গুৱাহাটী,২ ফেব্ৰুৱাৰী : ৰাজ্যৰ জনজাতি স্বায়ত্ব শাসনসমূহক চৰকাৰে এমাহৰ ভিতৰত সাংবিধানিক মৰ্যদা প্ৰদান কৰিব । ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে । বুধবাৰে এখন সংবাদমেল যোগে এই কথা সদৰি কৰে সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান তথা জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী কমিটিৰ মুখ্য সমন্বয়ক আদিত্য খাখলাৰীয়ে । গুৱাহাটীৰ জনজাতি জিৰণি চ'ৰাত আয়োজন কৰা সংবাদমেল খনত সমন্বয়ৰক্ষী কমিটীৰ হৈ খাখলাৰীয়ে কয় যে জনজাতি সকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত সভাত ১১ টা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ।
সেই প্ৰস্তাৱ সন্দৰ্ভত বুধবাৰে পুৱাৰ ভাগত কমিটীৰ এটা প্ৰতিনিধি দলে দিছপুৰত ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয় (AATS meets minister Ranoj Pegu)। আলোচনাত মন্ত্রীয়ে তেওঁলোকে দিয়া প্ৰস্তাৱসমূহৰ ক্ষেত্রত সঁহাৰি জনোৱা বুলি খাখলাৰীয়ে সদৰি কৰে । খাখলাৰীয়ে কয় যে নগাঁও জিলাৰ বেলগুৰিত লীলাৱতী দৈমাৰী ষ্টেডিয়াম নির্মাণৰ বাবে পূৰ্বৰ চৰকাৰে দিয়া ১৭৮ বিঘা মাটি বৰ্তমান ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ কবলত আছে ।
এই বেদখল শীঘ্ৰে উচ্ছেদ কৰি ষ্টেডিয়ামখন পুনৰ নিৰ্মাণ কৰি নগাঁও তথা ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলৰ সুপ্ত ক্রীড়া প্রতিভাক প্রতিষ্ঠা কৰিবলৈ ৰাজ্য চৰকাৰক সজোৰে দাবী উত্থাপন কৰা হয় । এই বিষয় সন্দৰ্ভত ১৭৮ বিঘা মাটিত শীঘ্ৰে উচ্ছেদ অভিযান চলাই ষ্টেডিয়াম নির্মাণৰ কাম হাতত ল'ব বুলিও ভৈয়াম জনজাতি পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়া বুলি তেওঁ কয় । খাখলাৰীয়ে লগতে কয় যে ট্রাইবেল বেল্ট-ব্লকৰ ভূমিত ক'ত ক'ত অবৈধ ভাবে বেদখল হৈছে, বন অধিকাৰ আইন অনুযায়ী কোন বোৰ ঠাইৰ জনজাতি বনবাসীয়ে ভূমিস্বত্ব পোৱা নাই, মিশ্বন বসুন্ধৰাৰ জৰিয়তে জনজাতি সকলে ভূমিৰ পট্টা পোৱাত অসুবিধাৰ সন্মুখীন হৈছে নেকি ইত্যাদি বিষয়বোৰ অধ্যয়ন কৰিবলৈ সমন্বয়ৰক্ষী কমিটীৰ নেতৃবৃন্দ চাৰি ভাগত বিভক্ত হৈ ৫ ফেব্ৰুৱাৰীৰ পৰা সমগ্র অসম পৰিভ্ৰমণ কৰিব ।
আনহাতে সদৌ অসম ট্রাইবেল সংঘক অনুসূচিত জনজাতিৰ প্রমানপত্র প্রদানৰ ক্ষেত্ৰত চিনাক্তকৰণৰ কৰ্তৃত্ব প্রদান কৰাৰ লগতে ভৈয়ামত বসবাস কৰা অনুসূচিত জনজাতি হিচাপে স্বীকৃতি নোহোৱা কাৰ্বি, মান টাই-ভাষী, নাগা, কুকী আৰু পার্বত্য অঞ্চলত বসবাস কৰা বড়ো, ৰাভা, মেচ সকলক অর্থনৈতিক, শৈক্ষিক, নিয়োগৰ সুবিধা দিবলৈ জাতীয় প্রমানপত্র প্রদান কৰিবৰ বাবে কেবিনেট সিদ্ধান্ত গ্রহণ কৰাৰ প্ৰস্তাৱৰ ক্ষেত্রতো মন্ত্রীৰ লগত তেওঁলোকে আলোচনা কৰে ।
তেওঁ কয় যে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত বিভিন্ন কেডাৰত বেকলগ হিচাপে থকা অনুসূচিত জনজাতিৰ ১২,১৫৫ টা পদ পূৰণ কৰা, টিপ ট্রাইবেল স্বায়ত্ব পৰিষদ আৰু মেছ, হাজং, গাৰো, শৰণীয়া, মদাহিসকলক স্বায়ত্ব শাসন প্ৰদান কৰা আদি দাবী উত্থাপন কৰা হয় । তেওঁ কয় যে ৰাজ্য চৰকাৰে জনজাতি সকলৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্রত ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িছে । সংবাদমেলত কেইবাটাও জনজাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে ।
লগতে পঢ়ক :গুৱাহাটীৰ জু-ৰোডত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত দুৰ্গন্ধময় খাদ্য যোগান