ETV Bharat / state

Junmoni Rabha death case: জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ মৌন প্ৰতিবাদ - জোনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ

SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰায় 15 দিন পাৰ হ’ল (Junmoni Rabha mysterious death) ৷ কিন্তু বৰ্তমানো ন্যায়ৰ আশাত পনবন্দী জোনমণিৰ আত্মীয় ৷ জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবীত দেওবাৰে গুৱাহাটীত প্ৰদেশ কংগ্ৰেছে সাব্যস্ত কৰে মৌন প্ৰতিবাদ (APCC holds silent protest in Guwahati)৷

APCC holds silent protest in Guwahati
SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰায় 15 দিন পাৰ হ’ল
author img

By

Published : May 28, 2023, 9:23 PM IST

SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰায় 15 দিন পাৰ হ’ল

গুৱাহাটী, ২৮ মে’ : অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক তদন্ত দাবী উত্থাপন কৰি দেওবাৰে প্ৰদেশ কংগ্ৰেছে মৌন প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু আই টি বিভাগৰ উদ্যোগত গুৱাহাটীৰ ৰাজীৱ ভৱনত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (APCC holds silent protest in Guwahati) ।

মুখত ক’লা কাপোৰ বান্ধি হাতে হাতে দাবী সম্বলিত প্লেকাৰ্ড লৈ কংগ্ৰেছ কৰ্মীসকলে জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায়িক তদন্ত দাবী কৰে । সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু আই টি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই কয় যে জোনমণি ৰাভাৰ মৃত্যুৰ পাচতে বহু ৰহস্য পোহৰলৈ আহিছে । জোনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে (Junmoni Rabha mysterious death)।

তেওঁ লগতে কয় যে জোনমণি ৰাভাৰ মাতৃয়ে বাৰম্বাৰ এছ পি লীনা দলেই ডি এছ পিৰে মিলি তেওঁৰ কন্যাক হত্যা কৰা হৈছে বুলি সদৰী কৰিছে । এগৰাকী আৰক্ষী বিষয়া যদি সুৰক্ষিত নহয়, তেন্তে সাধাৰণ জনতা কেনেকৈ সুৰক্ষিত হ'ব বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ কয় যে ঘটনাৰ ইমান দিন পাচতো তদন্ত প্ৰক্ৰিয়াৰ বিশেষ কোনো অগ্ৰগতি হোৱা নাই ।

আনহাতে, ঘটনাৰে জড়িত বুলি যিসকলৰ নাম সন্মুখলৈ আহিছে তেওঁলোকক কিন্তু এতিয়ালৈকে তদন্তৰ আওতালৈ অনা হোৱা নাই । তেওঁ প্ৰশ্ন কৰি কয় যে ইমানবোৰ অভিযোগ থকাৰ পাচতো এছ পি লীনা দলেক কিয় তদন্তৰ আওতালৈ অনা হোৱা নাই । মুখ্যমন্ত্রীৰ ভাতৃৰে ঘনিষ্ঠতা থকাৰ বাবেই লীনা দলেক আন এখন জিলাৰ দায়িত্ব দিয়া হ’ল নেকি বুলিও তেওঁ প্ৰশ্ন কৰে ।

চি বি আইৰ তদন্তৰ যোগেদি জোনমণি ৰাভাই প্ৰকৃত ন্যায় পাব নে নাই তাক লৈ সন্দেহ প্ৰকাশ কৰি তেওঁ এগৰাকী ন্যায়াধীশৰ তত্বাৱধানত চি বি আই তদন্ত হোৱাৰ দাবী উত্থাপন কৰে । লগতে ঘটনাৰে নাম সাঙোৰ খাই পৰা সকলক তদন্তৰ আওঁতালৈ অনাৰ বাবে তেওঁ দাবী কৰে ।

লগতে পঢ়ক : Junmoni Rabha death case: জোনমণি ৰাভাৰ মৃত্যুৰ নিৰপেক্ষ তদন্তৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.