ETV Bharat / state

মূল্য বৃদ্ধিৰ বিৰুদ্ধে 4 ছেপ্টেম্বৰত ৰামলীলা মৈদানত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী - ৰামলীলা মৈদানত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

মহিলা কংগ্ৰেছৰ সৰ্বভাৰতীয় সভানেত্ৰী নেট্টা ডি ছুজাৰ(Netta D Souza)ৰাজীৱ ভৱনত সংবাদমেল । সংবাদমেলত তেওঁ কয় যে মোডী চৰকাৰৰ নীতিহীন আঁচনিৰ বাবেই আজি দেশত ভয়াবহ নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে । ইপিনে, অহা ৪ ছেপ্টেম্বৰত দিল্লীৰ ৰামলীলা মৈদানত মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভতো তেওঁ বাখ্য়া কৰে ।

All India women Congress President Netta D Souza
মূল্য বৃদ্ধিৰ বিৰুদ্ধে মহিলা কংগ্ৰেছৰ সভানেত্ৰী
author img

By

Published : Aug 30, 2022, 3:07 PM IST

গুৱাহাটী, ৩০ আগষ্ট: মহিলা কংগ্ৰেছৰ সৰ্বভাৰতীয় সভানেত্ৰী নেট্টা ডি'ছুজাই(All India women Congress President Netta D Souza)সোমবাৰে ৰাজীৱ ভৱনত এখন সংবাদমেলত অহা ৪ ছেপ্টেম্বৰত দিল্লীৰ ৰামলীলা মৈদানত 'মূল্য বৃদ্ধিৰ বিৰুদ্ধে হাল্লা ব'ল:চ'লো দিল্লী' প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত বাখ্য়া কৰে(Press meet of All India Women Congress)। তেওঁ কয় যে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বানত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।

সংবাদমেলত বিজেপিৰ পদ্ম ভৱন সন্দৰ্ভত মন্তব্য় কৰি মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে কয় যে মূল্য বৃদ্ধিয়ে জুৰুলা কৰাৰ সময়ত বিজেপিৰ এই বৃহৎ অট্টালিকা নিৰ্মাণ আচৰিত বিষয় । তেওঁ পুনৰ কয় যে মূল্যবৃদ্ধিৰ লগতে নিবনুৱা সমস্যাৰ পৰা দেশবাসীক পৰিত্ৰাণ দিয়াৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহিছিল মোডী চৰকাৰ ।

মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে পুনৰ কয় যে ভাৰতৰ জনসাধাৰণক মুদ্ৰাস্ফীতি(Inflation in India)আৰু নিবনুৱা সমস্যাৰ পৰা মুক্ত ভৱিষ্যতৰ সপোন দেখুওৱা মো়ডী চৰকাৰে শাসনভাৰ লৈয়েই সকলো পাহৰিলে । ৪৫ বছৰৰ ভিতৰত সৰ্বাধিক নিবনুৱাই দেশবাসীক আতংকিত কৰিছে । সাধাৰণ জনতাৰ প্রতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে । গেছ ছিলিণ্ডাৰৰ(Price hike of gas cylinder) মূল্যবৃদ্ধিয়েও সকলোকে ব্যতিব্যস্ত কৰি তুলিছে । মোডী চৰকাৰৰ নীতিহীন আঁচনিৰ বাবেই আজি দেশত ভয়াবহ নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে ।

বিজেপি চৰকাৰে কেৱল পুঁজিপতি সকলক সুখী কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে ২০১৪ চনত ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য আছিল ৪১০ টকা । এই মূল্য ২০২২ হৈছেগৈ ১,০৫৩ ৰ পৰা ১,২৪০ টকা । আনহাতে, পেট্ৰ'ল প্ৰতি লিটাৰত ৭১ টকাৰ পৰা ৯৫-১০০ টকা, ডিজেল ৫৭ পৰা ৯০-১০০ টকালৈ বৃদ্ধি পাইছে । তদুপৰি মিঠাতেল ৯০ ৰ পৰা ২০০ টকাকৈ প্ৰতি লিটাৰত বৃদ্ধি পাইছে । ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱাত লাখ লাখ গ্ৰাহকে খালী চিলিণ্ডাৰ পূৰ্ণ কৰি লোৱাৰ সামৰ্থ হেৰোৱাই পেলাইছে বুলিও মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে কয় । আনহাতে, খাৰুৱা তেল আৰু এল পি জিৰ আন্তঃৰাষ্ট্ৰীয় মূল্য হ্ৰাস পাইছে যদিও ইয়াৰ সুবিধা গ্ৰাহকে লাভ কৰা নাই বুলি তেওঁ কয় ।

ইপিনে, অসমৰ শেহতীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি সন্দৰ্ভতো মন্তব্য তেওঁ কৰে । মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে পৰীক্ষাৰ মাচুল লোৱাক লৈ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক(Chief Minister Dr Himanta Biswa Sarma)সমালোচনা কৰে । কংগ্ৰেছৰ সমালোচনাৰ পাছত মাচুল ঘূৰাই দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে ডি'ছুজাই । তেওঁ পুনৰ কয় যে বিজেপিৰ ভুল নীতিৰ বিৰুদ্ধে সদায় মাত মাতি যাব কংগ্ৰেছে ।

লগতে পঢ়ক:ভাৰতৰ ৰাজধানী পাঁচটা স্থানত হোৱাটো বিচাৰে হিমন্ত বিশ্ব শৰ্মাই

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.