গুৱাহাটী,16 জানুৱাৰী: 2021 ৰ বিধানসভা নিৰ্বাচনকলৈ ৰাজ্যৰ সকলো ৰাজনৈতিক দলৰ মাজত ইতিমধ্যেই বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ শাসনাধিষ্ঠ বিজেপি চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশাল জনসভা অনুষ্ঠিত কৰি অহাৰ সমান্তৰালকৈ ৰাজ্যত নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দলসমূহেও আৰম্ভ কৰিছে নিৰ্বাচনকেন্দ্ৰীক প্ৰচাৰ ৷ ইয়াৰ মাজতে 18 জানুৱাৰীত অনুষ্ঠিত হ’ব আঞ্চলিক গণমৰ্চাৰ ৰাজনৈতিক অভিৱৰ্তন ৷ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তনত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে বিজেপি বিৰোধী সকলো দলক লৈ কেনেকৈ আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেইয়া আলোকপাত কৰা হ'ব ৷ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল যোগে এই কথা সদৰি কৰিলে সাংসদ অজিত কুমাৰ ভূঞাই ৷ এই ৰাজ্যিক অভিৱৰ্তনলৈ বিজেপি বিৰোধী সকলো দল, সংগঠনকে আমন্ত্ৰণ জনাইছে আঞ্চলিক গণ মৰ্চাৰ নেতা তথা সাংসদ অজিত কুমাৰ ভূঞাই ৷
উল্লেখ্য যে, 18 তাৰিখৰ অভিৱৰ্তনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট বুদ্ধিজিৱী ড৹ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অপূৰ্ব কুমাৰ বৰুৱাৰ লগতে ভালেকেইজন বিশিষ্ট লোক ৷ অভিৱৰ্তনতে গণ মৰ্চাৰ পৰৱৰ্তী কাৰ্যপন্থা সন্দৰ্ভত ৰাইজে সকলো কথা স্পষ্টকৈ গম পাব বুলি উল্লেখ কৰি ইতিমধ্যে গণ মৰ্চাৰ 11 খন জিলা সমিতি গঠন কৰা হৈছে বুলি জনালে অজিত কুমাৰ ভূঞাই ৷ আনহাতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৰাকীয়ে ৷ অখিল গগৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে বুলি মন্তব্য কৰি তেওঁক অন্যায়ভাৱে এটা ভুৱা গোচৰত কাৰাবন্দী কৰি ৰাখিছে বুলি উল্লেখ কৰে অজিত কুমাৰ ভূঞাই ৷ আনহাতে যদি মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম নহয় তেন্তে অখিল গগৈয়ে জেলৰ পৰা নিৰ্বাচন খেলিলেও আঞ্চলিক গণ মৰ্চাই সহায় কৰিব বুলি মন্তব্য কৰি অখিলক নিৰ্বাচনত জয়ী কৰাই আনিবলৈ সকলো আঞ্চলিক শক্তিক একত্ৰিত হৈ অখিল গগৈক সমৰ্থন আগবঢ়াবলৈ আহ্বান জনালে সাংসদ অজিত কুমাৰ ভূঞাই ৷
লগতে পঢ়কঃ প্ৰতিবাদী কংগ্ৰেছীক গুলিয়াবলৈ পিষ্টল উলিওৱা কোন এই আৰক্ষী বিষয়া !