ETV Bharat / state

Dirty politics: অমৃত কলহ যাত্রাক বিজেপিৰ নিকৃষ্ট ৰাজনীতি আখ্যা ভূপেন‌ বৰাৰ - APCC president Bhupen Bora

অমৃত কলহ যাত্ৰা সন্দৰ্ভত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ৷ বিজেপি চৰকাৰৰ এয়া নিকৃষ্ট ৰাজনীতি বুলি মন্তব্য সভাপতিগৰাকীৰ ৷

Amrit Kalash Yatra
Bhupen Bora on Amrit Kalash Yatra
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 6:55 PM IST

অমৃত কলহ যাত্রাক সমালোচনা

গুৱাহাটী, 3 অক্টোবৰ: অমৃত কলহ যাত্ৰাৰ নামত বি জে পি চৰকাৰে নিকৃষ্ট ৰাজনীতি কৰি আছে বুলি গুৰুতৰ অভিযোগ তুলিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন‌ বৰাই । যোৱা ২০ ছেপ্তেম্বৰৰ পৰা বিজেপি চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰা ‘মোৰ মাটি মোৰ দেশ' শীর্ষক কাৰ্যসূচীৰ অন্যতম অংশ ‘অমৃত কলহ যাত্ৰা’ৰ সন্দৰ্ভত গুৱাহাটীত মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰে অসম‌ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

তেওঁ কয় যে অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ নামত মানুহক ওলাই আহিবলৈ চৰকাৰে‌ বাধ্য কৰিছে । বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰি ভূপেন বৰাই কয় যে, অংগনবাদী, আশা কৰ্মী, আত্মসহায়ক গোটৰ‌ মহিলাসকলক অমৃত কলহ যাত্ৰালৈ আহিবলৈ বাধ্য কৰা হৈছে । বিদ্যালয়ৰ প্ৰধান‌‌ শিক্ষকসকলক অমৃত কলহ যাত্ৰালৈ আহিবলৈ ধমকি দিয়া হৈছে । অমৃত কলহ যাত্ৰাৰ‌ বাবে বিদ্যালয়ৰ ছয় মাহিলী পৰীক্ষা পৰ্যন্ত পিছুৱাই দিবলগীয়া হৈছে ।
ছাত্ৰ-ছাত্ৰীৰ পঢ়োৱাৰ বাবে শিক্ষকসকলে চৰকাৰক বুজাবলগীয়া হৈছে বুলি উল্লেখ কৰি ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ এয়া নিকৃষ্ট ৰাজনীতি বুলি কয় ভূপেন বৰাই ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয়, ‘‘কোনোবাই‌ ইপিনে বিঘাই বিঘাই মাটি লৈছে আৰু আনপিনে মানুহক কলহত অকণ অকণ মাটি ভৰাব দিছে ।’’ উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন জিলাৰ গাঁও অথবা পৌৰসভা এলেকাৰ নিৰ্দিষ্ট ৱাৰ্ডৰ প্ৰতিটো পৰিয়ালৰ ঘৰৰ পৰা মাটি অথবা চাউল, অমৃত কলহত সংগ্ৰহ কৰাৰ এই অভিযানৰ সোমবাৰে অন্ত‌ পৰে ।‌

অহা ৮ আৰু ১৫ অক্টোবৰত জিলাভেদে অমৃত কলহ প্ৰতিখন গাঁও পঞ্চায়ত/ৱাৰ্ডৰপৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ শোভাযাত্ৰা কৰি লৈ যোৱা হ’ব । খণ্ড উন্নয়ন বিষয়া/পৌৰ কাৰ্যালয়ৰ পৰা অমৃত কলহ অহা ২৬ অক্টোবৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত একগোট কৰা হ’ব । সদৌ শেষত অমৃত কলহসমূহৰ এটা অংশ ২৭ অক্টোবৰত নতুন দিল্লীলৈ নি ২৮ অক্টোবৰত অমৃত উদ্যানস্থলীত অৰ্পণ কৰা হ'ব ।

লগতে পঢ়ক: APCC president Bhupen Bora: বুকুৰ জোৰ কমি মুখতহে জোৰ ৰৈছেগৈ বিজেপিৰ; ভূপেন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.