গুৱাহাটী, ১০ জুন: চলিত বৰ্ষৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত শিল্পী বঁটা প্ৰদান কৰা হ'ব ৷ এই বিষয়ে সদৰী কৰিছে সদৌ অসম সত্ৰ মহাসভাই ( Press Meet of All Assam Satra Mahasabha)। শনিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সদৌ অসম সত্ৰ মহাসভাই আয়োজন কৰা এক সংবাদমেলত ৰাষ্ট্ৰীয় পৰ্যায়ত শিল্পী বঁটা প্ৰদান কৰাৰ বিষয়ে ঘোষণাা কৰা হৈছে । সংবাদমেল সম্বোধন কৰে সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি হৰিদেৱ গোস্বামী, প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামী, সাধাৰণ সম্পাদক ড৹ অমিয়া পাটৰৰ লগতে বহুকেইগৰাকী ভকত বৈষ্ণৱে (All Assam Satra Mahasabha announces Award)।
প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামীয়ে কয় যে নগাঁও জিলাৰ পুৰণিগুদাম চলচলিৰ শ্ৰী শ্ৰী জগৰাল সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ,সত্ৰীয় সংস্কৃতিৰ সাধক প্ৰয়াত নৰেন্দ্ৰ নাথ গোস্বামী আৰু সহধৰ্মিনী বিনু গোস্বামীৰ সোঁৱৰণত প্ৰদান কৰা হ'ব এই বঁটা। দৰং জিলা মঙলদৈৰ সত্ৰীয়া শিল্পী কুশল কুমাৰ ডেকাক প্ৰদান কৰা হ'ব ২২-২৩ বৰ্ষৰ এই বঁটা । লগতে শিৱসাগৰৰ কাৱৈমাৰী সত্ৰৰ সত্ৰীয়া শিল্পী ৰুবুল মহন্তক প্ৰদান কৰা হ'ব ২৩-২৪ বৰ্ষৰ এই বঁটা । অহা ৯ জুলাইত শ্ৰীমন্ত কলাক্ষেত্ৰৰ বানীকান্ত কাকতি প্ৰেক্ষাগৃহত ভাৰতৰ ভক্তি আন্দোলন আৰু বৈষ্ণববাদ ওপৰত এখনি আলোচনা চক্ৰৰো আয়োজন কৰা বুলি সংবাদমেলত সদৰী কৰে । এই আলোচনা চক্ৰত বৃক্তৃতা আগবঢ়াব দিগন্ত বিশ্ব শৰ্মাই ।
সংবাদমেলত সভাপতি হৰিদেৱ গোস্বামীয়ে কয়,"সদৌ অসম সত্ৰ সহাসভা অসমৰ প্ৰায় ১২শ খন সত্ৰৰ উমৈহতীয়া মঞ্চ ৷ অসম সত্ৰ মহাসভা বুলি আৰু এটা সংগঠন আছে । সেই সংগঠনটোৰ প্ৰধান সম্পাদক কুসুম মহন্তই সময়ে সময়ে ভিত্তিহীন কথা কৈ আইনৰ ভয় দেখুৱাই আমাক হেয় প্ৰতিপন্ন কৰিবলৈ বিচাৰে। সেয়েহে অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তক সকীয়াই দিছো ৷ " আইনৰ ভয় দেখুৱাই সম্পাদক কুসুম কুমাৰ মহন্তই ভিত্তিহীন কথা ক'বলৈ ক'ত সাহস পালে বুলিও প্ৰশ্ন উত্থাপন কৰে সভাপতি হৰিদেৱ গোস্বামীয়ে । পিছলৈ এনে ভিত্তীহীন মন্তব্য দিলে কঠোৰ ব্যৱস্থা গ্ৰহন কৰা হ'ব বুলি সভাপতিগৰাকীয়ে সকীয়াই দিয়ে ।
শিয়ালৰ হোৱালৈ সদৌ অসম সত্ৰ মহাসভাই কেৰেপ নকৰে বুলি উল্লেখ কৰি সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি হৰিদেৱ গোস্বামীয়ে কয়,"এজন ব্যক্তিয়ে সত্ৰক অনুদান দিব বুলি ধন লৈছে ৷ অসমৰ সত্ৰ,নামঘৰক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম দৰ্শন আঁচনিৰ জৰিয়তে অনুদান দি আছে ৷ সেয়েহে সকলোৱে চৰকাৰৰ লগত যোগাযোগ কৰক ৷" তেওঁ লগতে অনুদানৰ বাবে প্ৰৱঞ্চনা কৰা সংগঠনৰ বিৰুদ্ধেও আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাই ।
লগতে পঢ়ক:Drug addicts detained: ৰঙিয়াত ড্ৰাগছ সেৱন কৰি ৩ যুৱক পৰিল ৰাইজৰ ৰোষত