গুৱাহাটী, 13 জুনঃ অম্বুবাচী উপলক্ষে বৃহস্পতিবাৰে মহানগৰীৰ পাণ্ডু কলেজ গেটত মহা অম্বুবাচী আধ্যাত্মিক সেৱা সমিতিৰ মহানগৰী জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা সভা । বিগত বৰ্ষৰ অম্বুবাচীত ৰৈ যোৱা আসোঁৱাহসমূহ যাতে এইবাৰ পুণৰাবৃত্তি নহয় তাৰ বাবে এই সভাত আলোচনা কৰা হয় । এই সভাৰ পাচতে জানিবলৈ দিয়ে যে, ২০ তাৰিখৰ পৰা ২৭ তাৰিখলৈ পাণ্ডুৰ কলেজ গেটত ভক্তৰ বাবে বিশেষ শিবিৰ স্থাপন কৰিব সংস্থাটোৱে । য'ত ভক্তসকলক সকলো ধৰণৰ সা-সুবিধাৰ ব্যৱস্থা কৰা হ'ব । ইফালে মহানগৰীত স্থাপন হ'বলগীয়া চাৰিটা ভক্তৰ শিবিৰত ৫০০ জন স্বেচ্ছাসেৱক নিয়োগ কৰিব মহা অম্বুবাচী আধ্যাত্মিক সেৱা সমিতিয়ে । তাৰোপৰি শিবিৰসমূহৰ লগতে ভক্তৰ সেৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব সমিতিটোৱে ।
এই সভাত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত মনোজ চিকাৰীয়া, সমাজকৰ্মী কমল দে, দেৱব্ৰত দে আদিকে ধৰি আৰক্ষী আৰু অঞ্চলটোৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি ।