিৰুদ্ধে সজাগতা সৃষ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.