ETV Bharat / state

Constituency Delimitation 2023: সুৰাৰ বিপনীয়ে অসমীয়াক সুৰক্ষিত কৰিব নেকি প্ৰশ্ন ভূপেন বৰাৰ - প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

মুখ্যমন্ত্ৰীয়ে নতুনকৈ দুই হাজাৰখন সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ দি অসমীয়া জাতিক সুৰক্ষিত কৰাৰ ভূমিকা ল’ব বিচাৰিছে নেকি ? কি ভিত্তিত শিৱসাগৰত আসন কমোৱা হৈছে ? ৩০ বছৰত বৰাক উপত্যকাৰ জনসংখ্যা কমিল নেকি যে সমষ্টি সংখ্যা ১৫ টাৰ পৰা ১৩টালৈ হ্ৰাস কৰা হ'ল । ধৰ্ম, জাত-পাত তথা ভাষা-ভাষীৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ কথা ক'ত লিখা আছে । জানিব লাগিব নিৰ্বাচন আয়োগে ।

Constituency Delimitation 2023
হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ পুনৰ সৰৱ হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি
author img

By

Published : Jun 24, 2023, 4:29 PM IST

হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ পুনৰ সৰৱ হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি

গুৱাহাটী, ২৪ জুন : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ পুনৰ সৰৱ হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ৩০ বছৰৰ বাবে অসমীয়া সুৰক্ষিত হ’ল বুলি মন্তব্য কৰিছিল । এই সন্দৰ্ভত শনিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

তেওঁ প্ৰশ্ন কৰি কয় যে মুখ্যমন্ত্ৰীয়ে নতুনকৈ দুই হাজাৰখন সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ দি অসমীয়া জাতিক সুৰক্ষিত কৰাৰ ভুমিকা ল'ব বিচাৰিছে নেকি ? বৰ্তমান সময়ত অসমত বিদেশী সুৰাৰ ১৭০০ খন আৰু কাণ্ট্ৰি লিকাৰৰ ৮০০ খন দোকান আছে । ২৫০০ খন মদৰ দোকান থকাৰ পাচত পুনৰ দুই হাজাৰ মদৰ দোকান খুলিব বিচৰা হৈছে ।

তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণত সমষ্টিৰ সংখ্য‍া বৃদ্ধি নহ'ল, হাজাৰ হাজাৰ বিদ্যালয় বন্ধ কৰি দিয়া হৈছে । কিন্তু ইয়াৰ বিপৰীতে নতুনকৈ দুই হাজাৰ মদৰ দোকান খোলা হ'ব । অসমীয়াক ৩০ বছৰলৈ সুৰক্ষিত কৰাৰ মূলতে দুই হাজাৰখন মদৰ দোকান নেকি বুলি তেওঁ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে ।

তেওঁ লগতে কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যত নামঘৰ তথা বিদ্যালয়তকৈ বেছি মদৰ দোকান কৰিব বিচাৰিছে । এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আত্মনিৰ্ভৰশীল অসম নেকি বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ কয় যে মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালত যুৱপ্ৰজন্মৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ এই দুই হাজাৰখন মদৰ দোকান সৰ্বোত্তম শ্ৰেষ্ঠ উপহাৰ ।

আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণত কংগ্ৰেছৰ আপত্তি সন্দৰ্ভত তেওঁ কয় যে ঐতিহাসিক শিৱসাগৰ জিলাৰ জনসংখ্যা আগতকৈ কমিল নেকি সেই কথা আগতে জানিব লাগিব । কি ভিত্তিত শিৱসাগৰত আসন কমোৱা হৈছে । সেই বিষয়ে জনাৰ বাবে ১২ টা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধি শিৱসাগৰলৈ গৈ ৰাইজৰ মনৰ কথাৰ বুজ ল'ব ।

সেইদৰে বৰাক উপত্যকালৈও যাব ১২ টা দলৰ প্ৰতিনিধি । সুদীৰ্ঘ ৩০ বছৰ পাচত হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া । ৩০ বছৰত বৰাক উপত্যকাৰ জনসংখ্যা কমিল নেকি যে সমষ্টি সংখ্যা ১৫ টাৰ পৰা ১৩ টালৈ হ্ৰাস কৰা হ'ল । তদুপৰি ধৰ্ম, জাত-পাত তথা ভাষা-ভাষীৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ কথা ক'ত লিখা আছে জানিব লাগিব । এই বিষয়ে নিৰ্বাচন আয়োগে জনাব লাগিব । নিৰ্বাচন আয়োগে কি ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে সেই কথা আমি আগতে জানিব লাগিব বুলি তেওঁ কয় ।

লগতে পঢ়ক : Constituency Delimitation 2023 : মই যুঁজি আছো গব্বৰ সিঙৰ লগত ওলাইছেহি ছাম্বা; কিয় ক’লে অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.