ETV Bharat / state

সংগঠন শক্তিশালী কৰাৰ লক্ষ্যৰে ভূপেন বৰাৰ মাহজোৰা কাৰ্যসূচী - Campaign to revive congress party

লবীকেন্দ্ৰীক ৰাজনীতি, অন্তঃকন্দল আৰু দলত্যাগত বিধ্বস্ত হৈ পৰা কংগ্ৰেছক উদ্ধাৰৰ বাবে অসম ভ্ৰমণ কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC president Bhupen Bora)। তিনিচুকীয়া জিলাৰ পৰা আৰম্ভ কৰি সমষ্টিয়ে সমষ্টিয়ে যাব ভূপেন বৰা । ভাগ ল'ব সাংগঠনিক সভাত । লগত থাকিব দলীয় বিষয়ববীয়াৰ লগতে দলৰ সাংসদ, প্ৰাক্তন সাংসদ, বিধায়ক, প্ৰাক্তন মন্ত্ৰী-বিধায়ক ।

APCC president Bhupen Bora
সংগঠন শক্তিশালী কৰাৰ লক্ষ্যৰে ভূপেন বৰাৰ মাহজোৰা কাৰ্যসূচী
author img

By

Published : Apr 30, 2022, 4:55 PM IST

গুৱাহাটী, ৩০ এপ্ৰিল: অসমত এটাৰ পাছতো আনটোকৈ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মূখীন হোৱা দলটোক পুনৰ উদ্ধাৰ কৰাৰ বাবে বিশেষভাৱে তৎপৰ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (APCC president Bhupen Bora)। শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছ একেবাৰে শূণ্য হৈ পৰিল (GMC election 2022)। ইফালে দলটোৰ এনে বিপৰ্য্যয় সময়ত বহু নেতাই দল ত্যাগ কৰি নিৰাপদ স্থানত অৱস্থান কৰিছে । লবীকেন্দ্ৰীক ৰাজনীতি, অন্তঃকন্দল আৰু দলত্যাগত কংগ্ৰেছ বিধ্বস্ত হৈ পৰাৰ সময়তে মাহজোৰা ভ্ৰমণসূচী ঘোষণা কৰিছে সভাপতি ভূপেন বৰাই (Campaign to revive congress party)।

দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত অসম ভ্ৰমণ কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিলৈ যাব প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী । তেওঁ এই যাত্ৰা তিনিচুকীয়া জিলাৰ পৰা আৰম্ভ কৰিব । প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক, সম্পাদক আৰু যুটীয়া সম্পাদক আদি বিষয়ববীয়াক লগত লৈ দলেবলে ভূপেন বৰাই সাংগঠনিক কাৰ্যসূচী হাতত লৈছে । সেই অনুসৰি ৪ আৰু ৫ মে’ত শদিয়া, ডুমডুমা, ডিগবৈ আৰু মাৰ্ঘেৰিটাত সাংগঠনিক সভাত অংশ গ্ৰহণ কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ।

ইয়াৰ পাছত ৭ আৰু ৮ মে’ত জোনাই আৰু ধেমাজিত, ১০ আৰু ১১ মে'ত ঢকুৱাখনা, উত্তৰ লখিমপুৰ, নাওবৈচা আৰু বিহপুৰীয়াত, ১৩ আৰু ১৪ মে’ত ধিং আৰু ৰহাত, ১৬ আৰু ১৭ মে’ত ধুবুৰী, গৌৰীপুৰ, পূব বিলাসীপাৰা, পশ্চিম বিলাসীপাৰা সমষ্টিত ভূপেন বৰাই সাংগঠনিক সভাত অংশ ল’ব । প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন ২০ মে'ত বৰাকলৈ যাব । ২০ আৰু ২১ মে’ত বৰাক উপত্যকাৰ শিলচৰ, সোণাই, ধলাই, উদাবন্দ আৰু লক্ষীপুৰত দলীয় সভা অনুষ্ঠিত কৰিব ।

তাৰ পৰা পুনৰ ব্ৰহ্মপুত্ৰ উপত্যকালৈ ঘূৰি আহি ২৫ আৰু ২৭ মে’ত তেজপুৰ, ঢেকীয়াজুলি, বৰচলা, ৰঙাপৰা আৰু চতিয়া বিধানসভা সমষ্টিত দলীয় সভাত অংশগ্ৰহণ কৰিব । ২৯ আৰু ৩০ মে'ত তেওঁ মৰিগাঁও আৰু জাগীৰোড সমষ্টিত সভা অনুষ্ঠিত কৰিব । প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে অহা মাহত ৰাজ্যৰ ৮খন জিলাৰ মুঠ ২৮ টা বিধানসভা সমষ্টি পৰিভ্ৰমণ কৰি সাংগঠনিক ভেটিৰ বুজ ল’ব । উক্ত আটাইকেইখন সাংগঠনিক সভাত কংগ্ৰেছৰ সাংসদ, প্ৰাক্তন সাংসদ, বিধায়ক, প্ৰাক্তন মন্ত্ৰী-বিধায়কক উপস্থিত থাকিবলৈ প্ৰদেশ কংগ্ৰেছে আহ্বান জনাইছে ।

উল্লেখ্য যে সমন্বয়ৰ অভাৱ ঘটা দলটোৰ ভিতৰচ'ৰাত মনোমালিন্য গঢ় লৈ উঠাৰ লগতে নেতা-কৰ্মীৰ মাজৰ ব্যৱধান ক্ৰমাৎ বৃদ্ধি পাইছিল । আনকি দলৰ জ্যেষ্ঠ নেতা শৰৎ বৰকটকীয়ে ৰাজীৱ ভৱনত লেকচাৰ মাৰি থাকিলে কাম নহ'ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল (Sarat Barkotoky on on failure of congress party)। তেওঁ গাঁৱে গাঁৱে গৈ সংগঠন কৰিবলৈ নেতৃত্বৰ প্ৰতি তেওঁ আহ্বান জনাইছিল । অৱশ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তৃণমূলত সংগঠন শক্তিশালী কৰাৰ লক্ষ্যৰে মাহজোৰা অসম ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ।

ইফালে ৰমজান মাহৰ পাছতে এ আই ইউ ডি এফৰ ভেঁটিত শক্তি প্ৰদৰ্শন কৰিব বুলি ভূপেন বৰাই পূৰ্বেতেই ঘোষণা কৰি থৈছে । তাৰ অংশ স্বৰূপে এ আই ইউ ডি এফৰ দখলত থকা সমষ্টিলৈও যাব কংগ্ৰেছ দল । মুঠতে প্ৰতিটো বিধানসভা সমষ্টিলৈ যাব ভূপেন বৰা ।

লগতে পঢ়ক: দুৰ্নীতি আৰু লবীয়ে কংগ্ৰেছ দলক ভাঙি পেলাইছে : শৰৎ বৰকটকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.