নিউজ ডেস্ক,11 মে’ : ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাচতে সামাজিক মাধ্যমত অসংখ্য লোকে অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী শৰ্মাক ৷
-
#Amul Topical: New CM of Assam chosen! pic.twitter.com/NFpMGg8kSh
— Amul.coop (@Amul_Coop) May 10, 2021 " class="align-text-top noRightClick twitterSection" data="
">#Amul Topical: New CM of Assam chosen! pic.twitter.com/NFpMGg8kSh
— Amul.coop (@Amul_Coop) May 10, 2021#Amul Topical: New CM of Assam chosen! pic.twitter.com/NFpMGg8kSh
— Amul.coop (@Amul_Coop) May 10, 2021
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি আন আন ৰাজনৈতিক নেতা আৰু সাধাৰণ লোকেও অভিনন্দন জনাইছে ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ ইয়াৰ মাজতে দেশৰ অন্যতম সৰ্ববৃহৎ দুগ্ধজাত কোম্পানী আমুলৰ প’ষ্টাৰত স্থান পাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি সদৃশ কাৰ্টুন ৷
সাধাৰণতে আমুলে বিশেষ ব্যক্তি অথবা ঘটনাক লৈহে কাৰ্টুন আঁকি এক উৎকৃষ্টমানৰ শিৰোনামৰ জৰিয়তে প’ষ্টাৰ শ্বেয়াৰ কৰে ৷ টুইটযোগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্টুন প’ষ্টাৰ শ্বেয়াৰ কৰি আমুল কোম্পানীয়ে তেওঁৰ ওপৰত বিশ্বাস কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : কৰ'ণাত আক্রান্ত হৈ বৰপেটাৰ মুখ্য চিকিৎসা বিষয়াৰ মৃত্যু