ETV Bharat / state

লক্ষ্য ৩৩ লাখ : প্ৰদেশ কংগ্ৰেছৰ সদস্যভৰ্তি অভিযান আৰম্ভ

author img

By

Published : Nov 1, 2021, 3:22 PM IST

Updated : Nov 1, 2021, 4:31 PM IST

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্যভৰ্তি অভিযান আৰম্ভ । ২০২২ চনৰ ৩১ মাৰ্চলৈকে অব্যাহত থাকিব এই অভিযান । সমগ্ৰ অসমত সৰ্বমুঠ ৩৩ লাখ সদস্য নিজ দলত ভৰ্তি কৰাৰ লক্ষ্য স্থিৰ কৰিছে কংগ্ৰেছে ।

APCC new member joining programme has started
প্ৰদেশ কংগ্ৰেছৰ সদস্যভৰ্তি অভিযান আৰম্ভ

গুৱাহাটী, ১ নৱেম্বৰ: নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে সোমবাৰৰ পৰা প্ৰদেশ কংগ্ৰেছে সমগ্ৰ ৰাজ্য জুৰি আৰম্ভ কৰিছে সদস্যভৰ্তি অভিযান । প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত সোমবাৰে এই অভিযানৰ শুভাৰম্ভণি কৰে দলটোৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে । এই বিশেষ সদস্যভৰ্তি অভিযান প্ৰতিটো ব্লক, মণ্ডল, জিলা পৰ্যায়ৰ পৰা চলিব বুলি মন্তব্য কৰে কাৰ্যকৰী সভাপতিগৰাকীয়ে ।

উল্লেখ্য যে, এই অভিযানৰ সফল কাৰ্যকৰীকৰণৰ বাবে ইতিমধ্যে দলৰ সভাপতি ভূপেন বৰাই ৰাণা গোস্বামীক সভাপতি আৰু পাৰ্থপ্ৰতিম বৰাক আহ্বায়ক হিচাপে লৈ এখন সমিতি গঠন কৰি দিছে । ৰাণা গোস্বামীয়ে আজি কয় যে, এই সদস্যভৰ্তি অভিযান ২০২২ চনৰ ৩১ মাৰ্চলৈকে চলিব । এই সময়চোৱাত অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত কমেও ২৫ হাজাৰ জন সদস্য ভৰ্তি কৰিবলৈ লক্ষ্য স্থিৰ কৰা হৈছে । সমগ্ৰ অসমত সৰ্বমুঠ ৩৩ লাখ সদস্যভৰ্তি কৰা হ'ব ।

১৮ বছৰ বয়সৰ ওপৰৰ সকলোৱেই সদস্য পদ গ্ৰহণ কৰিব পাৰিব । ইয়াৰ কাৰ্যকাল হ'ব পাঁচ বছৰীয়া । এই অভিযানত দলৰ পুৰণি সদস্যসকলৰো সদস্য পদ নৱীকৰণ কৰা হ'ব । আজি অভিযানৰ প্ৰথম দিনাই কাৰ্যকৰী সভাপতিগৰাকীয়ে দলৰ এগৰাকী জ্যেষ্ঠ নেতা হিৰণ্য বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ হাতত নতুন সদস্য ভৰ্তিৰ ৰছিদ অৰ্পণ কৰে ।

লগতে পঢ়ক:আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে বিপাঙত পৰিছে চাহ শ্ৰমিক

Last Updated : Nov 1, 2021, 4:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.