ETV Bharat / state

জনজাতিকৰণ বিচাৰি প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীলৈ তেজেৰে চিঠি লিখিব আক্ৰাছুৱে

কোচ ৰাজবংশী সকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত সোমবাৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে অহা অক্টোবৰ মাহৰ পৰা এই সন্দৰ্ভত জিলাই জিলাই নাগৰিক সভা, জোঁৰ সমদল, দেশৰ গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী আৰু মুখ্য মন্ত্ৰীলৈ তেজেৰে লিখি স্মাৰক পত্ৰ প্ৰেৰণ আদি কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি জানিবলৈ দিয়ে আক্ৰাছুৰ নেতৃত্বই ।

AKRASU Protest
জনজাতিকৰণ বিচাৰি প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীলৈ তেজেৰে চিঠি লিখিব আক্ৰাছুৱে
author img

By

Published : Sep 20, 2021, 8:43 PM IST

গুৱাহাটী, ২০ ছেপ্টেম্বৰ: পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু অসমৰ কোচ ৰাজবংশী সকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত সোমবাৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰে । তিনি ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে উত্থাপিত দাবী পূৰণ নকৰালৈকে অসমৰ কোচ ৰাজবংশী সকল শান্ত নহয় বুলি চৰকাৰক সকীয়াই দিয়ে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আক্ৰাছুৰ নেতৃত্বই কয়, অসমৰ কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, দক্ষিণ শালমাৰা, গোৱালপাৰা, বৰপেটা, বাক্সা, বজালী, নলবাৰী, কামৰূপ, ওদালগুৰী, দৰং, শোণিতপুৰ, বিশ্বনাথ, লক্ষীমপুৰ, মৰিগাঁও, নগাঁও আৰু পশ্চিমবংগৰ কোচ বিহাৰ, আলিপুৰ, জলপাইগুৰী, দাৰ্জিলিং, উত্তৰ দিনাজপু, দক্ষিণ দিনাজপুৰ তথা মালদা জিলাক সামৰি দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত সুকীয়া কমতাপুৰ ৰাজ্য গঠন কৰাৰ দাবী উত্থাপন কৰি অহা হৈছে । তাৰোপৰি অসমৰ কোচ ৰাজবংশী সকলকো অতি শীঘ্ৰে ভৈয়াম জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ বাবে চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰি অহাৰ পিছতো বিজেপি নেতৃত্বধীন চৰকাৰখনে বিষয়টো নিষ্পত্তি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ।

জনজাতিকৰণ বিচাৰি প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীলৈ তেজেৰে চিঠি লিখিব আক্ৰাছুৱে

তেওঁলোকে লগতে কয় যে, ১৯৯৬ চনত ভাৰতৰ ৰাষ্ট্ৰপতি স্বাক্ষৰিত অধ্যাদেশ যোগে ১৯৯৬ চনৰ ১৬ নবেম্বৰ তাৰিখে সংসদীয় বাছনি কমিটিয়ে বঙাইগাঁৱত জনজাতিকৰণৰ বাবে প্ৰয়োজনীয় চৰ্তৰ তথ্যপাতি সংগ্ৰহ কৰিছিল ৷ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ উপযুক্ত বুলি প্ৰতিবেদন দাখিল কৰিছিল সংসদীয় বাছনি কমিটিয়ে ৷

লগতে পঢ়ক: শিৱসাগৰ সমষ্টিৰ সামগ্ৰিক উন্নয়নক লৈ তৎপৰ অখিল গগৈ

ইয়াৰ উপৰিও ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত সেই সময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ তত্ত্বাৱধানত মহেশ কুমাৰ সিংলাৰ নেতৃত্বত জনজাতিকৰণৰ বিষয়টো সমাধানৰ বাবে এখন মডেলিটী কমিটিও গঠন কৰিছিল । মডেলিটী কমিটিয়েও ২০১৯ চনৰ ২৯ ডিচেম্বৰ তাৰিখে জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰি ইয়াৰ অনুমোদন জনায় ।

তাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটেও জনজাতিকৰণৰ ক্ষেত্ৰত এক স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ২০১৯ চনৰ ৯ জানুৱাৰী তাৰিখে সংসদৰ শীতকালীন অধিবেশনত ৰাজ্যসভাত জনজাতিকৰণৰ বিল উত্থাপন কৰে । কিন্তু দুখৰ কথা এইয়ে যে একমাত্ৰ চৰকাৰী ষড়যন্ত্ৰৰ বাবে জনজাতিকৰণৰ বিলৰ ওপৰত আলোচনা নোহোৱাত বিলখন ওলমি থাকে ।

চৰকাৰে জনজাতিকৰণৰ সমস্যাটো একমাত্ৰ নিৰ্বাচনী লাভালাভৰ বাবেই জীয়াই ৰখাৰ অভিযোগ উত্থাপন কৰে আক্ৰাছুৰ নেতৃবৃন্দই ৷ আক্ৰাছুৰ নেতৃত্বই কয়, কেৱল আঁভূৱা ভৰা নীতিৰে সেই সময়ৰ অসম চৰকাৰৰ বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপে লৈ এখন পাঁচ জনীয়া মন্ত্ৰীগোট গঠন কৰে । কিন্তু উক্ত কমিটীখনে ২০১৯ চনৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল যদিও, আজিৰ তাৰিখলৈ কমিটীখনে প্ৰতিবেদন দাখিল নকৰিলে ।

লগতে পঢ়ক: মুকলি আকাশৰ তললৈ লৈ অনা ব্যক্তি জনেই আজি বিৰোধী অখিলৰ

২০২০ চনৰ ছেপ্টেম্বৰ মাহত কোচ ৰাজবংশীৰ জাতীয় নেতৃত্বক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈ যায় ৷ সেই সভাখনতে তেতিয়াৰ মন্ত্ৰী গোটৰ অধ্যক্ষ তথা এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত বছৰৰ নৱেম্বৰ মাহৰ ৩০ তাৰিখে জনজাতিকৰণ সংক্ৰান্তীয় প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিব বুলি কথা দিছিল ।

কিন্তু ৰহস্যজনকভাৱে মুখ্যমন্ত্ৰী গৰাকীয়েও এই ক্ষেত্ৰত চৰম প্ৰতাৰণা কৰা বুলি আক্ৰাছুৱে অভিযোগ কৰে । আক্ৰাছুৰ নেতৃবৃন্দই লগতে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত কৈছিল যে, বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিলেই ছয় মাহৰ ভিতৰত কোচ ৰাজবংশী সকলক জনজাতিকৰণ কৰা হ'ব । অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কৈছিল য জনজাতিকৰণৰ কাম মাত্ৰ ১০% কাম বাকী আছে ৷

কিন্তু কোচ ৰাজবংশী সকলৰ পৃথক কমতাপুৰ ৰাজ্যৰ দাবী আৰু জনজাতিকৰণৰ সমস্যা, সমস্যা হৈ থাকিল বুলি ক্ষোভ প্ৰকাশ কৰে আক্ৰাছুৰ নেতৃবৃন্দই ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে অহা অক্টোবৰ মাহৰ পৰা এই সন্দৰ্ভত জিলাই জিলাই নাগৰিক সভা, জোঁৰ সমদল, দেশৰ গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী আৰু মুখ্য মন্ত্ৰীলৈ তেজেৰে লিখি স্মাৰক পত্ৰ প্ৰেৰণ আদি কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি জানিবলৈ দিয়ে আক্ৰাছুৰ নেতৃত্বই ।

লগতে পঢ়ক: নিশ্চিত হ’ল সুস্মিতা দেৱৰ ৰাজ্যসভালৈ যাত্ৰা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.