ETV Bharat / state

বিমান বন্দৰৰ বিষয়া-কর্মচাৰী সকলৰ আবাসিক ক্ষেত্রৰ লগ কি সম্পৰ্ক আদানিৰ ?

author img

By

Published : Sep 19, 2021, 5:14 PM IST

তিনি হাজাৰ বিঘা মাটিত অৱস্থিত বিশাল সম্পত্তি চৰকাৰে পানীৰ দৰত আদানিৰ হাতত গটাই দিলে নেকি । কেৱল মাত্র ১১৫ কোটি টকাৰ 'পাৰ্ফৰমেন্স গেৰাণ্টী ছিকিউৰিটি ডিপ'জিত' কৰি আৰু নতুন 'টাৰ্মিনেল'ৰ বাবে ইতিমধ্যে ব্যয় হোৱা ৩০০ কোটি টকাৰ বাবদ আদানি এণ্ড কোম্পানীয়ে লাভজনক বিমান বন্দৰটো ৫০ বছৰৰ বাবে নিজৰ কৰি ল'লে নেকি ? জানো আহক এই সম্পৰ্কে কি ক’লে প্ৰদেশ কংগ্ৰেছে ৷

apcc-reacts-on-airport-handover-adani
বিমান বন্দৰৰ বিষয়া-কর্মচাৰী সকলৰ আবাসিক ক্ষেত্রৰ লগ কি সম্পৰ্ক আদানিৰ ?

গুৱাহাটী, ১৯ ছেপ্তেম্বৰ : দেশৰ এটা অন্যতম লাভজনক বিমান বন্দৰ হিচাপে বিবেচিত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ ৰাইজৰ ব্যাপক আপত্তিৰ পাছতো কেন্দ্ৰীয় চৰকাৰে ৫০ বছৰৰ বাবে আদানিক লীজত দিলে । তিনি হাজাৰ বিঘা মাটিত অৱস্থিত এই বিশাল সম্পত্তি চৰকাৰে পানীৰ দৰত আদানিৰ হাতত গটাই দিলে ।

কেৱল মাত্র ১১৫ কোটি টকাৰ 'পাৰ্ফৰমেন্স গেৰাণ্টী ছিকিউৰিটি ডিপ'জিত' কৰি আৰু নতুন 'টাৰ্মিনেল'ৰ বাবে ইতিমধ্যে ব্যয় হোৱা ৩০০ কোটি টকাৰ বাবদ আদানি এণ্ড কোম্পানীয়ে এই লাভজনক বিমান বন্দৰটো ৫০ বছৰৰ বাবে নিজৰ কৰি ল'লে । দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র মনজিৎ মহন্তই ।

তেওঁ কয়- ' আদানী গ্ৰুপৰ সৈতে হােৱা চুক্তি অনুসৰি তেওঁলােকক বিমান বন্দৰটোৰ পৰিচালনা ব্যৱস্থাপনা আৰু উন্নয়নৰ দায়িত্ব ন্যস্ত কৰা হৈছে । আনহাতে বিমান বন্দৰৰ সকলাে কাৰিকৰী দিশ চাব লাগিব ভাৰতীয় বিমান বন্দৰ প্রাধিকৰণৰ অধীনৰ গুৱাহাটী বিমান বন্দৰৰ বিষয়া-কর্মচাৰীয়ে ।

তেওঁ পুনৰ কয়, ''মাথো মুনাফা লুটিব ব্যক্তিগত খণ্ডৰ বণিয়া কোম্পানীটোৱে । আদানি বাহিনীক বিমান বন্দৰটোৰ পৰিচালনা, ব্যৱস্থাপনা আৰু উন্নয়নৰ দায়িত্বহে ন্যস্ত কৰা হৈছে, কিন্তু তেওঁলােকৰ মূল বিমান বন্দৰৰ পৰা বহু আঁতৰত থকা বিষয়া-কর্মচাৰী সকলৰ আবাসিক ক্ষেত্রৰ লগত কি সম্পর্ক থাকিব পাৰে ?''

ইয়াৰ লগতে আবাসিক ক্ষেত্রৰ আবাস গৃহ সমূহাে নিজৰ দখললৈ আনিবলৈ আদানী বাহিনীয়ে তৎপৰতা চলােবাৰ আঁৰত কি ৰহস্য আছে বুলি তেওঁ প্ৰশ্ন কৰে । বিমান বন্দৰটোৰ প্রায় ২২০ বিঘাৰ কলনিত বিমান বন্দৰৰ বিষয়া-কর্মচাৰীৰ উপৰি ভাৰতীয় বিমান বন্দৰ প্রাধিকৰণৰ গুৱাহাটীস্থ মাণ্ডলিক মুখ্য কার্যালয়ৰ বহু বিষয়া কর্মচাৰীও থাকে। উত্তৰ-পূর্বাঞ্চলত মুঠ ১৩ টা বিমান বন্দৰ আছে । ইয়াৰে কেৱল লাভজনক গুৱাহাটীটোহে আদানীক দিয়া হৈছে বাকী ১২ টা বিমান বন্দৰৰ বিষয়া-কর্মচাৰীসকল বাবে মাত্র ১৫ শতাংশ মান মাটিহে আদানীয়ে এৰি দিছে বুলিও অভিযোগ কৰে তেওঁ ।

লগতে পঢ়ক : নিলয় দত্তৰ মৃত্যুত সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ শোক প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.