ETV Bharat / state

Ambari Burha Jame Masjid on Qurbani: আন ধৰ্মক আঘাত নিদিয়াকৈ কুৰ্বানি দিবলৈ আহ্বান মছজিদ কৰ্তৃপক্ষৰ

author img

By

Published : Jul 9, 2022, 10:39 PM IST

"আন ধৰ্মৰ লোকক আঘাত দি কুৰবানি দিয়াৰ কথা আমাৰ কোৰাণতো উল্লেখ নাই ৷ কুৰবানি দিওঁতে সকলোৱে এই সাৱধানবানী অৱলম্বন কৰক ৷ চৰকাৰৰ নিৰ্দেশনা মানি চলি শান্তিপূৰ্ণভাৱে কুৰবানি দিয়া হ'ব ৷" কুৰবানিৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ আমবাৰী বুঢ়া জামে মছজিদৰ সাধাৰণ সম্পাদক নিজামুল হকৰ (Ambari Burha Jame Masjid on Qurbani) ৷

Eid preparation in Assam
আন ধৰ্মক আঘাত নিদিয়াকৈ কুৰ্বানি দিবলৈ আহ্বান মছজিদ কৰ্তৃপক্ষৰ

গুৱাহাটী, 9 জুলাই : দেওবাৰে সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো উলহে মালহে পালন কৰা হ'ব ঈদ ৷ ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে যোৱ দুবছৰে ৰাজ্যবাসীয়ে অনুষ্টুপীয়াকৈ ঈদ পালন কৰিবলগীয়া হৈছিল ৷ এইবাৰ দুগুণ উৎসাহেৰে উলহ-মালহেৰে ঈদ-উজ-জোহা উদযাপনৰ বাবে সাজু হৈছে অসমৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজসকল (Eid Ul Adha celebrated in Assam)৷

ঈদৰ উপলক্ষে ৰাজ্যৰ বজাৰসমূহত ছেৱে, ফলমূলকে ধৰি বিভিন্ন সুস্বাদু সামগ্ৰীৰে ভৰি পৰিছে ৷ অন্যান্য সামগ্ৰীৰ লগতে কুৰ্বানীৰ বাবে বজাৰত বৃদ্ধি হৈছে ছাগলীৰ মূল্য ৷ জানিব পৰামতে পূৰ্বৰ তুলনাত এইবাৰ ৰাজ্যৰ বজাৰসমূহত ছাগলীৰ আমদানি বৃদ্ধি হৈছে ৷ ৰাজ্যজুৰি মূল্যবৃদ্ধিয়ে হাহাকাৰ কৰাৰ পিছতো ঈদৰ বাবে সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰত ভিৰ কৰিছেহি গ্ৰাহকে ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ ঈদগাহ, মছজিদ আদিত ঈদৰ সমূহীয়া নামাজ পঢ়াৰ বাবে চলোৱা হৈছে জোৰদাৰ প্ৰস্তুতি (Eid preparation in Assam) ৷ আমবাৰী বুঢ়া জামে মছজিদৰ সাধাৰণ সম্পাদক নিজামুল হকে ঈদৰ কাৰ্যসূচীৰ সন্দৰ্ভত কয় যে জামে মছজিদত পুৱা 8 বজাত সমূহীয়া নামাজ অনুষ্ঠিত হ'ব ৷ ইছলাম ধৰ্মাৱলম্বী লোকৰ ৰীতি-নীতি অনুসাৰে চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনা মতে কুৰ্বানি দিয়া হ'ব ৷

লগতে তেওঁ কয় - "আন ধৰ্মৰ লোকক আঘাত দি কুৰবানি দিয়াৰ কথা আমাৰ কোৰাণতো উল্লেখ নাই ৷ কুৰবানি দিওঁতে সকলোৱে এই সাৱধানবানী অৱলম্বন কৰক ৷ চৰকাৰৰ নিৰ্দেশনা মানি চলি শান্তিপূৰ্ণভাৱে কুৰবানি দিয়া হ'ব ৷ চৰকাৰৰ নিৰ্দেশনাক কোনো অমান্য নকৰে বুলি মোৰ বিশ্বাস ৷ এইবাৰ ঈদগাহ কমিটিয়ে লাভ কৰা ধনেৰে আমি বানাক্ৰান্তসকলৰ বাবে সাহাৰ্য আগবঢ়োৱাৰ পৰিকল্পনা কৰিছো ৷ মই অন্য মছজিদ কমিটীসমূহকো বানাক্ৰান্তসকলৰ বাবে এনেধৰণৰ পদক্ষেপ লবলৈ অনুৰোধ জনাইছো ৷"

ইফালে ঈদৰ কোৰবানীক লৈ ৰাজ্য চৰকাৰে 8 জুলাইত জৰুৰী নিৰ্দেশনা জাৰি কৰিছিল (Assam government issues order on Kurbani)। এই নিৰ্দেশনা অনুসৰি ঈদৰ সময়ত গৰু, উট আৰু অন্যান্য জন্তুৰ অবৈধ হত্যা তথা কোৰবানী বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে । লগতে ঈদৰ নামত পশু পৰিবহণ আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে (Ban order on Kurbani in Eid Ul Adha)।

উল্লেখ্য যে, এই সন্দৰ্ভত ইতিমধ্যে ভাৰত চৰকাৰৰ ভাৰতীয় পশু কল্যাণ পৰিষদ, মীন পালন, পশুপালন আৰু দুগ্ধজাত ৰক্ষা মন্ত্ৰণালয়ৰ সচিবে ৰ‍াজ্য চৰকাৰলৈ পত্র যোগে নিৰ্দেশনা জাৰি কৰিছিল । ভাৰত চৰকাৰৰ কেইবাটাও বিভাগে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত অসম চৰকাৰৰ গৃহ আৰু ৰ‍াজনৈতিক বিভাগৰ যুটীয়া সচিবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকললৈ ৪ জুলাইত পত্ৰ যোগে এই সন্দৰ্ভত নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: ঈদ-উজ-জোহাৰ কোৰবানীৰ ক্ষেত্ৰত জৰুৰী নিৰ্দেশনা অসম চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.