গুৱাহাটী,৩ ফেব্ৰৱাৰী : 'ডি ভোটাৰ'ৰ জাননীক লৈ মৰিগাঁৱত সংঘটিত হোৱা আত্মহত্যাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে । উল্লেখ্য যে মৰিগাঁও জিলাৰ সীতাজখলাৰ নিৱাসী মানিক দাসৰ এন আৰ চিত নাম থকাৰ উপৰিও লেগেচি ডাটা আৰু অন্যান্য সকলো নথিপত্র থকাৰ পাছতো বিদেশী ন্যায়াধিকৰণৰ পৰা 'ডি ভোটাৰ'ৰ জাননী লাভ কৰিছিল । এই জাননীক লৈ মানসিকভাৱে ভাগি পৰা মানিক দাসে ৩১ জানুৱাৰীৰ দিনা ঘৰৰ ওচৰতে চীপ লৈ আত্মহত্যা কৰে (D Voter Bengali committed suicide in Morigaon)।
এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই ঘটনাক লৈ সৰৱ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ ভাষিক সংখ্যালঘু কোষৰ অধ্যক্ষ অভিজিৎ মজুমদাৰ । ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে ভাৰতীয় হিচাপে থাকিবলগীয়া সকলো নথিপত্র থকাৰ পাছতো 'ডি ভোটাৰ'ৰ জাননী জাৰি কৰাৰ বাবে মৰিগাঁৱত এজন বঙালী লোকে আত্মহত্যা কৰিবলৈ বাধ্য হয় ।
এই ঘটনা অতিকৈ দুখজনক । এজন ভাৰতীয় লোকক 'ডি ভোটাৰ' সজোৱা কাৰ্যক কঠোৰ ভাষাৰে নিন্দা কৰাৰ কথা তেওঁ কয় । তেওঁ লগতে কয় যে তেওঁলোকৰ এটা সজাতি দল লোকজনৰ ঘৰলৈ গৈ পৰিস্থিতিৰ বুজ ল'ব । এনে ঘটনা যাতে পুনৰ নহয় তাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে নেতাগৰাকীয়ে ।
এই ঘটনাৰ বাবে ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে 'ডি ভোটাৰ'ৰ নামত হাৰাশাস্তি কৰাৰ ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে যদিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । ৰাজ্যৰ বঙালী সম্প্ৰদায়ৰ লোকসকলক 'ফুটবল'ৰ দৰে খেলি আছে বুলি সদৰি কৰি তেওঁ কয় যে এই কাৰ্য শীঘ্ৰে বন্ধ হ'ব লাগে । অন্যথা ৰাজপথ বন্ধ কৰি দিয়া হ'ব বুলিও তেওঁ হুংকাৰ দিয়ে ।
লগতে পঢ়ক :FIR against Sherman Ali: প্ৰথমবাৰৰ বাবে আৰক্ষী থানাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া