ETV Bharat / state

Protest in Guwahati:ই-ৰিক্সা চালকক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত গুৱাহাটীত উত্তাল প্ৰতিবাদ - All Assam E rickshaw driver Union

দৈনিক ৰাজ্যত হাজাৰ হাজাৰ ই-ৰিক্সা বিক্ৰী হৈ আছে । ইয়াৰ পিচতো ই-ৰিক্সাৰ চলোৱাৰ ক্ষেত্ৰত আৰম্ভণিৰে পৰা চালকসকল নির্যাতিত হোৱাৰ অভিযোগ উঠিছে । ই-ৰিক্সা চালকক হাৰাশাস্তি বন্ধ কৰা আৰু কৰ্মস্থলীত নিৰাপত্তা প্ৰদানৰ দাবীত পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত সম্মূখত বিক্ষোভ (Office of Transport Commissioner) ।

All Assam E rickshaw driver Union
সদৌ অসম ই-ৰিক্সা চালক ইউনিয়ন
author img

By

Published : May 18, 2023, 2:36 PM IST

গুৱাহাটী, ১৮ মে': ই-ৰিক্সা চালকক হাৰাশাস্তি বন্ধ কৰা আৰু চালকসকলক কৰ্মস্থলীত নিৰাপত্তা প্ৰদান কৰাৰ দাবী সমৰ্থনত সদৌ অসম ই-ৰিক্সা চালক ইউনিয়নে বৃহস্পতিবাৰে গুৱাহাটীস্থিত অসম পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ৰ সম্মূখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (All Assam E rickshaw driver Union)। কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুনলৈ বিভিন্ন শ্লোগনেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

এই কাৰ্যসূচীত অংশ লৈ সদৌ অসম ই-ৰিক্সা চালক ইউনিয়নৰ নেতা বীৰেণ শৰ্মাই কয় যে আজি দীৰ্ঘদিন ধৰি ই-ৰিক্সা চালকসকলক অধিক হাৰত জৰিমনা আদায় কৰা আৰু জৰিমনা দিব নোৱাৰিলে গাড়ীবোৰ পৰিবহণ বিভাগতে পেলাই ৰখা পৰিলক্ষিত হৈছে (All Assam E rickshaw driver protest in Guwahati )। তেওঁ আৰু উল্লেখ কৰে যে যথেষ্ট কষ্টেৰে ক্ৰয় কৰা এই গাড়ীবোৰ বেছিদিন ব্য়ৱহাৰ নকৰাকৈ থাকিলে নষ্ট হৈ যোৱাৰ সম্ভাৱনাই বেছি । প্ৰদূষণমুক্ত ই-ৰিক্সাবোৰ চালকসকলে বেঙ্কৰ ঋণ, মাটি নতুবা বিভিন্ন সম্পদ বিক্রী কৰি ক্ৰয় কৰিছিল বা এতিয়াও ক্ৰয় কৰি আছে ।

তেওঁ পুনৰ কয় যে ই-ৰিক্সাবোৰ সম্পূৰ্ণভাৱে প্ৰদূষণমুক্ত আৰু জ্যেষ্ঠ নাগৰিক, মহিলা তথা ছাত্ৰ-ছাত্ৰীৰ বাবে অত্যন্ত জনপ্রিয় বাহন। এনে এখন ৰিক্সা নষ্ট হ'লে চালকসকলে বেলেগ এখন ই-ৰিক্সা ক্ৰয় কৰাৰ আৰ্থিক ক্ষমতা নাথাকে। আজি প্রায় সাত-আঠ বছৰ ধৰি চলি থকা এই ই-ৰিক্সাৰ পৰা আহৰণ কৰা ধনেৰে ৰিক্সাচালক সকলে প্রত্যেকেই নিজৰ নিজৰ পৰিয়ালৰ পোহপালৰ লগতে ল'ৰা-ছোৱালীৰ শিক্ষা প্ৰদান কৰি আহিছে । বহুতে চাকৰিৰ আশা বাদ দি ই-ৰিক্সাখনকে জীৱনৰ একমাত্র কর্মসংস্থান হিচাপে লৈ পৰিয়াল চলাই আহিছে ।

তেওঁ লগতে কয় যে বহু চালকৰ ই-ৰিক্সাখন ক্ৰয়ৰ লগত এটা স্পর্শকাতৰ ইতিহাস আছে । গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যখনত হাজাৰ হাজাৰ ই-ৰিক্সা বিক্ৰী হৈ আছে । তেওঁ অভিযোগ কৰি কয় যে এই ই-ৰিক্সাৰ বেচা-কিনাৰ ক্ষেত্ৰত একেবাৰে আৰম্ভণিৰে পৰা চালকসকল নির্যাতিত হৈ আহিছে । সংশ্লিষ্ট বিভাগে ই-ৰিক্সাসমূহ বিক্ৰী অথবা ক্ৰয় কৰাৰ ক্ষেত্ৰত কোনো বাধা আৰোপ কৰা নাই । মাথোঁ বহু কষ্টেৰে ক্ৰয় কৰা এই বাহনখন চলাবৰ সময়তহে বিভাগৰ নানা ধৰণৰ নিয়ম-কানুনৰ দ্বাৰা বাধা আৰোপ কৰি আহিছে । চৰকাৰ অথবা বিভাগীয় কৰ্তৃপক্ষই সঠিকভাৱে বাহনখন চলাচলৰ নিয়ম-নীতিৰ ক্ষেত্ৰত স্বচ্ছতা প্ৰদৰ্শন কৰি ৰাইজক অৱগত কৰিব পৰা নাই । কম দূৰত্বৰ যাত্ৰী চলাচল কৰাৰ ক্ষেত্ৰত অন্য বাহনৰ সুবিধা নথকাত ই-ৰিক্সাই ৰাইজক অনা-নিয়া কৰি এটা গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে । এনে ক্ষেত্ৰত ই-ৰিক্সা চালকসকলক বিভিন্ন সুবিধা প্ৰদানৰ বিপৰীতে আৰম্ভণিৰে পৰা কেৱল নিৰ্যাতনহে কৰি আহিছে ।

এই কাৰ্যসূচীৰ শেষত সদৌ অসম ই-ৰিক্সা চালক ইউনিয়নৰ তৰফৰ পৰা গুৱাহাটী মহানগৰকে ধৰি অন্যান্য চহৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত ই-ৰিক্সাৰ চলাচলৰ ক্ষেত্ৰত থকা বাধা আঁতৰ কৰা, মটৰ শ্ৰমিকৰ কল্যাণ আঁচনি শীঘ্ৰে কাৰ্যকৰী কৰা, প্ৰদূষণমুক্ত ই-ৰিক্সা চালকসকলক নিৰাপত্তা প্ৰদান কৰা আৰু ইতিমধ্যে আৱদ্ধ কৰি ৰখা বাহনসমূহ বিনাচৰ্তে অতি শীঘ্ৰে মুক্ত কৰাৰ দাবী সম্বলিত এখন স্মাৰকপত্ৰ অসমৰ পৰিবহণ আয়ুক্তৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:5th DC Conference:তিনিদিনীয়া পঞ্চম জিলা উপায়ুক্ত সন্মিলনৰ সফল সামৰণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.