ETV Bharat / state

সোণৰ কণী পৰা হাঁহত পৰিণত অম্বিকাগিৰী পথ

বেংকক, ছিংগাপুৰ আদি চহৰৰ আৰ্হিৰে গুৱাহাটীক সজাই-পৰাই তুলিবলৈ অতি কম দিনৰ ভিতৰতে চমক সৃষ্টি কৰি অত্যাধুনিক ফুট ব্ৰীজ স্থাপন কৰা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জু-ৰোডস্থিত বাসভৱনৰ গাতে লাগি থকা অম্বিকাগিৰী নগৰৰ পথেৰে পাৰ হ’লে চকু কপালত উঠিব আপোনাৰ ।

সোণৰ কণী পৰা হাঁহত পৰিণত অম্বিকাগিৰি নগৰৰ পথ

author img

By

Published : Mar 2, 2021, 10:27 AM IST

Updated : Mar 3, 2021, 2:47 PM IST

গুৱাহাটী,2 মাৰ্চ: বিগত ১৮ মাহতে চমক সৃষ্টি কৰি গণেশগুৰিৰ নৱতম উৰণীয়া সেঁতু নিৰ্মাণ কৰি বাহ বাহ লোৱা অসমৰ বিয়াগোম লোক নিৰ্মাণ বিভাগৰ কৰ্ম-কাণ্ডত অতিষ্ঠ হৈছে একাংশ মহানাগৰিক । বেংকক, ছিংগাপুৰ আদি চহৰৰ আৰ্হিৰে গুৱাহাটীক সজাই-পৰাই তুলি কম দিনৰ ভিতৰতে চমক সৃষ্টি কৰি অত্যাধুনিক ফুট ব্ৰীজ স্থাপন কৰা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জু-ৰোডস্থিত বাসভৱনৰ গাতে লাগি থকা অম্বিকাগিৰী নগৰৰ পথেৰে পাৰ হ’লে সকলোৰে চকু কপালত উঠিব ।

সোণৰ কণী পৰা হাঁহত পৰিণত অম্বিকাগিৰী পথ

চৰকাৰ আহে আৰু যায় । কিন্তু জু-ৰোড আৰু মাডাৰ টেৰেছা পথক সংযোগ ঘটোৱা অম্বিকাগিৰি নগৰৰ মূল পথচোৱাত আজি পৰ্যন্ত পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ’ল । কেবাটাও দশকজুৰি কৃত্ৰিম বানৰ লগতে যাতায়াতৰ সমস্যাত ভোগা অম্বিকাগিৰী নগৰবাসীয়ে সেয়ে 4 বছৰৰ পূৰ্বে অসম মানৱ অধিকাৰ আয়োগত দাখিল কৰা AHRC case- 1999/9/17-18 of dt 25/05/2017 গোচৰৰ ভিত্তিত তেতিয়াই লোক নিৰ্মাণ বিভাগক পথটি পুনঃনিৰ্মাণ আৰু নলা নিৰ্মাণৰ বাবে নিৰ্দেশ দিছিল । কিন্তু বিগত চাৰিটা বছৰে অম্বিকাগিৰী নগৰবাসীয়ে যমৰ যাতনা ভূগি যাতায়াত কৰিবলগা হৈছে । সততে কথাৰ ফুলজাৰি মাৰি ফুৰা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰো কাণষাৰ নাই এইক্ষেত্ৰত ৷

উল্লেখ্য যে, বিভাগীয় কৰ্তৃপক্ষৰ ওচৰলৈ তাঁতবাতি কাঢ়ি ভাগৰি পৰি উপায়ন্তৰ হৈ অসম মানৱ অধিকাৰ আয়োগৰ কাষ চপাৰ পাছতে আয়োগে দিয়া নিৰ্দেশমৰ্মে লোক নিৰ্মাণ বিভাগে ১ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষে অম্বিকাগিৰী নগৰৰ ১ কিল’মিটাৰ পথ নিৰ্মাণ আৰু আৰচিচি নলা নিৰ্মাণৰ কাম আৰম্ভ কৰে । কিন্তু সেয়াও সম্পূৰ্ণ হৈ নুঠিল । পৰৱৰ্তী সময়ত পুনৰ প্ৰায় ২ কোটি টকা ব্যয় সাপেক্ষে এই নিৰ্মাণৰ কাম অৰ্পণ কৰে গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ সহকাৰী মুৰব্বী আব্দুল ফাৰুক মালিকানাধীন নিৰ্মাণ প্ৰতিষ্ঠানক । সম্প্ৰতি আৰচিচি নলা নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে যদিও পথৰ অৱস্থা এতিয়াও পূৰ্বৰ দৰেই আছে । লেহেমীয়া নিৰ্মাণৰ বাবে একপ্ৰকাৰে অভিলেখ গঢ়া লোক নিৰ্মাণ বিভাগটোৱে পথটি কেতিয়ালৈ যাতায়াতৰ বাবে সূচল কৰি তোলে তাক লৈ আশা পালি আছে অম্বিকাগিৰী নগৰবাসীয়ে ।

লগতে পঢ়কঃ বিজেপি-অগপৰ আসন বুজাবুজি ৯৫ শতাংশ সম্পূৰ্ণ : হিমন্ত বিশ্ব

Last Updated : Mar 3, 2021, 2:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.