ETV Bharat / state

মুক্তি পালে অংগৰাগৰ নতুন এলবাম "বৰগীত ঘোষা" - বৰগীত ঘোষা

পৃথিৱী ঘূৰি ফুৰিও বৰগীতৰ আৰু খোলৰ সুৰ-লয়ৰ সমাহাৰ বিচাৰি নাপালে পাপনে ৷ সৰুৰে পৰা বৰগীত চৰ্চা কৰা অংগৰাগে এলবামটোৰ জৰিয়তে পূৰণ কৰিলে বৰগীতৰ ওপৰত কাম কৰাৰ সপোন ৷

মুক্তি পালে অংগৰাগ পাপন মহন্তৰ বহু প্ৰতীক্ষিত "বৰগীত ঘোষা" এলবাম
author img

By

Published : Nov 8, 2019, 9:41 AM IST

গুৱাহাটী , 8 নৱেম্বৰঃ মুক্তি পালে অংগৰাগ পাপন মহন্তৰ বহু প্ৰতীক্ষিত "বৰগীত ঘোষা" এলবাম ৷ মুক্তিৰ পূৰ্বেই ৰাইজৰ সমাদৰ লাভ কৰা সমাদৰ লাভ কৰা এলবামটি বৃহস্পতিবাৰে শুভমুক্তি দিয়া হয় মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৷ অনুষ্ঠানটোত উপস্থিত থাকে জনপ্ৰিয় অভিনেতা যতীন বৰা,নৃত্যাচাৰ্য যতীন গোস্বামীৰ লগতে বহু বিশিষ্ট ব্যক্তি ৷ শিল্পীজনে বিশেষ এলবামটিৰ নিৰ্মাণৰ আশা বহু দিনৰে পৰা পুহি ৰাখিছিল বুলি মন্তব্য কৰে অনুষ্ঠানটোত ৷ মুক্তিৰ পূৰ্বেও শিল্পীজনে এই এলবামটো তেওঁৰ সপোনৰ এলবাম বুলি মন্তব্য কৰিছিল ৷ উল্লেখযোগ্য যে,সৰুৰে পৰা বৰগীতৰ চৰ্চা কৰি আহিছে শিল্পী অংগৰাগ মহন্তই ৷ এলবামটিৰ জৰিয়তে বৰগীতৰ ওপৰত কাম কৰাৰ আশা পূৰণ হ'ল শিল্পী গৰাকীৰ ৷ খোল তালৰ সমাহাৰেৰে সত্ৰীয়া নিয়ম-নীতিৰে মুকলি কৰা হয় বৰগীতৰ এলবামটি ৷

মুক্তি পালে অংগৰাগ পাপন মহন্তৰ বহু প্ৰতীক্ষিত "বৰগীত ঘোষা" এলবাম

লগতে পঢ়কঃ ১৫০ টা বছৰ অতিক্ৰম কৰিলে অসমৰ প্ৰথমখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে

Intro:পুৰণি বৰগীত সমূহ লৈ পাপনে কৰিছে এক নতুন প্ৰয়াস।বহু বছৰ ধৰি কণ্ঠ শিল্পী গৰাকীয়ে বৰগীত - ঘোষা নামৰ এক এলবাম ৰ কাম কৰি আহিছিল। এলবাম টিৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পিছতে আজি অৰ্থাৎ 7 নৱেম্বৰ তাৰিখে এলবাম টিৰ শুভ মুক্তি কৰা হয়। কলাক্ষেত্ৰৰ খগেন মহন্ত উদ্যানত এলবাম টিৰ শুভ মুক্তি দিয়া হয় আৰু এই অনুষ্ঠানত উপস্থিত থাকে যতীন বৰা , সত্ৰীয়া নৃত্যবিদ যতীন গোস্বামীৰ লগতে বহু বিশিষ্ট ব্যক্তি। Body:এলবাম টিৰ কাম কৰাৰ বহু দিনৰ আশা পুহি ৰাখিছিল বুলি জানিবলৈ দিলে অংগৰাগ পাপন মহন্তই। সৰুৰে পৰা বৰগীতৰ চৰ্চা কৰি আহিছে পাপনে আৰু ভাল কৈ জানি বুজি বৰগীতৰ ওপৰত কাম কৰাৰ আশা সম্পূৰ্ণ হোৱা জানিবলৈ দিলে পাপনে। পৃথিৱী ঘূৰি ফুৰিও বৰগীতৰ দৰে সুৰ তাল লয়ৰ সমাহাৰ পাহৰিব নোৱাৰিলে পাপনে। খোল তালৰ সমাহাৰেৰে বৰগীত_ঘোষা নামৰ এলবাম টি মুকলি কৰিলে পাপনে। Conclusion:9 অক্টোবৰ দিনটোত এই এলবামটিৰ ট্ৰিজাৰ মুকলি কৰাৰ পিচত আজি আনুষ্ঠানিক ভাৱে মুকলি কৰা হল বৰগীত -ঘোষা এলবাম টি।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.