ETV Bharat / state

কৰ'ণাৰে যুঁজিবলৈ ৰাজ্যিক কৰ্মচাৰীয়ে চৰকাৰক দিব দৰমহাৰ অংশ

author img

By

Published : Mar 27, 2020, 11:27 PM IST

সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই ঘোষণা কৰা অনুসৰি মাৰ্চ মাহৰ দৰমহাৰ পৰা সকলো ৰাজ্যিক কৰ্মচাৰীয়ে ১০ৰ পৰা ২০ শতাংশ চৰকাৰলৈ আগবঢ়াব ৷

কৰ্মচাৰীয়ে চৰকাৰক দিব দৰমহাৰ অংশ
কৰ্মচাৰীয়ে চৰকাৰক দিব দৰমহাৰ অংশ

গুৱাহাটী, ২৭ মাৰ্চঃ সমগ্ৰ মানৱ সমাজৰ প্ৰতি আহি পৰা ভাবুকিক প্ৰতিহত কৰাৰ লক্ষ্যৰে অসম চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াবলৈ আগুৱাই আহিছে ৰাজ্যৰ কৰ্মচাৰী সমাজ । আজি স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰে হোৱা এক বৈঠকৰ অন্তত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই ঘোষণা কৰে যে, মাৰ্চ মাহৰ দৰমহাৰ পৰা সকলো ৰাজ্যিক কৰ্মচাৰীয়ে ১০ৰ পৰা ২০ শতাংশ চৰকাৰলৈ আগবঢ়াব। পৰৱৰ্তী বিত্তীয় বৰ্ষত চৰকাৰে ৪.৫ শতাংশ সূতসহ এই ধন পুনৰ কৰ্মচাৰী সকলক ওভতাই দিব ।

কৰ'ণাৰে যুঁজিবলৈ ৰাজ্যিক কৰ্মচাৰীয়ে চৰকাৰক দিব দৰমহাৰ অংশ

আনহাতে,সকলো ৰাজ্যিক কৰ্মচাৰীয়ে এদিনৰ দৰমহাও চৰকাৰলৈ আগবঢ়াব । অৱশ্যে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলক ৰেহাই দিয়া হৈছে,যিহেতু তেওঁলোকে এই সংকটকালত অহৰ্নিশে সেৱা আগবঢ়াই আছে। কৰ্মচাৰীৰ এদিনৰ দৰমহাৰ পৰা সংগ্ৰহ হ'ব প্ৰায় ৮০ কোটি টকা। সেই ধনেৰে চৰকাৰে নতুন দুখন হাস্পতাল নিৰ্মাণ কৰিব। একেদৰে, সদৌ অসম কৰ্মচাৰী পৰিষদে নিজা পুঁজিৰ পৰা ইতিমধ্যে চৰকাৰৰ আৰোগ্য নিধিলৈ ৫০ হাজাৰ টকা আগবঢ়াইছে।

লগতে পঢ়কঃ আৰোগ্য নিধিলৈ এক লাখ টকা প্ৰদান জখলাবন্ধা এফআৰইউৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.