ETV Bharat / state

মহানগৰীত বাতিল ঈদৰ সকলো কাৰ্যসূচী

author img

By

Published : May 24, 2020, 8:11 PM IST

দেশৰ ভিন্ন প্ৰান্তত মহামাৰী কৰ'ণা আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত ঈদৰ সকলো কাৰ্যসূচী বাতিল কৰিছে ঈদগাহ তথা মছজিদ কমিটীসমূহে । মহানগৰীৰ গাড়ীগাঁও ঈদগাহ ময়দানত এইবাৰ নহয় ঈদৰ কোনো কাৰ্যসূচী । কৰ'ণাৰ ভয়াৱহতাৰ বাবেই বাতিল কৰা হৈছে সকলো কাৰ্যসূচী ।

COVID-19
COVID-19: মহানগৰীত বাতিল ঈদৰ সকলো কাৰ্যসূচী

গুৱাহাটী, ২৪ মে': ২৫ মে' অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল-ফিটৰ । এমহীয়া কঠোৰ ত্যাগ আৰু সংযমৰ পিছত পালন কৰা হয় এই ঈদ । এই পৱিত্ৰ দিনটোত সকলো ইছলাম ধৰ্মাৱলম্বী লোকে একত্ৰিত হৈ সমূহীয়াকৈ নামাজ পঢ়ি বিশ্বশান্তিৰ হকে দোৱা কৰে । কিন্তু এইবাৰ পূৰ্বৰ দৰে উদযাপিত নহয় ঈদ । মহামাৰী কৰ'ণা আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত ঈদৰ সকলো কাৰ্যসূচী বাতিল কৰিছে ঈদগাহ তথা মছজিদ কমিটীসমূহে ।

একেই সিদ্ধান্ত মহানগৰীৰ ঈদগাহ তথা মছজিদ কমিটীসমূহৰ । মহানগৰীৰ ঐতিহ্যমণ্ডিত গাড়ীগাঁও ঈদগাহ ময়দানত এইবাৰ নহয় ঈদৰ কোনো কাৰ্যসূচী । কৰ'ণাৰ ভয়াৱহতাৰ বাবেই বাতিল কৰা হৈছে সকলো কাৰ্যসূচী । ইয়াৰ পৰিৱৰ্তে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক ঘৰতে নামাজ পঢ়িবলৈ আহ্বান জনাইছে গাড়ীগাঁও ঈদগাহ ময়দান কমিটীয়ে । লগতে নামাজ অন্তত বিশ্ব তথা অসমৰ পৰা যাতে কৰ'ণা ভাইৰাছ নাশ হয় তাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিবলৈ আহ্বান জনাই গাড়ীগাঁও ঈদগাহ কমিটিৰ সভাপতি আলতাফ হুছেইনে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.