ETV Bharat / state

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ক'ভিডত আক্ৰান্ত

author img

By

Published : May 29, 2021, 2:16 PM IST

ক'ভিডত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতে শুকুৰবাৰে নিশা ৰিপুণ বৰাক ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ।

Ripun Bora Covid Positive
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ক'ভিডত আক্ৰান্ত

গুৱাহাটী,২৯ মে': ক'ভিডত আক্ৰান্ত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা । বৰ্তমান তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে । উল্লেখ্য যে, ক'ভিডত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতে নিশা ৰিপুণ বৰাক ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত । ফেচবুক পোষ্ট যোগে খোদ বৰাই ক'ভিডত আক্ৰান্ত হোৱাৰ কথা জনাইছে ।

তেওঁ ফেচবুকযোগে কয় 'ক'ভিড পজিটিভ হৈ আজিৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছো । বিগত কেইদিনত মোৰ সংস্পৰ্শলৈ অহা সকলো ব্যক্তিকে ক'ভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনালো' । উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৫,৪৩৬ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৮০ গৰাকীৰ মৃত্যু হৈছে ।

লগতে পঢ়ক: বিজনীত ড্ৰাগছসহ এজন আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.