ETV Bharat / state

Sarbananda Sonowal At GCDS: সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ চূড়ান্ত নাট্যশ্লাঘ্য অনুষ্ঠানত সৰ্বানন্দ সোণোৱাল

গুৱাহাটী শিশু নাট্য বিদ্যালয়ত ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে আয়োজন কৰা হয় সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ চূড়ান্ত নাট্যশ্লাঘ্য অনুষ্ঠান ৷ এই অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সৰ্বানন্দ সোণোৱাল ৷

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 4:35 PM IST

All Assam Children's Drama Competition held at Guwahati Children's Drama School
গুৱাহাটী শিশু নাট্য বিদ্যালয়ত সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ১৪ নবেম্বৰ: আজি শিশু দিৱস ৷ আজি দেশজুৰি উদযাপন কৰা হৈছে শিশু দিৱস ৷ ইফালে গুৱাহাটী শিশু নাট্য বিদ্যালয়ত ৰূপালী জয়ন্তী বৰ্ষ তথা শিশু দিৱস উপলক্ষে আয়োজন কৰা হয় সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ চূড়ান্ত নাট্যশ্লাঘ্য অনুষ্ঠান ৷ আজি এই অনুষ্ঠানটোৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ৷

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । শিশু দিৱসৰ শুভ দিনটোত শিশুসকলৰ এই অনুষ্ঠানটোত উপস্থিত থাকি আপ্লুত হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । লগতে তেওঁলোকৰ পিতৃ-মাতৃ তথা উপস্থিত নাট্যপ্ৰেমী ৰাইজক সম্বোধন কৰি শিশুসকলৰ প্ৰতিভা বিকাশৰ দিশত গ্ৰহণ কৰি অহা নিৰৱচ্ছিন্ন ভূমিকাৰ বাবে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ শলাগ লয় ৷ এনেধৰণৰ শিশু নাট প্ৰতিযোগিতাই কণমানিহতৰ মানসিক আৰু সাংস্কৃতিক উৎকৰ্ষ সাধনৰ লগতে এখন সুন্দৰ সমাজ গঢ়াত অৰিহণা যোগাব বুলি মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে ।

আনহাতে এই অনুষ্ঠানতে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ বাবে ৰাজ্য চৰকাৰৰ লগত কথা পাতি এটা ঘৰ নিৰ্মাণ কৰিবলৈ লগতে এটুকুৰা মাটি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । লগতে অনু্ষ্ঠানটোত শিশুসকলৰ পিতৃ-মাতৃৰ লগত চিনাকি হোৱাৰ লগতে শিশু সকলৰ লগত ভাবৰ আদান-প্ৰদান কৰে । শিশুসকল ভৱিষ্যতে জীৱন যুদ্ধত কিদৰে আগুৱাই যাব লাগে সেই ক্ষেত্ৰত কিছু সাৰুৱা ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

অনুষ্ঠানটিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ মুখ্য উপদেষ্টা দিলীপ বৰা, অন্যতম উপদেষ্টা বন্দিতা ফুকন, সভাপতি হৃষীকেশ গোস্বামী, উপ-সভাপতি ডাঃ হিতেশ বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক: 43 years of Sundaram: 18 নৱেম্বৰত জামুগুৰিহাটত প্ৰদৰ্শিত হ’ব ’মহাত্মাৰ আত্মা’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.