ETV Bharat / state

Asom Sahitya Sabha: GMDAৰ বিৰুদ্ধে সাহিত্য সভাৰ ভূমি বেদখলৰ অভিযোগ - পবিত্ৰ কুমাৰ শৰ্মা

GMDAৰ বিৰুদ্ধে উঠিছে অসম সাহিত্য সভাৰ ভূমি অবৈধভাৱে দখল কৰাৰ অভিযোগ ৷ অসম সাহিত্য সভা কৰ্তৃপক্ষৰ ভুলৰ বাবেই এয়া সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আহ্বায়ক পবিত্ৰ কুমাৰ শৰ্মাই ৷ গুৱাহাটীৰ চচলস্থিত সাহিত্য সভাৰ ভূমিত GMDA আৰম্ভ কৰিছে খননকাৰ্য ৷

Asom Sahitya Sabha
GMDAৰ বিৰুদ্ধে সাহিত্য সভাৰ ভূমি বেদখলৰ অভিযোগ
author img

By

Published : Jan 27, 2023, 5:19 PM IST

GMDAৰ বিৰুদ্ধে সাহিত্য সভাৰ ভূমি বেদখলৰ অভিযোগ

গুৱাহাটী, 27 জানুৱাৰী: বিতৰ্কই যেন লগ নেৰে অসম সাহিত্য সভাক(Asom Sahitya Sabha) । এইবাৰ সাহিত্য সভাৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ ভুল আৰু অনিহাৰ বাৰেই সাহিত্য সভাই হেৰুৱাব নিজৰ ভূমি ৷ সাহিত্য সভাৰ অমনোযোগীতা আৰু সভাপতি, সম্পাদকৰ অনিহাৰ বাবে এতিয়া হেৰাই যোৱাৰ উপক্ৰম হৈছে মহানগৰীৰ চচলৰ 55 বিঘা মাটি ৷

উল্লেখ্য যে, অসম সাহিত্য সভাৰ ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ভূমি দখলৰ অভিযোগ উত্থাপন হৈছে গুৱাহাটী উন্নয়ন নিগমৰ বিৰুদ্ধে ৷ অবৈধভাৱে জি এম ডিয়ে সাহিত্য সভাৰ মাটি দখল কৰাৰ অভিযোগ(GMDA occupied Sahitya Sabha land) ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰৰ আহ্বায়ক পবিত্ৰ কুমাৰ শৰ্মাৰ ৷ শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰিছে আহ্বায়কগৰাকীয়ে ৷

পবিত্ৰ কুমাৰ শৰ্মাই সংবাদমেল সম্বোধন কৰি কয় যে, চচলত 1993 চনত সেই সময়ৰ তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই অসম সাহিত্য সভা প্ৰকল্পৰ বাবে চচলত 55 বিঘা ভূমি আবন্টন দিছিল । 2014 চনত অসম সাহিত্য সভাই সেই ভূমিত ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰিবৰ বাবে চিন্তা চৰ্চা কৰিছিল । হাতত পৰ্যাপ্ত পূঁজি নথকাৰ বাবে সাহিত্য সভাই কামত আগবঢ়াব নোৱাৰিলে ৷ কিন্তু 620 নং দাগত থকা মাটিখিনিত অসম সাহিত্য সভাই দুটা কোঠা নিৰ্মাণ কৰে ৷

ইয়াৰ পিচৰে পৰা দীৰ্ঘদিন ধৰি অব্যৱহৃত সাহিত্য সভাৰ নামত আবণ্টিত ভূমিখিনি ৷ উল্লেখ্য যে, সেই ভূমিখিনি 2010 চনত সেউজ প্ৰাধিকীকৰণৰ জলাশয় আইনৰ অধীনলৈ গৈছিল ৷ যাৰ বাবে 2014 চনত অসম সাহিত্য সভাৰ অষ্টম বাৰ্ষিক অধিবেশনৰ কিছু কাৰ্যসূচী চচলস্থিত ভূমিত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও প্ৰশাসনে বাধাৰ সৃষ্টি কৰিছিল ।

ইয়াৰোপৰি, সেউজ প্ৰাধিকীকৰণৰ জলাশয় আইনৰ অধীনলৈ যোৱা মাটিখিনি পুনৰ সাহিত্য সভাৰ নামত ঘূৰাই আনিবলৈ আজি পৰ্যন্ত অসম সাহিত্য সভাৰ কোনো এগৰাকী সভাপতি বা সম্পাদকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । এই অভিযোগ উত্থাপন কৰিছে ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰৰ আহ্বায়ক পবিত্ৰ কুমাৰ শৰ্মাই ৷

যাৰ বাবে এতিয়া, এই ভূমিত চলিছে GMDAৰ(Guwahati Metropolitan Development Authority) খনন কাৰ্য ৷ GMDA সাহিত্য সভাৰ কোনো অনুমতি নলোৱাকৈ সেই মাটিখিনিত খনন আৰু আন স্থানৰ পৰা মাটি আনি পেলাবলৈ আৰম্ভ কৰিছে । খনৰৰ 25 দিন হৈ যোৱা পিচতো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । সেয়েহে নাৰায়ণপুৰত অনুষ্ঠিত হ’ব লগীয়া সাহিত্য সভাৰ অধিৱেশনৰ প্ৰতিনিধি সভাত সমগ্ৰ বিষয়টো উত্থাপন কৰিব মহানগৰ জিলা সাহিত্য সভাই ।

মাটিখিনি পুনৰ কি প্ৰক্ৰিয়াৰে সাহিত্য সভাৰ নামত কৰিব পৰা যাব সেই প্ৰক্ৰিয়া কৰিবলৈ সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিক আহ্বান জনাব কামৰূপ মহানগৰ সাহিত্য সভাই । শুকুৰবাৰৰ সংবাদমেলত বিশিষ্ট শিক্ষাবিদ দয়ানন্দ পাঠক , কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি সবিতা দেৱী, সদস্য প্ৰদীপ কুমাৰ বৰাকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক: No salary for six months: অতি শীঘ্ৰে দৰমহা মোকলাই নিদিলে জংগী আন্দোলনৰ হুংকাৰ সাহিত্য সভাৰ কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.