ETV Bharat / state

ডবল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছতো অসম পিছ পৰিল কিয় !

author img

By

Published : Mar 20, 2021, 5:26 PM IST

সম্প্ৰতি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে গুৱাহাটীত বাহৰ পাতি থকা অলকা লাম্বাৰ সৈতে হোৱা ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত অলকা লাম্বাই ক’লে- "২ মে'ত নিশ্চিতভাৱে অসমত পুনৰবাৰ কংগ্ৰেছৰ নেতৃত্বত এখন চৰকাৰ গঠন হ’ব । মুখ্যমন্ত্ৰী কোন হ’ব সেয়া বাচনি কৰিব নিৰ্বাচিত হৈ অহা বিধায়কসকলে ।

ডবল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছতো অসম পিছ পৰিল কিয়: ই টিভিৰে আছুতীয়া সাক্ষাৎকাৰত অলকা লাম্বা

গুৱাহাটী,২০ মাৰ্চ: অসমত কংগ্ৰেছে মুখ্যমন্ত্ৰী পদৰ বাবে কাকোৱেই প্ৰক্ষেপ নকৰিলে কিয় ? ৰাজ্যৰ নিৰ্বাচনী ৰাজনীতিয়ে ভৰপক হোৱাৰ সময়তে এয়া কংগ্ৰেছ দলৰ বাহিৰে-ভিতৰে চৰ্চিত হোৱা এক গুৰুত্বপূৰ্ণ প্ৰশ্ন । এই প্ৰশ্নৰ উত্তৰ কি হ’ব পাৰে সেয়া ইটিভি ভাৰতে জানিবলৈ চেষ্টা কৰিছিল কংগ্ৰেছ নেত্ৰী অলকা লাম্বাৰ পৰা ।

সম্প্ৰতি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে গুৱাহাটীত বাহৰ পাতি থকা অলকা লাম্বাৰ সৈতে হোৱা ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কলে - "২ মে'ত নিশ্চিতভাৱে অসমত পুনৰবাৰ কংগ্ৰেছৰ নেতৃত্বত এখন চৰকাৰ গঠন হ’ব । মুখ্যমন্ত্ৰী কোন হ’ব সেয়া বাচনি কৰিব নিৰ্বাচিত হৈ অহা বিধায়কসকলে । সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কংগ্ৰেছ দলে নিৰ্বাচিত কৰিব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী" ৷ একে সময়তে অলকা লাম্বাৰ প্ৰশ্ন-বিজেপিয়ে কিয় ঘোষণা কৰিব পৰা নাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ?

আছুতীয়া সাক্ষাৎকাৰটোত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে আৰু কয় যে, দিছপুৰ-দিল্লী উভয়তে কংগ্ৰেছৰ চৰকাৰ । ডবল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছতো যোৱা পাঁচটা বছৰে অসম পিছ পৰি থাকিল কিয় ? অসমৰ সৰ্বাংগীণ বিকাশ কিয় সম্ভৱ নহ'ল বুলিও তেওঁ প্ৰশ্ন তোলে । আৰু কি কি কলে অলকা লাম্বাই । চাওক এই বিশেষ সাক্ষাৎকাৰ ৷

লগতে পঢ়কঃ কংগ্ৰেছ ত্যাগ প্ৰাক্তন মন্ত্ৰী গৌতম বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.