গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী : অসমত কংগ্ৰেছৰ দলীয় ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ, কাৰ্যপন্থা নিৰ্ধাৰণ কৰিবৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ এখন ‘‘পলিটিকেল এফেয়াৰছ কমিটী’’ গঠন কৰিছে (APCC Political Affairs Committee)৷ এই ১৯ জনীয়া পলিটিকেল এফেয়াৰছ কমিটীখন গঠন কৰিছে এ আই চি চিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে (Congress President Mallikarjun Kharge)।
ঘোষণা কৰা পলিটিকেল এফেয়াৰছ কমিটীখনত অন্তৰ্ভুক্ত কৰা ১৯ জন সদস্য হ’ল জীতেন্দ্ৰ সিং, ভূপেন কুমাৰ বৰা (Assam Congress President), দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, পৱন সিং ঘাটোৱাৰ, ৰাণা গোস্বামী, কমলাক্ষ দে’ পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰ, গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক, প্ৰণতি ফুকন, বলিন কুলী, নন্দিতা দাস, অকণ বৰা, ববিতা শৰ্মা, এম জি ভি কে ভানু, নাজিব উল ওমৰ আৰু ৰৌজলিনা তিৰ্কী ৷ কে চি বেণুগোপাল স্বাক্ষৰিত এক প্ৰেছ বিবৃতিত এই কথা সদৰী কৰা হৈছে ৷
AICCৰ উদয়পুৰৰ বিশেষ চিন্তন বৈঠকত দেশৰ প্ৰতিখন ৰাজ্যতে এনে একোখন 'পলিটিকেল এফেয়াৰছ কমিটী’ গঠনৰ সিধান্ত লোৱা হৈছিল । এই কমিতিখনৰ প্ৰসংগত জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷ “এই কমিটীখনে সুচাৰুৰূপে নিজৰ কাম কৰিলে অসমত কংগ্ৰেছ পুনৰ সবল হৈ উঠিব ৷ এই কমিটীখনে চূড়ান্ত সিদ্ধান্ত দিব পাৰিব আৰু তেওঁলোকে যদি নিবিচাৰে, হোঁহকা-পিচলা কৰি থাকে, হাই কমাণ্ডে যি কয় কৰিম বুলি কয় তেতিয়াহ’লে হাই কমাণ্ডে আমাৰ ওপৰত সিদ্ধান্ত জাপি দিব ৷ গতিকে আমি ‘পলিটিকেল এফেয়াৰছ কমিটী’খনে অসমৰ স্বাৰ্থত সকলো কথা আলোচনা কৰা উচিত ৷”
মন কৰিবলগীয়া যে, লোকসভা নিৰ্বাচনক লৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ (Congress AIUDF Alliance) প্ৰসংগটো পুনৰ সাৰপাই উঠিছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াকে ধৰি একাংশ নেতাই এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল তথা বিজেপিৰে সম্পৰ্ক থকা বুলি অভিহিত কৰি লোকসভা নিৰ্বাচনত মিত্ৰতাৰ বিৰোধিতা কৰিছে ৷
আন একাংশই নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত মিত্ৰতাৰ পোষকতা কৰিছে । ইফালে কংগ্ৰেছৰ ঘোৰ বিৰোধিতাৰ পাছতো এ আই ইউ ডি এফৰ নেতৃত্বই বাৰম্বাৰ মিত্ৰতাৰ পোষকতাই কৰি আহিছে । লক্ষ্যণীয় বিষয় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিকে ধৰি বহুসংখ্যক নেতাই কোনো কাৰণতে এ আই ইউ ডি এফৰে মিত্ৰতা নকৰে বুলি নিজৰ স্থিতিত অটল হৈ আছে যদিও শেষ সিদ্ধান্ত ল'ব দলটোৰ সদ্যঘোষিত ৰাজনৈতিক পৰিক্ৰমা কমিটী আৰু কংগ্ৰেছ হাইকমাণ্ডে ।
এআইইউডিএফেৰে হোৱা মিত্ৰতা প্ৰসংগতো বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই মঙলবাৰে মন্তব্য কৰি কৈছে যে, ইতিমধ্যেই কংগ্ৰেছে মিত্ৰতাৰ বাবে যথেষ্ট হেৰুৱাবলগীয়া হৈছে ।
লগতে পঢ়ক : BBC reacts to IT raid : আয়কৰ বিভাগক সম্পূৰ্ণ সহযোগিতা কৰিছে বিবিচিয়ে