গুৱাহাটী, ৮ মাৰ্চ : অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা ২০২১ বৰ্ষৰ পুৰণি প্ৰশ্ন কাকতেৰে অনুষ্ঠিত কৰিব । ছেবাৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । লগতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র মনজিৎ মহন্তই(APCC reacts on SEBA decision )।
পুৰণি প্ৰশ্নকাকত আৰু পুৰণি উত্তৰবহীৰে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰি ছেবাই অসমৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ ধ্বংস কৰিবলৈ লৈছে বুলি অভিযোগ কৰি তেওঁ ছেবাৰ হঠকাৰী সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰে। শিক্ষাৰ্থীসকলৰ ভৱিষ্যতকলৈ হেতালি নেখেলিবলৈ তেওঁ চৰকাৰক সকীয়াই দিয়ে। তেওঁ এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰি নতুন প্ৰশ্নকাকত আৰু নতুন উত্তৰ বহীৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ছেবাৰ প্ৰতি দাবী জনায় ।
তেওঁ কয় যে, বিগত বৰ্ষত ক'ভিডৰ বাবে পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল আৰু ২০২১ বৰ্ষৰ ৩০ শতাংশ পাঠ্যক্ৰম কৰ্তন কৰা হৈছিল । কিন্তু এইবাৰ ৪০ শতাংশ কৰ্তন কৰা হৈছে । পাঠ্যক্ৰমৰ ৩০ শতাংশ কৰ্তন কৰা যোৱাবাৰৰ প্ৰশ্নকাকতেৰে এইবাৰৰ পৰীক্ষা অনুষ্ঠিত কৰিব বিচৰা হৈছে । অথচ এইবাৰ পাঠ্যক্ৰম ৪০ শতাংশ কৰ্তন কৰা হৈছে। তেনেস্থলত শিক্ষাৰ্থীসকলৰ অৱস্থা কি হ'ব বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে ।
তেওঁ কয় যে এই কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় । আনহাতে, ২০২১ বৰ্ষৰ প্ৰশ্নকাকত ফাদিল নোহোৱাৰ কি গেৰাণ্টি আছে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে বিলাসিতাৰ বাবে কোটি কোটি টকা খৰচ কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এতিয়া প্ৰশ্নকাকত আৰু উত্তৰবহী চপোৱাৰ পইচা নোহোৱা হ'ল বুলি মন্তব্য কৰাৰ লগতে নতুন প্ৰশ্নকাকত আৰু উত্তৰবহীৰে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে তেওঁ দাবী জনায় ।
লগতে পঢ়ক : মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ সন্দৰ্ভত ছেবাৰ গুৰুত্বপূৰ্ণ জাননী