ETV Bharat / state

যিয়ে যেনে কাম কৰিব তেনে ফলাফলেই পাব: শ্বেৰমান আলীক লৈ ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ সন্দৰ্ভত টেলিফোনিক মন্তব্য প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ যিয়ে যেনে কাম কৰিব তেনে ফলাফলেই পাব বুলি কিয় ক’লে ভূপেন বৰাই ? সবিশেষ আমাৰ এই বিশেষ প্ৰতিবেদনত ৷

apcc-president-bhupen-boras-reaction-on-sherman-alis-arrest
যিয়ে যেনে কাম কৰিব তেনে ফলাফলেই পাব: শ্বেৰমান আলীক লৈ ভূপেন বৰাৰ প্ৰতিক্ৰিয়া
author img

By

Published : Oct 2, 2021, 9:37 PM IST

গুৱাহাটী, ২ অক্টোবৰ: শ্বহীদক ঘাতক আখ্যা দি বাঘবৰ সমষ্টিৰ বহুবল্কী কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদক শনিবাৰে সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত ইটিভি ভাৰতৰ আগত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । বৰাই কয় - " যিয়ে যেনে কাম কৰিব তেনেকুৱা ফলাফলেই লাভ কৰিব ।''

তেওঁ লগতে কয় যে, শ্বেৰমান আলী আহমেদে শ্বহীদ সন্দৰ্ভত যি অবাঞ্চিত মন্তব্য কৰিছিল সেয়া কেতিয়াও গ্ৰহণযোগ্য হব নোৱাৰে । যাৰ বাবে দলৰ ফালৰ পৰা তেওঁলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছিল । দলীয় সংবিধান মতে কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ পোন্ধৰ দিনৰ ভিতৰত দিবলৈ সময় দিব লাগে যদিও বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি তিনি দিনৰ সময় তেওঁক দিয়া হৈছিল ।

যিয়ে যেনে কাম কৰিব তেনে ফলাফলেই পাব: ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

দেওবাৰে অৰ্থাৎ তিনি অক্টোবৰ তাৰিখে সন্ধিয়া এই সময়সীমা উকলিব । গতিকে, তেওঁ উত্তৰ দিলেও বা নিদিলেও দেওবাৰে দলে তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷ ইপিনে, বিধায়ক গৰাকীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই পুনৰ কয় " আইনে নিজৰ কাম কৰিছে । তাত আমাৰ কবলগীয়া একো নাই । যিয়ে যেনে কাম কৰিব তেনে ফল ভূগিবই লাগিব ।"

লগতে পঢ়ক : অসম চুক্তি ৰূপায়ণঃ চৰকাৰে গঠন কৰি দিলে বিশেষ সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.