ETV Bharat / state

উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ ৰূপান্তৰিত হ'ব ৰাজ্যৰ সকলো উচ্চ মাধ্যমিক বিদ্যালয়! - উচ্চতৰ মাধ্যমিক বিদ্যালয়

উচ্চতৰ মাধ্যমিকলৈ ৰূপান্তৰিত হ'ব ৰাজ্যৰ সকলো উচ্চ মাধ্যমিক বিদ্যালয় । ষষ্ঠ, সপ্তম আৰু নৱম শ্ৰেণী এম. ই শাখাৰ বিদ্যালয়ত অন্তৰ্ভুক্ত হ'ব । হাইস্কুল শাখাত থাকিব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী ।

হিমন্ত বিশ্ব শৰ্মা
উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ ৰূপান্তৰিত হ'ব ৰাজ্যৰ সকলো উচ্চ মাধ্যমিক বিদ্যালয়!
author img

By

Published : Sep 2, 2020, 3:23 PM IST

গুৱাহাটী,২ ছেপ্টেম্বৰঃ অসম বিধানসভাত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ কৰ্তন প্ৰস্তাৱত আলোচনাত নিজৰ ব্যাখ্যা আগবঢ়াই ঘোষণা কৰে যে, ৰাজ্যৰ সকলো উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ ৰূপান্তৰিত কৰা হ'ব । ৰাজ্যত নতুন শিক্ষানীতি প্ৰযোজ্য হোৱাৰ পিছত কিছু সাল-সলনি কৰা হ'ব । উচ্চতৰ মাধ্যমিক বিদ্যালয় পাঠদান কৰা হ'ব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক । প্ৰাক-প্ৰাথমিক বিদ্যালয়সমূহত নাৰ্ছাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈকে অন্তৰ্ভুক্ত কৰাৰ লগতে ষষ্ঠ, সপ্তম আৰু নৱম শ্ৰেণী এম. ই শাখাৰ বিদ্যালয়ত অন্তৰ্ভুক্ত হ'ব । নতুন শিক্ষানীতি কাৰ্যকৰী হ'লেই ৰাজ্যৰ শিক্ষাব্যৱস্থাত এই পৰিৱৰ্তন আহিব ।

আনহাতে প্ৰতিটো উন্নয়ন খণ্ডৰ অধীনত একোখনকৈ মহাবিদ্যালয় স্থাপন কৰা হ'ব বুলিও ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে । নতুন শিক্ষানীতি সন্দৰ্ভত পৰামৰ্শ আগবঢ়াবলৈ গঠন কৰা টাস্ক ফ'ৰ্চে অহা ডিচেম্বৰ মাহত নিজৰ মতামত প্ৰকাশ কৰিব । স্থাপনৰ সময়ৰ ওপৰত ভিত্তি কৰি নহয়, প্ৰয়োজন সাপেক্ষেহে শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰা হ'ব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.