ETV Bharat / state

অসম গণ পৰিষদ বিজেপিৰ নেগুৰত পৰিণত হৈছে : মনজিৎ মহন্ত

author img

By

Published : Jan 18, 2021, 8:35 PM IST

সোমবাৰে গুৱাহাটীৰ নিউ বৃন্দাবন গাৰ্ডেনত অনুষ্ঠিত অঞ্চলিক গণ মৰ্চাৰ ৰাজনৈতিক অভিৱৰ্তন আনুষ্ঠান ৷ এই অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোহাঁইয়ে ৷

As_ghy_anchlalik-gana-morcha-convention_vis_7209319
অসম গণ পৰিষদ বিজেপিৰ নেগুৰত পৰিণত হৈছে: মনজিৎ মহন্ত

গুৱাহাটী,18 জানুৱাৰী : গুৱাহাটী মহানগৰীৰ বৃন্দাবন গাৰ্ডেনত বিজেপি হতাও অভিযান ৷ বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত একেখন মঞ্চত একত্ৰিত হ’ল কংগ্ৰেছ, চি পি আই আৰু ৰাইজৰ দল ৷ সোমবাৰে মহানগৰীৰ নিউ বৃন্দাবন গাৰ্ডেনত অনুষ্ঠিত অঞ্চলিক গণ মৰ্চাৰ ৰাজনৈতিক অভিৱৰ্তনৰ আনুষ্ঠানকভাৱে মুকলি কৰে বুদ্ধিজীৱী হীৰেন গোঁহাইয়ে ৷ "এই ৰাজনৈতিক অভিৱৰ্তনৰ পৰাই বিজেপি চৰকাৰক প্ৰতিহত কৰিবলৈ সকলো আঞ্চলিক দল একত্ৰিত হ’ব লাগিব বুলি মন্তব্য অঞ্চলিক গণ মৰ্চাৰ নেতা মনজিৎ মহন্তৰ ৷ ৰাইজৰ সকলো আঞ্চলিক দল একত্ৰিত হ’লেহে বিজেপিক প্ৰতিহত কৰিব পৰা যাব বুলি কয় মনজিৎ মহন্তই ৷

মনজিৎ মহন্তj মন্তব্য

আনহাতে ৰইজৰ দলৰ নেতা কমল মেধিয়ে কয়, যদি কোনো আঞ্চলিক ৰাজনৈতিক দলে সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ লগত সম্পৰ্ক ৰাখে তেন্তে সেই আঞ্চলিক দলৰ সৈতে ৰাইজৰ দল একত্ৰিত হোৱা সম্ভাৱনা নাই ৷ তেখেতে আৰু কয়, বিজেপি আৰু এ আই ইউ ডি এফ দুয়োটা দলেই সাম্প্ৰদায়িক ৷ দুয়োটা দলৰে উদ্দেশ্য কেৱল ধৰ্মৰ ভিত্তিত বিভাজনৰ ৰাজনীতি কৰা ৷ সেয়ে তেনে কোনো সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক ৰখা দলৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা বা একত্ৰিত হোৱা প্ৰসংগই উত্থাপন নহয় ৷ সোমবাৰৰ এই অভিৱৰ্তন অনুস্থানত উপস্তিত থাকে ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া, হেমেন দাসৰ উপৰিও ৰাইজৰ দলৰ নেতা কলম মেধি প্ৰমুখ্যে কেইবাগৰাকীও ব্যক্তি ৷

কমল মেধিৰ মন্তব্য

লগতে পঢ়ক-অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতাই ক্ষতি নকৰে বিজেপিক : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.