ETV Bharat / state

জুবিন গাৰ্গে দিয়া গৰিমা গাৰ্গৰ আটাইতকৈ ভাললগা উপহাৰটো কি? - এক আছুতীয়া সাক্ষাৎকাৰ ইটিভি ভাৰত

জুবিন-গৰিমাৰ 18 বছৰীয়া বিবাহ বাৰ্ষিকীত গৰিমা গাৰ্গৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ ইটিভি ভাৰতৰ ৷

An exclusive interview of Garima Garg with Etv Bharat
জুবিন গাৰ্গে দিয়া গৰিমা গাৰ্গৰ আটাইতকৈ ভাললগা উপহাৰটো কি?
author img

By

Published : Feb 5, 2020, 3:21 AM IST

গুৱাহাটী, 4 ফেব্ৰুৱাৰীঃ জুবিন-গৰিমাৰ বিবাহ বাৰ্ষিকীয়ে গৰকিলে 18টা বসন্ত ৷ এই 18 বছৰীয়া বিবাহ বাৰ্ষিকীৰ দিনটোত কি ক’লে গৰিমা শইকীয়া গাৰ্গে ? স্বামী জুবিন গাৰ্গে দিয়া আটাইতকৈ ভাললগা উপহাৰটো কি? কিয় আৱেগিক হৈ পৰিল বিবাহ বাৰ্ষিকীৰ দিনটোতেই গৰিমা গাৰ্গ? এই সকলো কথাৰ উত্তৰ বিচাৰি গৰিমা গাৰ্গেৰে এক আছুতীয়া সাক্ষাৎকাৰ ইটিভি ভাৰতৰ ৷ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন ৷

সুদীৰ্ঘ 18 টা বছৰ সুখ-দুখৰ লগৰী হিচাপে জুবিনক পাইছে গৰিমাই । 6 বছৰীয়া প্ৰেমৰ অন্তত বিবাহৰ বান্ধোনত বান্ধ খোৱা দুয়োই পাৰ কৰিছে যুগ্ম জীৱনৰ দুটাকৈ দশক । বিবাহ বাৰ্ষিকীৰ দিনটোত কৰ্ম ব্যস্ততাৰেই পাৰ হৈছে দুয়োৰেই দিনটো । আনহাতে প্ৰতিশ্ৰুতি সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত গৰিমাই কয় ‘বিবাহৰ পূৰ্বেও দিছিল আজিও দিয়ে স্বামী জুবিন গাৰ্গে প্ৰতিশ্ৰুতি কিন্তু প্ৰতিশ্ৰুতি কেতিয়াবা প্ৰতিশ্ৰুতি হৈয়ে ৰয়’। ইয়াৰোপৰি ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত এজনে আনজনৰ প্ৰতি সময় উলিয়াব নোৱাৰিব বুলি পূৰ্বতেই বুজিছিল পত্নী গৰিমা গাৰ্গে। পূৰ্বতেই বুজিছিল পত্নী গৰিমা গাৰ্গে সচৰাচৰ স্বাভাৱিক স্বামী-স্ত্ৰীৰ দৰে সম্পৰ্ক দুয়োৰে নহ’ব আৰু সেইবাবে কথাবোৰ বৰ্তমান মানি ল’বলৈ চেষ্টা কৰিছে বুলিও উল্লেখ কৰে গৰিমা গাৰ্গে।

জুবিন গাৰ্গে দিয়া গৰিমা গাৰ্গৰ আটাইতকৈ ভাললগা উপহাৰটো কি?

