গুৱাহাটী, ১৮জুন : বিধানসভা নিৰ্বাচনত চাৰিবাৰকৈ জয়ী হৈ অহা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শুকুৰবাৰে বিধায়কৰ পদ ত্যাগ কৰে । এৰিলে কংগ্ৰেছ দলো । সোমবাৰে তেওঁ আনুষ্ঠানিকভাৱে যোগ দিব বিজেপি দলত । বিজেপিয়ে যে কেৱল ৰূপজ্যোতি কুৰ্মীকে লক্ষ্য কৰি লৈছে তেনে নহয় । কংগ্ৰেছৰ আৰু দুজন বিধায়কো খুব সোনকালেই ৰূপজ্যোতি কুৰ্মীৰ পিছে পিছে বিজেপিলৈ আহিবলৈ সাজু হৈছে ।
বিধায়ক পদ ইস্তাফা দিয়াৰ পিছতে ৰূপজ্যোতি কুৰ্মীয়ে সাংবাদিকৰ আগত নিজমুখে স্বীকাৰ কৰে যে তেওঁৰ উপৰিও কংগ্ৰেছৰ আন দুজনকৈ বিধায়কেও কংগ্ৰেছ এৰিবলৈ সাজু হৈছে আৰু তেওঁলোকেও খুব সোনকালে বিজেপিত যোগ দিব । অৱশ্যে বিধায়কদ্বয়ৰ নাম প্ৰকাশৰ পৰা তেওঁ বিৰত থাকে ।
কিন্তু ইটিভি ভাৰতৰ হাতত আহি পৰা খবৰ অনুসৰি কংগ্ৰেছ এৰি বিজেপিমুখী হ'ব খোজা এই দুই বিধায়ক হ'ল উত্তৰ কৰিমগঞ্জ সমষ্টিৰ কমলাক্ষ্য দে’ পুৰকায়স্থ আৰু থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই । লগতে সমষ্টিটোৰ বাবে অনুষ্ঠত হ'ব লগীয়া উপ নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ সমষ্টিটোৰ পৰা তেওঁক বিজেপি দলে প্ৰতিদন্দিতা কৰাৰ সুযোগ দিব নে নিদিয়ে সেইয়া দলৰ কথা বুলি উল্লেখ কৰি ৰাইজৰ বাবে কাম কৰি যাবলৈ বিজেপি দলে তেওঁক সুযোগ দিব বুলি আশা ব্যক্ত কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷
লগতে পঢ়ক:ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল ধ্বংস কৰিলে: ৰূপজ্যোতি কুৰ্মী