ETV Bharat / state

চৰকাৰে শিক্ষাৰ্থীসকলৰ ঘৰভাড়া ৰেহাই দিয়ক : সদৌ অসম আইন ছাত্ৰ সন্থা

author img

By

Published : Apr 24, 2020, 12:00 PM IST

গুৱাহাটী মহানগৰীৰ ভাড়া ঘৰত থাকি অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ ঘৰ ভাড়া ৰেহাই দিয়াৰ আহ্বান সদৌ অসম আইন ছাত্ৰ সন্থাৰ ৷ ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে দিল্লী চৰকাৰৰ অনুৰূপ মৰ্মে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনায় সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মৃন্ময় কলিতাই ৷

চৰকাৰে শিক্ষাৰ্থীসকলৰ ঘৰভাড়া ৰেহাই দিয়ক : সদৌ অসম আইন ছাত্ৰ সন্থা
চৰকাৰে শিক্ষাৰ্থীসকলৰ ঘৰভাড়া ৰেহাই দিয়ক : সদৌ অসম আইন ছাত্ৰ সন্থা

গুৱাহাটী, 24 এপ্ৰিল : শেহতীয়া পৰিস্থিতিৰ বাবে গুৱাহাটী মহানগৰীত ভাড়াঘৰত থাকি অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ ঘৰ ভাড়া প্ৰদানৰ ক্ষেত্ৰত সন্মুখীন হৈছে সমস্যাৰ। সেয়েহে সদৌ অসম আইন ছাত্ৰ সন্থাই ভাড়াঘৰত থাকি অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ ঘৰৰ ভাড়া ৰেহাই দিবলৈ চৰকাৰক অনুৰোধ জনায় ।

সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মৃন্ময় কলিতাই ৰাজ্য চৰকাৰক অনুৰোধ জনায় যে,চৰকাৰে যাতে শিক্ষাৰ্থীসকলৰ ঘৰ ভাড়া ৰেহাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। ইতিমধ্যে দিল্লী চৰকাৰে দিল্লীত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ ঘৰ ভাড়া ৰেহাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । অসম চৰকাৰেও দিল্লী চৰকাৰৰ অনুৰূপ ধৰণে এই পদক্ষেপ গ্ৰহণ কৰি সংকটৰ সময়ত শিক্ষাৰ্থীসকলক সকাহ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে মৃন্ময় কলিতাই ।

ইয়াৰ সমান্তৰালভাৱে চৰকাৰে পাঠ্যপুথিসমূহৰ বিপণী খোলাৰ ব্যৱস্থা গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাই মৃন্ময় কলিতাই কয় যে,পাঠ্যপুথিসমূহৰ বিপণী খোলা হৈছে যদিও লক ডাউনৰ ফলত ছাত্র-ছাত্ৰীসকলে বাহিৰলৈ ওলাই গৈ পাঠ্যপুথি ক্ৰয় কৰাত অসুবিধাৰ সন্মুখীন হৈছে ৷ গতিকে চৰকাৰে ঘৰতে ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথি যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

লগতে পঢ়ক : লক ডাউনে কেনেদৰে বিধ্বস্ত কৰিলে অসমৰ ব্যৱসায়িক খণ্ড: ই টিভি ভাৰত বিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.