ETV Bharat / state

বিদ্যুৎ বিল বৃদ্ধিৰ আঁৰত মুখ্যমন্ত্রীয়ে লুটপাত চলোৱাৰ গুৰুতৰ অভিযোগ কংগ্ৰেছৰ - Excessive increase in electricity tariffs

বিদ্যুতৰ মাচুল বৃদ্ধি সন্দৰ্ভত সৰৱ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য (APCC General Secretary Apurba Kumar Bhattacharjee) ৷ বিদ্যুৎ বিলৰ নামত ৰাজ্যৰ সাধাৰণ জনতাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লুন্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।

APCC reaction to APDCL electricity tariff hike
বিদ্যুৎ বিল বৃদ্ধিৰ আৰত মুখ্যমন্ত্রীয়ে লুটপাত চলোৱাৰ গুৰুতৰ অভিযোগ কংগ্ৰেছৰ
author img

By

Published : Sep 19, 2022, 6:37 PM IST

গুৱাহাটী, 19 আগষ্ট: অস্বাভাৱিকভাৱে ৰাজ্যত হঠাতে বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল (Electricity tariff hike) । বহুতৰে বিদ্যুতৰ বিল পূৰ্বৰ বিলৰ তুলনাত দুগুণ হৈছে । বিদ্যুতৰ মাচুল বৃদ্ধি পোৱাক লৈ এতিয়া ৰাজ্যজুৰি সৰৱ চৰ্চা ।

শেহতীয়াকৈ, বিদ্যুতৰ মাচুল বৃদ্ধি সন্দৰ্ভত সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য (APCC General Secretary Apurba Kumar Bhattacharjee) ৷ বিদ্যুৎ বিলৰ নামত ৰাজ্যৰ সাধাৰণ জনতাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লুন্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে (Excessive increase in electricity tariffs)।

গুৱাহাটীৰ ৰাজীৱ ভৱনত সোমবাৰে অনুষ্ঠিত এক সংবাদমেলত অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই এই অভিযোগ কৰি কয় যে বিগত নিৰ্বাচন কালত অসমৰ ৰাইজক ৩০ ইউনিটকৈ বিদ্যুৎ শক্তি ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া সম্পূর্ণ ওলোটাখৰ মাৰি সৰ্বসাধাৰণ ৰাইজৰ বিদ্যুৎ বিল দুগুণ পর্যন্ত বৃদ্ধি কৰি সৰ্বকালৰ অভিলেখ ভংগৰে লুণ্ঠন চলাবলৈ আৰম্ভ কৰি দিছে ।

বিদ্যুৎ বিল বৃদ্ধিৰ আঁৰত মুখ্যমন্ত্রীয়ে লুটপাত চলোৱাৰ গুৰুতৰ অভিযোগ কংগ্ৰেছৰ

তেওঁ কয় - " বিদ্যুৎ মাচুল বৃদ্ধি সম্পৰ্কত মুখ্যমন্ত্ৰী, শক্তিমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ হৈ সততে ওকালতি কৰা 'টেকেলা' মন্ত্ৰী আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ' পি ডি চি এল)ৰ আনুষ্ঠানিক বক্তব্য সম্পূর্ণ বেলেগ বেলেগ কিয় সেয়া বুজিবলৈ কাৰো বাকী নাই । এই সমগ্ৰ প্ৰক্ৰিয়াটো সন্দেহজনক আৰু লুটৰাজৰ নামান্তৰ মাত্ৰ বুলি ভাবিবলৈ অনেক অৱকাশ আছে । এজন গ্ৰাহকৰ এটা মাত্ৰ সংযোগৰ বিপৰীতে বিদ্যুৎ 'বিল'ৰ ধনৰ পৰিমাণ দুটা কেনেকৈ হ'ব পাৰে ? অনলাইন বিলৰ ধনৰ পৰিমাণ আৰু ‘মিটাৰ ৰীডাৰে' দিয়া ধনৰ পৰিমাণ বেলেগ বেলেগ কিয় হৈছে ?

দেৰগাঁৱৰ জনৈক ভোগেশ্বৰ পাটোৱাৰীৰ 'অনলাইন' বিলত ধনৰ পৰিমাণ দেখুওৱা হৈছে ১,৮৫২ টকা আৰু 'মিটাৰ ৰীডাৰে' দিয়া 'বিল'ত পৰিশোধ কৰিবলগীয়া ধনৰ পৰিমাণ দেখুওৱা হৈছে ১,৭৮৩ টকা । সঁচা কোনটো, মিছা কোনটো? এইটো সামান্য তাৰতম্য । কিন্তু হঠাৎ বিদ্যুতৰ নিৰিখ নবঢ়োৱাকৈ গ্ৰাহকৰ পৰিশোধেয় ধনৰ পৰিমাণ দুগুণ-তিনিগুণ পর্যন্ত কিয় হৈছে ? নে ৰাইজৰ অগোচৰে বিদ্যুতৰ নিৰিখ বৃদ্ধি কৰি লুটপাত চলোৱা হৈছে ! মুখ্যমন্ত্ৰী, শক্তিমন্ত্ৰী, এ পি ডি চি এলে ইয়াৰ উত্তৰ অসমৰ ৰাইজক দিয়ক ।

তেওঁ লগতে কয় -" বিদ্যুৎ ‘বিল’ৰ নামত সংঘটিত কেলেংকাৰীৰ বাবে দায়ী কোন ? ইয়াৰ উপযুক্ত তদন্ত হ'বনে ? ‘স্মাৰ্ট-মিটাৰ'বোৰ আসোঁৱাহপূর্ণ নেকি ? নে ইয়াকো লৈ বৃহৎ কেলেংকাৰী সংঘটিত হৈছে ? ইয়াৰ তদন্ত হ'বনে নহয় ? তথ্য মতে অসমত প্ৰায় ৬২ লাখ বিদ্যুৎ গ্ৰাহক আছে । একোটা 'স্মার্টমিটাৰ'ৰ মূল্য প্ৰায় ৮,০০০ টকা বা ততোধিক ধাৰ্য্য কৰা হৈছে । অর্থাৎ অসমতে ‘স্মাৰ্টমিটাৰৰ ব্যৱসায় হ’ব ৫,০০০ কোটি টকাৰ । দেশত হ’ব ২ লাখ ৩০ কোটি টকাৰ ব্যৱসায় । ইয়াৰ আঁৰত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাটো নিশ্চিত ।" সকলো তথ্য চৰকাৰে ৰাজহুৱা কৰাৰ বাবে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই দাবী জনায় ।

লগতে পঢ়ক: গ্ৰাহককৰ পৰা অন্যায়ভাৱে লোৱা বিদ্যুতৰ মাচুল ঘূৰাই দিয়াৰ দাবী আপৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.