গুৱাহাটী, 12 জুনঃ মহানগৰীত পানীৰ সংকট কোনো নতুন কথা নহয় ৷ চাকৰিয়াল অথবা কোনো আঢ্যবন্ত লোকে প্ৰতিদিনেই টকাৰ বিনিময়ত লাভ কৰে পানী ৷ কিন্তু আৰ্থিকভাৱে দুৰ্বল লোকসকলে কি কৰে ? তেওঁলোকে ক'ৰ পৰা পানী খায় আপুনি জানেনে ? খোৱা,বাচন ধোৱাৰ লগতে নিত্য নৈমিত্তিক কাৰ্যৰ বাবে প্ৰয়োজনীয় পানীৰ অভাৱে ব্যতিব্যস্ত কৰি তুলিছে মহানগৰীৰ একাংশ লোকক ৷ মহানগৰীৰ গান্ধীবস্তি ৰে'ল লাইনৰ সমীপৰ এটা অঞ্চলৰ প্ৰতি ঘৰ লোকে প্ৰতিদিনেই পানীৰ বাবে কৰি আহিছে এক অঘোষিত যুঁজ ৷ কিন্তু এই যুঁজখনত প্ৰতিদিনেই অনিচ্ছাসত্বেও নামি পৰিছে এজাক কণমানি শিশু ৷ প্ৰতিদিনেই দুহাতত ভিন্ন পাত্ৰ লৈ ওলাই যায় পানীৰ সন্ধানত ৷ পানী আনিবলৈ যোৱাটো কোনো ডাঙৰ কথা নহয় ৷ কিন্তু এটা অতি বিপদসংকুল পথেৰে পানী আনিবলৈ যায় এই শিশুকেইটিয়ে ৷ আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱসৰ দিনাই গুৱাহাটীৰ গান্ধীবস্তি অঞ্চলত দেখিবলৈ পোৱা গ'ল এই বিপৰীত দৃশ্য ৷
এটা দেৱালৰ কাষেৰে এটা লুংলুঙীয়া পথেৰে গৈ শিশুসকলে সংগ্ৰহ কৰে ৰে'ল ধুৱলৈ ব্যৱহাৰ কৰা পানী ৷ এনে কৰাৰ ফলত বহু সময়ত আঘাতপ্ৰাপ্তও হৈছে বহু শিশু ৷ পানীৰ সমস্যাই এই অঞ্চলোটোৰ লোকক এনেদৰে জুৰুলা কৰিছে যে, এতিয়া চোৰ কৰি পানী সংগ্ৰহৰ বাবেও বাধ্য হৈ পৰিছে অঞ্চবাসী ৷ কিয়নো পানী আনিবলৈ যাওতে হয়তো ৰে'ল বিভাগৰ কৰ্তব্যৰত আৰক্ষী কিল বা গালিও খাবলগীয়া হয় সিহঁতে ৷ এই শিশুসকল শ্ৰমিক নহ'লেও, তেওঁলোকক এনেদৰে কামত লগোৱাটো এক অপৰাধ ৷ কিয়নো 1948 চনত ঘোষিত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ ঘোষণা পত্ৰ অনুসৰি এই কাৰ্য হৈছে মানৱ অধিকাৰৰ উলংঘন ৷
ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰ সমাৱৰ্তন পত্ৰৰ প্ৰথমটো অনুচ্ছেদতে 18 বছৰৰ তলৰ এগৰাকী লোকক শিশু গণ্য কৰা হৈছে ৷ ইয়াৰ দ্বাৰা শিশুসকলৰ মানসিক,শাৰিৰীক,সামাজিক আৰু নৈতিক দিশক আওকাণ কৰি কামৰ বোজা জাপি দিয়াটো শিশুশ্ৰম হিচাপে গণ্য কৰা হয় ৷
লগতে পঢ়কঃ বিধ্বস্ত শৈশৱ, সপোন বিভ্ৰান্তিত এজাক শিশু...