ETV Bharat / state

২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলা... - ASSAM POLICE

উখল মাখল কামাখ্যাধাম, সাজু প্ৰশাসন, কামাখ্যা মন্দিৰ পৰিচালনা সমিতি, লাখ লাখ ভক্তৰ সমাগম আশা কৰা হৈছে পূৰ্বতকৈও ৷

উখল মাখল কামাখ্যাধাম
author img

By

Published : Jun 17, 2019, 11:42 PM IST

উখল মাখল কামাখ্যাধাম ৷ অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ'ব অম্বুবাচী মেলা ৷ এই উপলক্ষে সাজু হৈছে কামাখ্যা মন্দিৰৰ বৰদেউৰী সমাজ তথা জিলা প্ৰশাসন ৷ সোমবাৰে কামাখ্যা মন্দিৰত অনুষ্ঠিত এক সংবাদমেলত মন্দিৰ পৰিচালনা সমিতিয়ে জনালে অম্বুবাচী মেলাৰ প্ৰস্তুতিৰ বিষয়ে৷ ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে কামাখ্যা ধামত ৷

উখল মাখল কামাখ্যাধাম
  • ২২জুনৰ নিশা ১.৪০ মিনিট ১৮ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি
  • ২৬ জুনৰ দুপৰীয়া ২ বাজি ৪ মিনিট ২২ ছেকেণ্ডত হ'ব নিবৃত্তি
  • ২৩,২৪,২৫ তাৰিখে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ মূল প্ৰৱেশ দুৱাৰ
  • ২৬ জুনৰ পুৱাৰ ভাগত খোল খাব কামাখ্যা মন্দিৰৰ মূল দুৱাৰ
  • ২১ জুনৰ পৰা ৩০ জুনলৈ বন্ধ থাকিব প্ৰতিৰক্ষা বাহিনীৰ সকলো টিকট
  • ২৬,২৭ জুনত দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব ৫০১ টকাৰ বিশেষ টিকট
  • নিশা ১২বজাৰ পিছত মন্দিৰৰ চৌহদত প্ৰৱেশ নিষিদ্ধ দৰ্শনাৰ্থীৰ

Intro:অম্বুবাচী মেলাৰ প্ৰস্তুতি সন্দৰ্ভত কামাখ্যা দেৱালয়ৰ কৰ্তৃপক্ষৰ সংবাদমেল। ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ'ব অম্বুবাচী মেলা। ২২জুনৰ নিশা ১.৪০ মিনিট ১৮ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি। ২৬ জুনৰ দুপৰীয়া ২ বাজি ৪ মিনিট ২২ ছেকেণ্ডত হ'ব নিবৃত্তি। সেই অনুসৰি ২৩,২৪,২৫ তাৰিখে বন্ধ থাকিব মন্দিৰ মূল দুৱাৰ।
মাৰ মূল দুৱাৰ খুলিব ২৬ জুনৰ পুৱাৰ ভাগত। সংবাদমেলযোগে এই কথা জনালে মন্দিৰ পৰিচালনা সমিতিয়ে। ইফালে ২১ জুনৰ পৰা ৩০ জুনলৈ প্ৰতিৰক্ষা বাহিনীৰ সকলো টিকট বন্ধ থাকিব। তাৰোপৰি ২৬,২৭ জুনত দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব ৫০১ টকাৰ বিশেষ টিকট। নিশা ১২বজাৰ পিছত মন্দিৰৰ চৌহদত প্ৰৱেশ নিষিদ্ধ কৰিছে পৰিচালনা সমিতিয়ে। মন্দিৰ চৌহদ চাফ চিকুণ কৰাৰ বাবে এই সিন্ধান্ত লৈছে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে। আনহাতে কামাখ্যা মন্দিৰলৈ প্ৰৱেশ কৰাৰ মূল পথৰ পৰিৱৰ্তে তিনিটাকৈ থকা পদপথ দৰ্শনাৰ্থীসকলক ব্যৱহাৰ কৰিবলৈ আহ্বান জনালে মন্দিৰ পৰিচালনা সমিতিয়ে। জোতা ছেণ্ডেলৰ ক্ষেত্ৰত ৰখাৰ ক্ষেত্ৰতো লোৱা হৈছে বিশেষ ব্যৱস্থা। প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিয়ে নিৰ্ধাৰিত কৰাৰ স্থানতহে জোতা চেণ্ডেল ৰাখিবলৈ দৰ্শনাৰ্থীসকলক সংবাদমেলযোগে আহ্বান জনাই মন্দিৰ পৰিচালনা সমিতিয়ে। উল্লেখযোগ্য যে ভক্তৰ নিৰাপত্তাৰ বাবে মন্দিৰ চৌহদত থকা ১২০জন নিৰাপত্তাৰক্ষীৰ উপৰিও ৪০০জন স্কাৱট গাইড, ৪০০জন স্বেচ্ছাসেৱক, ১৪০জন অস্থায়ী সুৰক্ষা কৰ্মী, ২১০জন স্থায়ী চাফাই কৰ্মীৰ উপৰিও ২০০জন অস্থায়ী চাফাই কৰ্মী নিয়োগ কৰিব কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে। ইয়াৰোপৰি ৩০০চিচি কেমেৰা লগোৱা হৈছে বুলিও জানিবলৈ দিয়ে মন্দিৰ পৰিচালনা সমিতিয়ে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.