আনহাতে প্ৰেমৰ সম্পৰ্কৰ প্ৰথম বছৰত স্বামী জুবিন গাৰ্গে এটা লকেট দিছিল যিটো বৰ্তমানেও সযতনে ৰাখিছে গৰিমা গাৰ্গে। এই কথা ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে গৰিমাই ৷ আজিৰ এই পৱিত্ৰ বিবাহ বাৰ্ষিকীৰ দিনটোত গৰিমা গাৰ্গে স্বামী জুবিনৰ সুস্বাস্থ্য কামনা কৰে আৰু নিজৰ যতন লোৱাটো বিচাৰে বুলিও উল্লেখ কৰে ৷ এনেদৰেই তেওঁলোকৰ প্ৰেমৰ বছৰবোৰ খুব সুন্দৰকৈ প্ৰেমৰ মাজেৰে পাৰ হওঁক। এই দিনটোত ইটিভি ভাৰত অসমৰ তৰফৰ পৰাও জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গলৈ বিবাহ বাৰ্ষিকীৰ অলেখ-অযুত শুভেচ্ছা জ্ঞাপন কৰিলো ৷

আৰু পঢ়কঃবাজেট 2020 : কি পালে পূৰ্বোত্তৰে ?

Intro:18 বছৰীয়া বিবাহ বাৰ্ষিকীৰ দিনটোত কি কলে গৰিমা গাৰ্গে?
স্বামী জুবিন গাৰ্গে দিয়া আটাইতকৈ ভাল লগা উপহাৰ কি সযতনে ৰাখিছে জুবিন গাৰ্গে?
কিয় ভাবুক হৈ পৰিল বিবাহ বাৰ্ষিকীৰ দিনটোত গৰিমা গাৰ্গ?
বিবাহৰ পূৰ্বে বৈবাহিক জীৱন সম্পৰ্কে গৰিমা গাৰ্গে কি আশা কৰিছিল আৰু কি পালে ?
সকলো কথাৰ উত্তৰ বিচাৰি গৰিমা গাৰ্গৰ সৈতে এটি আছুতীয়া সাক্ষাৎকাৰ।

Body:সুদীৰ্ঘ 18 টা বছৰ সুখ দুখৰ লগৰী দুয়োৰে দুয়োৰ। 6 বছৰীয়া প্ৰেমৰ অন্তত বিবাহ দুটা যুগ নিজৰ স্বামীৰ সৈতে কটাইছে গৰিমা গাৰ্গে। বিবাহ বাৰ্ষিকীৰ দিনটোত কামেৰেই পাৰ কৰিছে দুয়ো জন স্বামী স্ত্ৰীয়ে। বিবাহৰ পূৰ্বেও দিছিল আজিও দিয়ে স্বামী জুবিন গাৰ্গে প্ৰতিশ্ৰুতি কিন্তু প্ৰতিশ্ৰুতি কেতিয়াবা প্ৰতিশ্ৰুতি হৈয়ে ৰয়। ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত এজনে আনজনৰ প্ৰতি সময় উলিয়াব নোৱাৰিব বুলি পূৰ্বতেই বুজিছিল পত্নী গৰিমা গাৰ্গে। পূৰ্বতেই বুজিছিল পত্নী গৰিমা গাৰ্গে সচৰাচৰ স্বাভাৱিক স্বামী স্ত্ৰীৰ দৰে সম্পৰ্ক দুয়োৰে নহব আৰু সেইবাবে কথা বোৰ বৰ্তমান মানি লবলৈ চেষ্টা কৰিছে পত্নী গৰিমা গাৰ্গে। প্ৰেমৰ সম্পৰ্কৰ প্ৰথম বছৰত স্বামী জুবিন গাৰ্গে এটা লকেট দিছিল যিটো বৰ্তমানেও সযতনে ৰাখিছে গৰিমা গাৰ্গে। আজিৰ দিনটোত কেৱল জুবিন গাৰ্গৰ পৰা এটাই বিচাৰে পত্নী গৰিমা গাৰ্গে স্বাস্থ্যৰ যতন সদায়ে লওক জুবিন গাৰ্গে।

Conclusion:এনেদৰেই তেওঁলোকৰ প্ৰেমৰ বছৰ বোৰ খুব সুন্দৰকৈ প্ৰেমৰ মাজেৰে পাৰ হওঁক। আজিৰ দিনটোত ইটিভি ফালৰ পৰা জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গলৈ বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.