ETV Bharat / state

Govt officer arrested for taking bribe: GMC ৰ ঘোচখোৰ মুখ্য অভিযন্তাৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

GMC ৰ ঘোচখোৰ মুখ্য অভিযন্তা ইন্দ্ৰজিত্‍ বৰাৰ হাতীগাঁৱৰ বাসগৃহত উপস্থিত হয় দুৰ্নীতি নিবাৰক শাখা (Anti Corruption Branch) ৷ দুৰ্নীতি নিবাৰক শাখাই বাসগৃহটোত অভিযান চলাই বহু আপত্তিজনক সামগ্ৰী ও নথি-পত্ৰৰ লগতে নগদ ধন আৰু মৰণাস্ত্ৰ জব্দ কৰে ৷

author img

By

Published : Mar 23, 2023, 8:08 AM IST

Updated : Mar 23, 2023, 9:13 AM IST

Anti-Corruption Branch
দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

গুৱাহাটী, 23 মাৰ্চ : ধন-টকা-পইচাক লৈ কেতিয়াও হেঁপাহ নপলায় মানুহৰ ৷ থকাতকৈ সদায় অধিক মাত্ৰাত লাগে ধন ৷ নিজৰ প্ৰাপ্ত দৰমহাৰ টকা কেইটাৰে যেন পেট নভৰে একাংশ ঘোচখোৰ বিষয়া-কৰ্মচাৰীৰ ৷ এতিয়া তেনে একাংশ ঘোচখোৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে প্ৰতিদিনেই চলি আছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ।

বৃহস্পতিবাৰৰ দিনটোত পুনৰ ঘোচ (bribe) লৈ দুৰ্নীতি নিবাৰক শাখাৰ সৈতে হাত দাঙিলে গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তা ইন্দ্ৰজিত্‍ বৰাই (Assam govt officer arrested for taking bribe) । এগৰাকী ব্যক্তিৰ সুৰক্ষা জমা পুঁজি মোকলাই দিয়াৰ বাবদ ৬০০০ টকা ঘোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে ইন্দ্ৰজিৎ বৰাক (bribe taking incidents) ৷ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰি ইন্দ্ৰজিৎ বৰাক কাৰ্যালয়তে জেৰা চলায় যদিও তদন্তকাৰী বিষয়াক সহযোগ নকৰাৰ খবৰ পোহৰলৈ আহিছে । সমান্তৰাল ভাৱে ইন্দ্ৰজিৎ বৰাৰ হাতীগাঁৱৰ বাসগৃহতো আৰক্ষী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা বৃহৎ দলে বৰাৰ পত্নী কন্যাক লৈ প্ৰায় ৫ ঘন্টা ধৰি অভিযান চলায় ।

অভিযানৰ অন্তত অভিযানকাৰী দলটোৱে কোনো কথা প্ৰকাশ নকৰে যদিও এক গোপন সূত্ৰৰ পৰা জানিব পৰা মতে হাতীগাঁৱৰ বাসগৃহত কেইবা লক্ষাধিক টকা, ৯ টাতকৈ অধিক বেংকৰ পাছবুক, বিভিন্ন নথি-পত্ৰ জব্দ কৰে অভিযানকাৰী দলে (raids in residence of bribery Chief Engineer) । পত্নী মীনাক্ষী কাকতি বৰাৰ নামত থকা AS01BZ0003 নম্বৰৰ অডি বাহনখনো অভিযানকাৰী দলটোৱে জব্দ কৰে । ইয়াৰ লগতে গেমছ ভিলেজত থকা আবাসত দুৰ্নীতি নিবাৰক শাখাৰ এটি বৃহৎ দলে অভিযান চলাই পইন্ত ২২ এম এমৰ দহটাতকৈ অধিক সজীৱ গুলী, এটি এয়াৰ গান, অনুজ্ঞাপত্ৰ থকা এটি পিষ্টলো উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে । ঘোচখোৰ ইন্দ্ৰজিৎ বৰাই ৩ মাহ পূৰ্বে গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তাৰূপে যোগদান কৰিছিল । ইয়াৰ আগতে লোকনিৰ্মাণ বিভাগৰ অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল তেওঁ ।

লগতে পঢ়ক : Eviction in Guwahati: শিলসাঁকোৰ পিচত উচ্ছেদক লৈ আতংকিত বিলপাৰবাসী

Last Updated : Mar 23, 2023, 9:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.