গুৱাহাটী , 14 নৱেম্বৰ : খেল’ ইণ্ডিয়াত অসমৰ হৈ ৰূপৰ পদক অৰ্জন কৰিলে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ অক্ষয় বড়োয়ে । ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ১৭ অনুৰ্ধ্বৰ শাখাৰ ২০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত এই সফলতা খেলুৱৈগৰাকীৰ ।
পৰিয়াল তথা প্ৰশিক্ষকৰ সহায়ৰ বাবেই ৰূপৰ পদক আঁজুৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে উদীয়মান এথলীটগৰাকীয়ে ।
মধ্যবিত্ত পৰিয়ালৰ অক্ষয়ে অতি কষ্টৰে আগবাঢ়ি গৈছে নিজৰ সপোনৰ দিশে । অক্ষয় বড়োৰ খেতিয়ক পিতৃয়ে সকলো দিশৰ পৰা তেওঁক সহায় কৰি গৈছে । যাৰ বাবে এয়া সম্ভৱপৰ হৈ উঠা বুলিও ক'লে ৰূপৰ পদক বিজয়ী অক্ষয়ে ।
ইপিনে মাৰ্চ মাহত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰো প্ৰস্তুতি চলাই আছে বুলি জানিবলৈ দিয়ে অক্ষয় বড়োৱে ।
উল্লেখ্য যে, পঢ়া শুনাৰ লগতে খেলৰ প্ৰস্তুতি চলাই গৈছে এইগৰাকী যুৱ এথলীটে ।
আৰু পঢ়ক : গুৱাহাটীত বলীউড চুপাৰষ্টাৰ সুনীল চেট্টী