ETV Bharat / state

ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যলৈ চৰকাৰৰ সাহাৰ্য - অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যক সাহাৰ্য চৰকাৰৰ

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী নায়িকা, অসমীয়া ছবিৰ জ্যেষ্ঠ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যক আৰ্থিক সাহাৰ্য চৰকাৰৰ । সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই জ্যেষ্ঠ অভিনেত্ৰী বাসগৃহত উপস্থিত হৈ ১ লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰে ।

ANUPAMA BHATTACHARYA
অনুপমা ভট্টাচাৰ্যক সাহাৰ্য চৰকাৰৰ
author img

By

Published : May 25, 2021, 7:46 PM IST

গুৱাহাটী, ২৫ মে': অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী নায়িকা, অসমীয়া ছবিৰ জ্যেষ্ঠ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ বৰ্তমানৰ অৱস্থাৰ বুজ ল'বলৈ কিছুদিন পূৰ্বে উপস্থিত হৈছিল সাংস্কৃতিক সাংবাদিক সন্থা, অসমৰ বিষয়ববীয়া । ৯৩ বছৰীয়া শিল্পীগৰাকীয়ে অলপতে ভাতৃ তথা বিশিষ্ট কাৰ্টুনিষ্ট ত্ৰৈলোক্য দত্তক হেৰুওৱাৰ পাছত অকলশৰীয়া হৈ পৰে ।

বৰ্তমান তেওঁৰ সংগী হিচাপে আছে ৬০ বছৰীয়া এগৰাকী মহিলা যাক শিল্পীগৰাকীয়ে মাহেকত দিব লাগে ৬,০০০ টকা । সেয়েহে তেওঁক কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ বাবে সাংস্কৃতিক সাংবাদিক সন্থাৰ সম্পাদক শিৱাণু বৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনোৱাৰ পাছতেই ২ ঘণ্টাৰ ভিতৰত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক শিল্পীগৰাকীৰ ক্ষেত্ৰত সু-ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে।

ANUPAMA BHATTACHARYA
অনুপমা ভট্টাচাৰ্যক সাহাৰ্য চৰকাৰৰ

সেই অনুসৰি মংগলবাৰে পুৱা ৯ বজাত হাতীগাঁৱৰ লখিমী পথস্থিত শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰি প্ৰদান কৰা ১ লাখ টকাৰ এককালীন আৰ্থিক সাহাৰ্য শিল্পীগৰাকীৰ হাতত অৰ্পন কৰে ।

উল্লেখ্য যে, ১৯৬৩ চনৰ ২ অক্টোবৰত নাট্যকাৰ অচ্যুত লহকৰে জন্ম দিয়া 'নটৰাজ থিয়েটাৰ' অসমৰ প্ৰথম খন বাটকটীয়া ভ্ৰাম্যমাণ থিয়েটাৰ । উল্লেখিত ২ অক্টোবৰৰ প্ৰথমটো নিশাৰ নাটকখন আছিল ফণী শৰ্মাৰ 'ভোগজৰা'। সেই প্ৰথমটো নাট্যদলত অভিনয় কৰা চিৰস্মৰণীয় শিল্পীসকল আছিল ধৰণী বৰ্মন, অনুপমা ভট্টাচাৰ্য, চন্দ্ৰ চৌধৰী, সদা লহকৰ ইত্যাদি ।

ভ্ৰাম্যমাণত অভিনয় কৰা প্ৰথম গৰাকী অভিনেত্ৰী তথা মঞ্চ সফল নায়িকা আছিল অনুপমা ভট্টাচাৰ্য । সম্প্ৰতি ভ্ৰাম্যমাণৰ জন্মদলত অভিনয় কৰা একমাত্ৰ জীয়াই থকা অভিনেত্ৰীগৰাকীয়ে হৈছে অনুপমা ভট্টাচাৰ্য । ভ্ৰাম্যমাণৰ প্ৰথম গৰাকী অভিনেত্ৰী তথা চলচ্চিত্ৰৰো অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যই মাত্ৰ ১৬ বছৰ বয়সত প্ৰথম কেমেৰাৰ সন্মুখীন হৈ নটসূৰ্য ফণী শৰ্মা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পৰিচালিত তথা ১৯৪৮ চনত মুক্তিলাভ কৰা 'চিৰাজ'ৰ জৰিয়তে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল।

লগতে পঢ়ক:ৰঙিয়া বাক্সা সীমান্তৰ বৰখাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.