ETV Bharat / state

Amrit Brikshya Andolan : চৰকাৰৰ গছপুলি ৰোপণ কাৰ্যসূচীতো কিবা অভিসন্ধি আছে ; ভূপেন বৰা - প্ৰদেশ কংগ্ৰেছ

চৰকাৰে গছপুলি ৰোপণ কৰি বিশ্ব অভিলেখ কৰা বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ৷ চৰকাৰৰ গছপুলি ৰোপণ কাৰ্যসূচীতো কিবা অভিসন্ধি আছে ৷ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

APCC President Bhupen Borah Criticizes CM
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 4:10 PM IST

গছপুলি ৰোপণ কাৰ্যসূচীক লৈ চৰকাৰক সমালোচনা ভূপেন বৰাৰ

গুৱাহাটী, ১১ ছেপ্টেম্বৰ : বিনা অভিসন্ধিত বিজেপিয়ে কাম নকৰে ৷ চৰকাৰৰ গছপুলি ৰোপণ কাৰ্যসূচীতো কিবা অভিসন্ধি আছে ৷ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ সংবাদ মাধ্যমৰ আগত চৰকাৰে গছপুলি ৰোপণ কৰি বিশ্ব অভিলেখ কৰা বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয় যে, সেউজীয়াকৰণৰ প্ৰয়োজনীয়তা আছে ৷ গছপুলি ৰোপণ কাৰ্যসূচীক বেয়া বুলি নকও ৷ বন বিশেষজ্ঞ সকলে কৈ আছে অসমৰ জলবায়ু হিচাপে এই সময় বৃক্ষ ৰোপণৰ সময় নহয় ৷ ইমান লাখ গছপুলিক পানী কোনে দিব, প্ৰতিপাল কোনে কৰিব বুলি মন্তব্য কৰে নেতাজনে ৷

বিদ্যুতৰ লুকাভাকু সম্পৰ্কে ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মুখ্যমন্ত্ৰীয়ে ২৪ ঘন্টাই বিদ্যুৎ যোগান দিম বুলি প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু এতিয়া ২৪ ঘন্টাত ২৪ বাৰ বিদ্যুৎ কৰ্তন কৰে ৷ কত গ’ল মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি ৷ বিদ্যুৎ যোগান দিব নোৱাৰা চৰকাৰে আদানিক ধনী কৰিবলৈ ৪ হাজাৰ ২০০ কোটি টকা খৰছ কৰি স্মাৰ্ট মিটাৰ ক্ৰয় কৰিলে বুলি প্ৰশ্ন কৰি তেওঁ কয় ব্ৰিটিছে যোৱাৰ সময়ত যেনেকৈ লুটপাত কৰি থৈ গ’ল এতিয়া তেনে ব্যৱস্থা হ’বলৈ গৈ আছে চৰকাৰৰ ৷ মুখ্যমন্ত্ৰীয়ে চন্দ্ৰবাবু নাইডুৰ পৰা শেহতীয়াকৈ শিক্ষা লোৱাটো দৰকাৰ বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাজনে ৷

তেওঁ কয় যে, সাধাৰণ মহিলাক স্বাৱলম্বী হোৱাৰ বাবে দহ হাজাৰৰ ৰাজ সাহাৰ্য দিব আৰু এগৰাকীয়ে দহ কোটিৰ ৰাজসাহাৰ্য পাব ৷ এহেজাৰ গৰাকীক ১০ কোটি টকাকৈ ৰাজ সাহাৰ্য দিয়ক বুলি তেওঁ কয় ৷ ভূপেন বৰাই কয় যে, ৰক্ষক যেতিয়া ভক্ষক হ’বলৈ আৰম্ভ কৰিব, শাসক যেতিয়া শোষক হ’বলৈ আৰম্ভ কৰিব তেতিয়া এনেধৰণৰ ঘটনা নিত্য নৈমিত্তিক হ’বলৈ আৰম্ভ কৰে ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয় যে, এক ন্যূনতম সৌজন্যতাবোধ বা নূন্যতম সন্মান ৰাখিও এটা পৰিয়ালৰ সম্পত্তি বৃদ্ধি হ’লে তাত কব লগা একো নাই ৷ বৰ্তমান যিখন অসমত চাহ শ্ৰমিকৰ এটা পৰিয়ালে 5 হাজাৰ টকা উপাৰ্জন কৰিব নোৱাৰে, সেইখন অসমত ৰাজ্যৰ মুৰব্বী গৰাকীৰ পৰিয়ালৰ মাহে মাহে সম্পত্তি বৃদ্ধি হয়, সেই যিখিনি মানুহে 5 হাজাৰ টকাত গোটেই মাহটো চলিব লগা হয় তেওঁলোকৰ কাৰণে কোনে চিন্তা কৰিব বুলিও কয় নেতাজনে ৷

লগতে পঢ়ক : Autumn session 2023: বিধানসভা অধিবেশনৰ প্ৰথম দিনাই বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ, প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.