গুৱাহাটী,22 ডিচেম্বৰ: কৃষি আইন বাতিলৰ দাবীত পুনৰ ৰাজপথত নামিল কামৰূপ জিলা সমন্বয়ৰক্ষী সমিতি ৷ মঙলবাৰে কামৰূপ জিলা সমন্বয়ৰক্ষী সমিতিৰ আহ্বান মৰ্মে আঞ্চলিক গণ মৰ্চাই গুৱাহাটী ক্লাবত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ কৃষি আইন প্ৰত্যাহাৰৰ লগতে কৃষক বিদ্ৰোহৰ সমৰ্থনত সাব্যস্ত কৰা এই প্ৰতিবাদত প্ৰায় অৰ্ধ শতাধিক লোকে অংশগ্ৰহণ কৰে ৷
এই প্ৰতিবাদত অংশগ্ৰহণ কৰি আঞ্চলিক গণ মৰ্চাৰ নেতা মনজিৎ মহন্তৰ মন্তব্যই এইখন চৰকাৰে প্ৰতিবাদৰ ভাষা নুবুজে বুলি আক্ষেপ প্ৰকাশ কৰে ৷ এখন অসাংবিধানিক আৰু অগণতান্ত্ৰিক আইন জাপি দি পুঁজিপতিক ধনী কৰাটোৱে চৰকাৰখনৰ লক্ষ্য বুলিও দাবী কৰে মহন্তই ৷ তাৰ বাবে সাধাৰণ জনতাক বলি দিবলৈও কুণ্ঠাবোধ নকৰে চৰকাৰে ৷ এই আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন কৰি যোৱাৰ হুংকাৰ প্ৰদান কৰে গণ মৰ্চাৰ নেতাগৰাকীয়ে ৷