গুৱাহাটী, ১৭ জানুৱাৰী: আজি শিল্পী দিৱস ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 72 সংখ্যক মৃত্যু তিথি (Jyotiprashad Agarwala death anniversary) ৷ শিল্পী দিৱসৰ পবিত্ৰ দিনটোত সকলোৱে শ্ৰদ্ধাৰে সুঁৱৰিছে সুন্দৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক (Assam remembered Jyotiprashad Agarwala)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰো বহুকেইটা স্থানত বিভিন্ন অনুষ্ঠান, দল-সংগঠনে শিল্পী দিৱসৰ দিনটোত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক শ্ৰদ্ধাৰে সুঁৱৰিছে ।
সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগতো গুৱাহাটীৰ উজানবজাৰস্থিত শ্বহীদ ন্যাসত দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস পালন কৰা হয় (Guwahati AASU observed Shilpi Divas) । শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন আৰু তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক, সংগীতজ্ঞ তথা বিশিষ্ট চিকিৎসক ডাঃ অঞ্জন জ্যোতি চৌধুৰী (Dr Anjan jyoti Choudhury lecture)। অনুষ্ঠানত ৰূপকোঁৱৰৰ অমৰ সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰি সংস্কৃতি শুদ্ধ ভাষাত, শুদ্ধ স্বৰত, শুদ্ধভাৱে শিকি লৈ বাহিৰলৈ লৈ যাবলৈ নতুন প্ৰজন্মক আহ্বান জনায় ডাঃ চৌধুৰীয়ে ।
তেওঁ আৰু কয়, ‘‘নতুন প্ৰজন্মই জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাৰ সপোন বাস্তৱায়িত কৰক । শিল্পীসকল খেতিয়ক শিল্পী হ’লে ভাল । আজিৰ এই অনুষ্ঠানটোলৈ আহি অভিভূত হৈছোঁ । আছুৱে যোগ্যজনক যোগ্য সন্মান দিয়াৰ প্ৰয়াস কৰি আহিছে । আছুৱে শিল্পী দিৱসত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাক শ্ৰদ্ধাৰে সুঁৱৰি নৱপ্ৰজন্মক জানিবৰ সুযোগ দিছে সেইটো ডাঙৰ কথা’’ ।
এই অনুষ্ঠানত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইন, সাধাৰণ সম্পাদক প্ৰাঞ্জল ডেকা, উপদেষ্টা অলকেশ নাথকে প্ৰমুখ্য কৰি আছুৰ কেইবাগৰাকীও নেতা, একাংশ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে (AASU central Shilpi Divas in Golaghat) । আছুৱে এইবছৰ গোলাঘাটত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস অনুষ্ঠিত কৰিলেও কিন্তু জিলাই জিলাই আঞ্চলিক সমূহেও শিল্পী দিৱস পালনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷
গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আছুৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে কেন্দ্ৰীয় শিল্পী দিৱস । তদুপলক্ষে সমন্বয় ক্ষেত্ৰত উপস্থিত হৈছেগৈ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ । পুৱা শিল্পী দিৱসৰ পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই । শ্বহীদ তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰ জ্যোতি বৰুৱাই । জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই (Shilpi Divas observed in Assam) ।
এই অনুষ্ঠানতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কেন্দ্ৰীয় চৰকাৰলৈ জনালে বিশেষ আহ্বান ৷ যিদৰে দাদাচাহেব ফাল্কে বঁটাৰ দ্বাৰা সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি সকলক সন্মানিত কৰা হয়, ঠিক একেদৰে প্ৰথম অসমীয়া বোলছবিৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাকো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰে বিভূষিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় সমুজ্জ্বল ভট্টাচাৰ্যই ।