ETV Bharat / state

Bhupen Bora reacts over alliance : কোনো কাৰণতে নিজৰ সিদ্ধান্ত সলনি নকৰে ভূপেন বৰাই ! - Bhupen Bora slams BJP govt

কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অটল আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (Bhupen Bora reacts over alliance with AIUDF)। অসমৰ উন্নয়ন কিয় স্তব্ধ হৈছে বুলি তেওঁ প্ৰশ্ন কৰে । লোকসভা নিৰ্বাচনৰ বাবে মিত্রতাকেন্দ্ৰিক আলোচনা হোৱা নাই ।

Bhupen Bora reacts over alliance
AIUDFৰে মিত্রতা প্ৰসংগত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া
author img

By

Published : Feb 14, 2023, 7:38 PM IST

AIUDFৰে মিত্রতা প্ৰসংগত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,১৪ ফেব্ৰুৱাৰী : "বিজেপিক নিৰ্বাচন খেলিবলৈ অসমৰ মানুহে টেক্স দিছে নেকি ।" এই প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । মঙলবাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰসংগত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ অসমৰ উন্নয়ন কিয় স্তব্ধ হৈ গ'ল বুলি চৰকাৰলৈ প্ৰশ্ন কৰি কয় যে, চৰকাৰে কিয় ঋণ লৈছে (Bhupen Bora slams BJP govt)।

প্ৰদেশ কংগ্ৰেছ বৰ্তমান পঞ্চায়ত নিৰ্বাচনক লৈ ব্যস্ত বুলি সদৰি কৰি তেওঁ কয় যে, লোকসভা নিৰ্বাচনক লৈ কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই । এ আই চি চিৰ অধিৱেশনৰ পাচত লোকসভা নিৰ্বাচনকেন্দ্ৰিক সিদ্ধান্তসমূহ হ'ব । এ আই ইউ ডি এফৰে মিত্রতাৰ ক্ষেত্রত দলৰ একাংশ নেতাৰ পোষকতা থকাৰ প্ৰসংগত তেওঁ কয় যে, প্ৰদেশ কংগ্ৰেছত এতিয়া কোনো ধৰণৰ বাদ-বিবাদ নাই । বৰং তেওঁ সংবাদ মাধ্যমক তেনে ধৰণৰ চেষ্টা নকৰিবৰ বাবে আহ্বান জনায় ।

মিত্রতাৰ বিষয়টোত প্ৰদেশ কংগ্ৰেছ নিজৰ স্থিতিত অটল আছে বুলি সদৰি কৰি তেওঁ কয় যে, নিখিল ভাৰত কংগ্ৰেছ কমিটিও প্ৰদেশ কংগ্ৰেছৰ সমৰ্থনত আছে (Bhupen Bora reacts over alliance with AIUDF)। ৰাহুল গান্ধীৰ সমৰ্থন থকা বাবেই পাঁচমহীয়া পদ যাত্রাত পাঁচ মিনিটৰ বাবেও এ আই ইউ ডি এফক নিমন্ত্ৰণ নজনালে । কিবা কাৰণত এ আই ইউ ডি এফৰে মিত্রতা হ'লে কি কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, তেওঁ নিজৰ সিদ্ধান্ত তথা স্থিতিত অলৰ-অচৰ হৈ আছে । কোনো কাৰণতে তেওঁ নিজৰ সিদ্ধান্ত সলনি নকৰে ।

৩০ বছৰীয়া ৰাজনৈতিক জীৱনত কথা সলনি কৰা নাই বুলি তেওঁ দৃঢ়তাৰে কয় । বি টি আৰৰ ৰাজনীতিৰ ক্ষেত্রত দলৰ সৈতে তেওঁৰ মতৰ পাৰ্থক্য আছিল বুলি তেওঁ সদৰি কৰে । তেওঁ লগতে কয় যে এজেপি, ৰাইজৰ দল, চি পি আই, চি পি আই এম আদি দলৰ সৈতে সৌহাৰ্দপূৰ্ণ সম্পৰ্ক ৰাখি কথা পাতিছে । লোকসভা নিৰ্বাচনৰ বাবে মিত্রতাকেন্দ্ৰিক আলোচনা এতিয়াও হোৱা নাই ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্রত কংগ্ৰেছ দল প্ৰস্তুত আছে বুলি সদৰি কৰি তেওঁ কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লেও কংগ্ৰেছ চিন্তিত নহয় আৰু নহ'লেও চিন্তিত নহয় (Bhupen Bora reacts over constituency delimitation)। ভিত্তিবৰ্ষক লৈ ন্যায়ালয়ৰ শুনানি প্ৰক্ৰিয়া সন্দৰ্ভত তেওঁ কয় যে, কংগ্ৰেছ ন্যায়ালয়ৰ সিদ্ধান্তৰ অপেক্ষাত আছে । ইফালে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ প্ৰসংগত তেওঁ কয় যে, বিধানসভাৰ অধ্যক্ষৰ আশীৰ্বাদ আছে ।

শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজৰ বাবে জনোৱা আবেদনৰ প্ৰসংগত বিধানসভাৰ অধ্যক্ষই সিদ্ধান্ত ওলমাই নাৰাখি প্ৰকাশ কৰিব লাগে বুলি তেওঁ কয় । আনহাতে এ আই ইউ ডি এফৰে মিত্রতাৰ ক্ষেত্রত তেওঁৰ স্থিতি মুখেৰে কৈ থকাতকৈ লিখি দিব বুলি সদৰী কৰে ।

লগতে পঢ়ক :Congress Rejects AIUDF’s Proposal: এ আই ইউ ডি এফৰে মিত্ৰতাৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছত বিভাজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.