ETV Bharat / state

কোম্পানীৰ দৰে চলিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ : প্ৰদেশ কংগ্ৰেছ - প্ৰদেশ কংগ্ৰেছ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ ৷ অসম প্ৰদেশ কংগ্ৰেছৰ নেতা বেদব্ৰত বৰা আৰু ৰাতুল কলিতাৰ সংবাদমেল ৷

APCC Slams CM Himanta Biswa Sarma
প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 4:47 PM IST

ৰাজ্য চৰকাৰ দেউলীয়া অৱস্থালৈ গতি কৰাৰ অভিযোগ কংগ্ৰেছৰ

গুৱাহাটী, 13 ডিচেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখন দেউলীয়া অৱস্থালৈ গতি কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতা বেদব্ৰত বৰা আৰু ৰাতুল কলিতাই ৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত বুধবাৰে অনুষ্ঠিত এখন‌ সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ নেতা বেদব্ৰত বৰাই অভিযোগ কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে যোৱা নৱেম্বৰৰ শেষলৈ ৰাজ্যিক বাজেটত নিৰ্ধাৰিত পুজিৰ ভিতৰত মাত্ৰ 43 শতাংশহে ব্যয় কৰিবলৈ সক্ষম হৈছে ৷

তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে 1 লাখ 41 হাজাৰ 589.62 কোটি টকাৰ ৰাজ্যিক বাজেট নিৰ্দ্ধাৰণ কৰিছিল ৷ যোৱা নৱেম্বৰৰ শেষলৈ দৰমহা, পেঞ্চন, ঋণৰ‌ সুত আদি ৰাজহ শিতানত 50 হাজাৰ 120.68 কোটি টকা খৰচ কৰিছে ৷ আকৌ মূলধনী শিতানত অৰ্থাৎ উন্নয়নমূলক শিতানত মাত্ৰ 11 শতাংশ অৰ্থাৎ 11 হাজাৰ‌ 452.34 কোটি টকা খৰচ কৰিছে ৷ তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে চলিত বছৰত এতিয়ালৈকে 1 লাখ 41 হাজাৰ কোটি টকাৰ ঋণ লৈছে ৷ অৰ্থাৎ বাজেট আৰু ঋণৰ পৰিমাণ সমান ৷

বৰাই অভিযোগ কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে 35 হাজাৰ টেট শিক্ষকৰ দৰমহা কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে ৷ ইয়াৰ‌ বিৰুদ্ধে টেট শিক্ষকে প্ৰতিবাদো কৰিছে ৷ তেওঁ কয়, ইয়াৰ পৰা দেখা যায় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখন দেউলীয়া অৱস্থালৈ গতি কৰিছে ৷

আনহাতে সংবাদমেলত কংগ্ৰেছ নেতা ৰাতুল কলিতাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ মিছলীয়া‌ মুখ্যমন্ত্ৰী ৷ বৰ্তমান অসমৰ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানীৰ চৰকাৰ‌ হৈ পৰিছে ৷ দৈনিক হিতাধিকাৰী সৃষ্টি কৰি ঋণ লৈছে ৷ এই ঋণ ৰাইজৰ ওপৰত জাপি দি‌ আছে ৷

কলিতাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰচাৰৰ দৌৰত দৌৰে, তেখেত টিআৰপিৰ ৰোগত আক্ৰান্ত হোৱাৰ দৰে হৈছে ৷ তেওঁ কেৱল নিজৰ মুখখন প্ৰচাৰ কৰাৰ বাবে যি ইচ্ছা তাকেই কৰি আছে ৷ লগতে এনেকুৱা এগৰাকী প্ৰৱঞ্চক আৰু সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী অসমে কেতিয়াও দেখা নাছিল আৰু দেখা নাপায় বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই ৷

লগতে পঢ়ক : খিলঞ্জীয়া অসমীয়াৰ প্ৰভুত্ব থকা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ সাহস নাই বিৰোধীৰ: জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.