ETV Bharat / state

বান আৰু বন্যপ্ৰাণীৰ সংকট সম্পৰ্কে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

author img

By

Published : Jul 3, 2020, 8:35 PM IST

বানৰ কবলত পৰা বন্যপ্ৰাণীসমূহক উদ্ধাৰৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে হোৱা ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ-

An Exclusive interview with forest minister of assam guwahati assam etv bharat news
আছুতীয়া সাক্ষাৎকাৰত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

গুৱাহাটী,৩ জুলাই: প্ৰকৃতিয়ে যেন ৰঙহে চাইছে ! এফালে কৰ’ণাৰ খাওঁ খাওঁ মূৰ্তি,আনফালে সাগৰসদৃশ বান । তাৰ মাজতে দাউ দাউকৈ জ্বলি আছে বাঘজানৰ জুই । ক্ৰমাৎ প্ৰাদুৰ্ভাৱ ঘটাৰ আশংকা কৰা হৈছে জাপানীজ এনকেফেলাইটিছ,ডেংগুকে ধৰি বিভিন্ন ৰোগৰ । মুঠতে এক ভয়ানক অস্থিৰ অৱস্থাৰ দিশে গতি কৰাৰ আংশকা কৰা হৈছে ৰাজ্যত ৷ মানুহৰ লগতে বিপদ নামি আহিছে বন্য জীৱ-জন্তুৰ বাবেও ।

বন্যপ্ৰাণীসমূহক উদ্ধাৰৰ বাবে চৰকাৰৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ

ইতিমধ্যে প্ৰলয়ংকৰী বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ওৰাং,মানাহ,পবিতৰা,ডিব্ৰু ছৈখোৱাকে ধৰি ৰাজ্যৰ বিভিন্ন অভয়াৰণ্যসমূহ প্লাৱিত কৰি তুলিছে । প্ৰাণৰ মমতাত বন্য পশু-পক্ষী ওলাই আহিছে বাহিৰলৈ ৷ তাৰ মাজতে হয়তো কাৰোবাৰ প্ৰাণ গৈছে চোৰাং চিকাৰী বা চোৰাং মাংস বেপাৰীৰ হাতত । কোনো কোনোৱে হয়তো বানৰ কবলৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় লৈছে বন বিভাগে সাজি দিয়া হাইলেণ্ডত । ৰাজ্যৰ পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে,এইবাৰৰ বানত কাজিৰঙা আৰু পবিতৰাত এটাকৈ মুঠ দুটা গঁড়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । এতিয়ালৈকে সৰ্বমুঠ ৩১টা বন্য জীৱ-জন্তুৰ মৃত্যু হৈছে বানত । বুধবাৰে নিশা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত মৃত্যুমুখত পৰাৰ পৰা এটা অসহায় হাতীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় বনকৰ্মীসকল । মন্ত্ৰী গৰাকীয়ে সদৰী কৰা মতে,এতিয়ালৈ ৪৪ টা ভিন্ন বন্যজীৱক বানৰ কবলৰ পৰা উদ্ধাৰ কৰিছে বনকৰ্মীসকলে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীৱ-জন্তুক পানীৰ পৰা ৰক্ষা পাবলৈ নিৰ্মাণ কৰি দিয়া হৈছে ৩১ টাকৈ হাইলেণ্ড ৷ সাপ,গঁড়,হৰিণা,নল গাহৰিকে ধৰি বিভিন্ন বন্য জীৱই প্ৰাণৰ মায়াত এই হাইলেণ্ডসমূহত সহাৱস্থান কৰি আছে । প্ৰায় 1500 গৰাকী বন কৰ্মীয়ে অহৰ্নিশে তদাৰক কৰি আছে অভয়াৰণ্যসমূহ ।

লগতে চাওকঃ বানে সংকট নমাইছে ঐতিহ্যমণ্ডিত সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.