ETV Bharat / state

মন্ত্ৰী চন্দন ব্ৰহ্মৰ বিভাগত 300 কোটি টকীয়া দুৰ্নীতিৰ অভিযোগ - ভৈয়াম জনজাতি

৩০০ কোটি টকাৰ ব্যাপক অনিয়ম সংঘটিত হোৱাৰ ভয়ংকৰ অভিযোগ উঠিছে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা জাতি উন্নয়ন বিভাগৰ বিৰুদ্ধে ৷ এই গুৰুতৰ অভিযোগ আসাম পাব্লিক ৰ্ৱকছ নামৰ সংগঠনটোৰ ৷ বুধবাৰে গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেল আয়োজন কৰি বিভাগটোৰ বিৰুদ্ধে বহু অভিযোগ তোলে ৷

300 crore scam
300 crore scam
author img

By

Published : Nov 18, 2020, 8:36 PM IST

গুৱাহাটী, 18 নৱেম্বৰ : মন্ত্ৰী চন্দন ব্ৰহ্মৰ আমোলত ব্যাপক ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা জাতি উন্নয়ন বিভাগত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৷ ৩০০ কোটি টকাৰ ব্যাপক অনিয়ম সংঘটিত হোৱাৰ ভয়ংকৰ অভিযোগ উঠিছে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা জাতি উন্নয়ন বিভাগৰ বিৰুদ্ধে ৷ এই গুৰুতৰ অভিযোগ আসাম পাব্লিক ৰ্ৱকছ নামৰ সংগঠনটোৰ ৷

বুধবাৰে গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেল আয়োজন কৰি বিভাগটোৰ বিৰুদ্ধে বহু অভিযোগ তোলে ৷ তেওঁলোকে কয় বিগত দিনত পাৰ হৈ যোৱা দুটা বিত্তীয় বৰ্ষত বিভিন্ন নিবিদাৰ নামত ষড়যন্ত্ৰমূলকভাৱে প্ৰায় তিনিশ কোটিৰো অধিক ধন পানীত পেলাই ঠিকাদাৰৰ সতে মিলি লুটি-পুতি খাইছে । তদানীন্তন সঞ্চালক বিভাষ মোডীৰ আমোলত বিভাগীয় মন্ত্ৰী চন্দন ব্রহ্মৰ ছত্র ছাঁয়াত বিভাগীয় সকলো নীতি-নিয়ম জলাঞ্জলি দি ২০১৮-১৯ আৰু ২০১৯-২০ বর্ষৰ বিপৰীতে প্ৰায় তিনিশ কৌটি টকাৰ বিভিন্ন সামগ্রী যোগানৰ নিবিদা আহ্বান কৰা হৈছিল ।

মন্ত্ৰী চন্দন ব্ৰহ্মৰ বিভাগত 300 কোটি টকীয়া দুৰ্নীতিৰ অভিযোগ

উক্ত নিবিদাসমূহৰ বিপৰীতে দিয়া যোগানৰ নিৰ্দেশ সমূহত অতি স্পষ্টকৈ নিৰ্দিষ্ট সময়ৰ ভিতৰত প্রতিটো স্থানত সামগ্রী যোগান ধৰি বিল চালান আদিৰ তিনিটাকৈ কপি জমা দিয়াৰ পাচতহে ঠিকাৰ ধন বিভাগীয় ভাবে আদায় দিয়া হ’ব । এই সমূহ বিভাগীয়ভাবে ৱর্ক অর্ডাৰ সমূহ দিয়া হৈছিল ২০ ফেব্ৰুৱাৰী ২০১৯ তাৰিখৰ পৰা ২৮ ফেব্রুৱাৰী, ২০২০ তাৰিখৰ ভিতৰত । ইয়াৰ এমাহৰ ভিতৰত অর্থাৎ ২৯ মাৰ্চ ২০১৯ তাৰিখৰ ভিতৰত প্রতিজন ঠিকাদাৰক ঠিকাৰ বিপৰীতে আৱণ্টিত ধনৰ সম্পূৰ্ণ অংশ মুকলি কৰি দিয়া হৈছিল ।

কিন্তু আশ্বৰ্যজনকভাৱে তিনিশ কৌটিৰো অধিক টকা ঠিকাদাৰৰ জেপত যি সময়ত সুমুৱাই দিয়া হৈছিল সেই সময়ত এই পিচপৰা জাতিৰ কল্যাণৰ নিমিত্তে আহ্বান কৰা উক্ত নিবিদাবোৰৰ বিপৰীতে এপদো সামগ্রী ঠিকাদাৰসকলে যোগানেই ধৰা নাছিল । সামগ্রী যোগান নধৰাকৈয়ে প্রতিজন ঠিকাদাৰ বা ফার্মক সম্পূৰ্ণ ধন আদায় দিছিল য’ত এনেকুৱা প্রতিস্থানো আছে যি একেবাৰেই এটকাৰো সামগ্রী যোগান নধৰাকৈ অকলেই সত্তৰ-আশী কোটি টকা পৰ্যন্ত আদায় পাইছে বুলি সংবাদমেলত সংগঠনটোৱে অভিযোগ তোলে ৷

লগতে পঢ়ক : দুলীয়াজান অধিৱেশনে ৰাইজলৈ আশাৰ বতৰা কঢ়িয়াব: লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.